সাংসদ পুঁজিৰ ১.১৭ কোটি টকা ক’ভিড–১৯ যুঁজত বৰঙণি ছোনিয়া গান্ধীৰ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে তেওঁৰ ৰায়বেৰেলী লোকসভা সমষ্টিৰ সাংসদ পুঁজিৰ ১.১৭ কোটি টকা ক’ভিড–১৯ যুঁজৰ বাবে বৰঙণি আগবঢ়াইছে৷ সাংসদ ছোনিয়া গান্ধীয়ে এই ধনখিনি ৰায়বেৰেলী জিলা দণ্ডাধীক্ষক ক’ভিড–১৯ যুঁজত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে সাংসদগৰাকীয়ে তেওঁৰ এই ধনখিনি ক’ভিড–১৯ সম্পর্কীয় সামগ্রী ক্রয়ত ব্যৱহাৰ কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছে৷