নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রত কেন্দ্র স্থাপনৰ পৰিকল্পনা চীন–ৰাছিয়াৰ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ চন্দ্রত ষ্টেচন গঢ়াৰ প্রকল্পৰ বাবে আন্তর্জাতিক অংশীদাৰ বিচাৰি চীন আৰু ৰাছিয়াৰ মহাকাশ সংস্থাই আহ্বান জনাইছে৷ চীন ৰাষ্ট্রীয় মহাকাশ প্রশাসন (চি এন এছ এ) আৰু ৰ’ছ কছমছে যুটীয়াভাৱে বিবৃতিযোগে চন্দ্রত স্থাপন কৰিবলগীয়া কেন্দ্র প্রকল্পৰ বাবে আগ্রহী দেশ আন্তর্জাতিক সংগঠন আৰু অংশীদাৰ বিচাৰিছে৷ পূব চীনৰ গিয়াং শ্বু প্রদেশৰ নানজিঙত আন্তর্জাতিক চন্দ্র কেন্দ্রৰ কাৰণে চীন–ৰাছিয়াৰ এই আহ্বান তাৎপর্যপূর্ণ৷

চি এন এছ এৰ উপ–সঞ্চালক য়ু য়ানহুৱাই কয় যে আন আন্তর্জাতিক অংশীদাৰৰ সৈতে মিলিত হৈ চীন আৰু ৰাছিয়াই মহাকাশ কেন্দ্র স্থাপন কৰিব৷ চীন আৰু ৰাছিয়াৰ দ্বাৰা এই চন্দ্র কেন্দ্র ৰাষ্ট্রসংঘৰ মহাকাশ অভিযানৰ অংশীদাৰ হ’ব৷ চি এন এছ এ আৰু ৰ’ছ কছমছে মানৱ মহাকাশ বিজ্ঞান আৰু প্রযুক্তিৰ বিকাশ, আর্থ–সামাজিক প্রগতিৰ কাৰণে এই চন্দ্র কেন্দ্রৰ জৰিয়তে অভিযান চলাব৷ উল্লেখ্য যে ৰাষ্ট্রসংঘৰ কমিটীৰ দ্বাৰা আয়োজিত ৫৮সংখ্যক বৈজ্ঞানিক আৰু কাৰিকৰী উপ–কমিটীৰ অভিৱর্তনৰ সময়ত চি এন এছ এ আৰু ৰ’ছ কছমছে যুটীয়া বিবৃতিযোগে চন্দ্র কেন্দ্রক লৈ তেওঁলোকৰ এই আহ্বান প্রকাশ কৰে৷

You might also like