নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুলীচালনা কৰি পাক ড্রোন খেদিলে ভাৰতীয় সেনাই

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ জম্মু–কাশ্মীৰৰ আন্তজার্তিক সীমান্ত সংলগ্ণ ভাৰতীয় আকাশমার্গত প্রৱেশ কৰা পাকিস্তানৰ দুটা ড্রোনক গুলীচালনা কৰি খেদি পঠিয়ায় ভাৰতীয় সেনাই৷ তথ্যমতে আজি পুৱতি নিশা ৪.৩০ বজা আৰু ৪.৪৫ বজাৰ ভিতৰত পাকিস্তানী ইউ এ ভি দুটা জাবোৱাল আৰু বিক্রম সীমান্ত নিৰীক্ষণ চকী অঞ্চলত প্রৱেশ কৰে৷ সীমান্তত পহৰাৰত বি এছ এফ জোৱানে ড্রোন দুটা দেখি প্রায় ১৫জাঁই গুলী চলায় যদিও ড্রোন দুটা ভূপতিত কৰিব নোৱাৰিলে৷ পৰিণতিত ড্রোন দুটা নিজা স্থানলৈ উভতি যাবলৈ সক্ষম হয়৷ বি এছ এফৰ সূত্রই এই কথাটি বিবৃতিযোগে প্রকাশ কৰিছে৷

উল্লেখ্য যে পাকিস্তানে শেহতীয়াভাৱে ড্রোনৰ জৰিয়তে অস্ত্র আৰু ড্রাগছ জম্মু–কাশ্মীৰৰ সীমাৰ লগতে পঞ্জাব সীমান্তত যোগান ধৰি আহিছে৷ তাৎপর্যপূর্ণ যে বিগত বর্ষৰ ২০ জুনত পাকিস্তানত হেক্সাকোপ্ঢাৰ ড্রোন এটি সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীয়াই ভূপতিত কৰিছিল৷ এই ড্রোনটোত অত্যাধুনিক আমেৰিকা যুক্তৰাষ্ট্রত নির্মিত এম৪ ছেমি অ’টোমেটিক কার্বাইন আৰু ৭টা চীনৰ গ্রেনেড উদ্ধাৰ হৈছিল৷

You might also like