সুকন্যা : ফ্ল’ৰেঞ্চ নাইটিংগেল বঁটাপ্রাপক বীণাপাণি ডেকাৰে সাক্ষাৎকাৰ
মাতৃ–শিশুক সুৰক্ষিত কৰি ৰখাই আমাৰ মূল লক্ষ্যঃ বীণাপাণি ডেকা
সাক্ষাৎগ্রহণঃ শ্বাহ আলম আহমেদ
ফোনঃ ৮৬৩৮৮–১৭১৯৮
অসমৰ স্বাস্থ্যখণ্ডৰ অৱস্থা আজিও টনকিয়াল নহয়৷ এতিয়াও ৰাজ্যৰ বহু ভিতৰুৱা অঞ্চলত পর্যাপ্ত চিকিৎসালয়, চিকিৎসক, নার্ছ আৰু প্রয়োজনীয় ঔষধৰ অভাৱ৷ বর্তমানৰ চৰকাৰখনে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও বহু অঞ্চলৰ ৰাইজক এতিয়াও এই আঁচনিসমূহে ঢুকি পোৱা নাই৷ তৎসত্ত্বেও সীমিত সা–সুবিধাৰ মাজেৰেও একাংশ স্বাস্থ্যকর্মীয়ে দিনে–নিশাই ৰাইজৰ বাবে সেৱা আগবঢ়াই আহিছে৷ ইয়াৰ মাজতে নিষ্ঠা আৰু একাগ্রতাৰে নিজৰ কর্তব্য পালন কৰি ৰাষ্ট্রীয় পর্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে এগৰাকী নাৰী৷ কর্মক ধর্ম ৰূপে লৈ সমাজৰ প্রতি নিজৰ দায়িত্ব পালন কৰি ৰাইজৰ অন্তৰ জয় কৰা এই নাৰীগৰাকী হ’ল বীণাপাণি ডেকা৷ নলবাৰী জিলাৰ কমাৰকুছি নিৱাসী বিদুষী মহিলা তথা স্বাস্থ্যকর্মী বীণাপাণি ডেকাই বিগত সুদীর্ঘ কাল অঞ্চলটোৰ শিশু আৰু মাতৃসকলৰ কল্যাণৰ বাবে অহোপুৰুষার্থ কৰি আহিছে৷ আর্থিক অনাটন, সাংসাৰিক দায়িত্ব আদি পালন কৰিও তেওঁ অধিকাংশ সময় নিজকে ৰোগীসকলৰ বাবে নিয়োজিত কৰি আহিছে৷ এনে ত্যাগ আৰু পৰিশ্রমৰ স্বীকৃতিস্বৰূপে ২০২৫ বর্ষৰ ৩০ মে’ত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ হাতৰ পৰা তেওঁ ‘ফ্ল’ৰেঞ্চ নাইটিংগেল বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতবর্ষৰ ১৫গৰাকী স্বাস্থ্যকর্মীৰ ভিতৰত অসমৰ পৰা স্থান লাভ কৰা স্বাস্থ্যকর্মী বীণাপাণি ডেকাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল৷
আপুনি নলবাৰী জিলাৰ এখন ভিতৰুৱা গাঁৱত জন্মগ্রহণ কৰিছিল৷ আপোনাৰ শৈশৱকালৰ বিষয়ে কিছু জনাব নেকি?
মোৰ জন্ম ১৯৬৭ চনৰ ২৯ অক্টোবৰত৷ গাঁও নলবাৰী জিলাৰ মুকালমুৱাৰ টেঘেৰাট্টাৰী৷ দেউতাৰ নাম প্রয়াত পবিন চন্দ্র ডেকা আৰু মাৰ নাম ৰাধেবালা ডেকা৷ চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত এই গাঁওখনত সৰুৰে পৰা আমি গাঁৱলীয়া পৰিৱেশত ডাঙৰ–দীঘল হৈছেছা৷ বোকা–পানী গচকি চেমনীয়া লগৰীয়াসকলৰ সৈতে উমলি–জামলি, হাঁহি–ধেমালিৰে সময় পাৰ কৰিছোঁ৷ দেউতাই সাধাৰণ ব্যৱসায় কৰিছিল৷ আমি অভাৱ–নাটনেৰে ডাঙৰ–দীঘল হোৱা এখন সাধাৰাণ ঘৰৰ ছোৱালী৷ সেইবাবে আমি সৰুৰে পৰা কৃষিকর্মতো জডিত হ’ব লগা হৈছিল৷ পথাৰৰ পৰা দৌৰি দৌৰি আহি আমি স্কুললৈ গৈছিলোঁ৷ ঘৰৰ আমি দুগৰাকী ছোৱালী– বাইদেউ আৰু মই৷ মাহঁতৰ মৰমত আৰু ওচৰ–চুবুৰীয়াৰ সৈতে মিলি–জুলি আমি দিনবোৰ, সময়বোৰ কটাইছেছা৷ শৈশৱৰ পৰিৱেশ আৰু সময়খিনিয়ে আজিও মনত আমনি দিয়ে৷
আপুনি নিশ্চয় গাঁৱতে পঢ়া–শুনা কৰিছিল৷ আপোনাৰ পঢ়া জীৱন কেনেদৰে আৰম্ভ হৈছিল?
মই পঢ়া জীৱন টেঘেৰাট্টাৰী প্রাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিলোঁ৷ মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি তাৰ পৰাই ১৯৮৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ ইয়াৰ পিছত হাজোৰ সুৰেন দাস কলেজৰ পৰা ১৯৮৬ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈছোঁ৷ সৰুৰে পৰা মোৰ মানৱ সেৱাৰ প্রতি আগ্রহ আছিল৷ সেই আগ্রহ আৰু আশা বাস্তৱায়িত কৰিবৰ বাবে ১৯৮৮ চনত নলবাৰীত এ এন এমত ড্রেইনিং লওঁ৷ অৱশ্যে নার্ছিঙৰ প্রশিক্ষণ গ্রহণ কৰিলেও উচ্চ শিক্ষাৰ প্রতি মোৰ আগ্রহ কমা নাছিল৷ সেইবাবে বহুবছৰ পিছত অর্থাৎ মোৰ বিবাহৰ পিছত বৰভাগ কলেজৰ পৰা ১৯৯৯ চনত স্নাতক ডিগ্রী লাভ কৰোঁ৷ এইখিনিতে স্মৰণ কৰিব লাগিব যে মোৰ বয়স এবছৰমান হোৱাৰ সময়তে মোৰ দেউতা ঢুকাইছিল৷ পিছত আমি নানা সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ বিভিন্ন সমস্যাৰ ভিতৰত আর্থিক সমস্যা আছিল প্রধান সমস্যা৷ তেতিয়া প্রাথমিক পর্যায়ত মোৰ পঢ়াৰ দায়িত্ব বৰদেউতা প্রয়াত চবিন চন্দ্র ডেকা আৰু সৰু দেউতা প্রয়াত খগেন চন্দ্র ডেকাই লৈছিল৷ হাইস্কুল পর্যায়ত মোৰ মামা গোলোক চন্দ্র মেধিয়ে পঢ়াৰ কিছু দায়িত্ব লয়৷ পিছলৈ মোৰ বাইদেউ মীনা ডেকাই বহুতখিনি সহায় কৰে৷ বিবাহৰ পিছতহে শহুৰহঁতৰ ঘৰত বি এ পঢ়িবলৈ লওঁ৷ এইক্ষেত্রত মোৰ স্বামীয়ে যথেষ্ট কষ্ট কৰাৰ লগতে মোক প্রতিটো মুহূর্ততে উৎসাহ–উদ্দীপনা দি গৈছিল৷ তেখেতক মই স্মৰণ কৰিবই লাগিব৷
আপুনি ব্যস্ততাপূর্ণ চাকৰি জীৱন অতিবাহিত কৰাৰ সমান্তৰালভাৱে নিজৰ সংসাৰো সুচাৰুৰূপে চলাই আহিছে৷ আপোনাৰ বর্তমানৰ পৰিয়ালৰ বিষয়ে অলপ কওকচোন৷
১৯৯০ চনৰ ২৫ ফেব্রুৱাৰীত বৰভাগৰ কমাৰকুছি গাঁৱৰ ত্রিদিপলোচন দাস (বর্তমান স্বর্গগামী)ৰ সৈতে মোৰ বিবাহ সম্পন্ন হয়৷ তেতিয়াৰে পৰা মই কমাৰকুছি গাঁৱতে বসবাস কৰি আহিছেছা৷ আমাৰ ল’ৰা তিনিগৰাকী, বোৱাৰী এগৰাকী, মা আৰু নাতিনীৰ সৈতে সাধাৰণ জীৱন যাপন কৰি আছোঁ৷ জীৱনত বহুত ঘাত–প্রতিঘাতৰ সন্মুখীন হৈছোঁ৷ নানা বিপদ–আপদৰ মুখামুখি হৈছেছা৷ তথাপি কিন্তু জীৱনত কোনোদিনে হতাশ হোৱা নাই৷ ভগৱানৰ নাম লৈ জীয়াই থাকিবলৈ সংগ্রাম কৰি আহিছেছা৷ আমাৰ বৰভাগ অঞ্চলটো বানপীডিত অঞ্চল৷ প্রতিটো বাৰিষা কালত বানপানী হয়৷ এই সময়ছোৱাত আমাৰ কর্তব্য পালন কৰাৰ ক্ষেত্রত বহুতো অসুবিধাৰ সন্মুখীন হওঁ৷ তথাপি কিন্তু মই পিছুৱাই অহা নাই৷ বানপানীৰ সময়তো বিভিন্ন প্রকাৰে প্রশাসনৰ সহায় লৈ কর্তব্য পালন কৰিছোঁ৷ বানপানী শেষৰ পিছত আমাৰ বৃহত্তৰ অঞ্চলটোত বিভিন্ন মহামাৰীয়ে দেখা দিয়ে৷ তেতিয়া জিলা যুটীয়া স্বাস্থ্য সঞ্চালক তথা বিভাগীয় বিষয়া–কর্মচাৰীসক সৈতে লগ লাগি ৰাইজক সেৱা কৰি আহিছোঁ৷ চৰকাৰ তথা স্বাস্থ্য বিভাগে আমাক এনে সেৱা কৰিবলৈ সহায় কৰিও আহিছে৷ মোৰ পৰিয়ালটিয়েও এনে সেৱা কৰি থাকিবলৈ উৎসাহ দি আহিছে৷ এনেদৰে বিভিন্ন সমস্যাৰ মাজেৰে বিপদগ্রস্ত আৰু ৰোগাক্রান্ত লোকসকলৰ সেৱা–শুশ্রূষা কৰি মনত অনাবিল আনন্দ লাভ কৰোঁ৷ তেওঁলোকৰ মুখত হাঁহি বিৰিঙিলে আমাৰ শ্রমৰ সার্থক হোৱা বুলি ভাবোঁ৷
মানৱ সেৱাই আপোনাৰ জীৱনৰ মূলমন্ত্র৷ আপোনাৰ চাকৰি জীৱন কেতিয়াৰ পৰা আৰু কেনেদৰে আৰম্ভ হৈছে অলপ কওকচোন৷
১৯৯০ চনৰ ১৬ নৱেম্বৰত মই কমাৰকুছি স্বাস্থ্যকেন্দ্রৰ অন্তর্গত এছ বি উপ–স্বাস্থ্যকেন্দ্রত এএনএম হিচাপে যোগদান কৰোঁ৷ ইয়াৰ পিছত বিভিন্ন উপ–স্বাস্থ্যকেন্দ্র বালিকুছি উপ–স্বাস্থ্যকেন্দ্র, আৰাংগআমৌ উপ–স্বাস্থ্যকেন্দ্র আদি কাম কৰি জাজীয়াবাৰী উপ–স্বাস্থ্যকেন্দ্রত সুদীর্ঘ ২১ বছৰ নিয়োজিত হৈ নিষ্ঠা আৰু একাগ্রতাৰে কাম কৰোঁ৷ ভিতৰুৱা গাঁও অঞ্চলত বিভিন্ন দুর্যোগৰ সন্মুখীন হৈ সাধাৰণ মানুহৰ সেৱা কৰি আহিছোঁ৷ এনেকৈ বিভিন্ন ঠাইত অভিজ্ঞতা লৈ মইLHV (লেডী হেল্থ ভিজিটৰ) পদলৈ আগ্রহী হওঁ৷ যোগ্যতাৰ ভিত্তিত ২০২২ চনৰ ৪ জুলাইত নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয় চৌহদৰ অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া কার্যালয়ত পদোন্নতি হিচাপেLHV পদত নিয়োজিত হওঁ৷ তেতিয়াৰ পৰা আজিপর্যন্ত মই নলবাৰী চহৰৰ ১৭নং ৱার্ডত দায়িত্বসহকাৰে কর্তব্য পালন কৰি আছোঁ৷ মোৰ সৈতে আন আন এএনএম, আশাকর্মীসকলেও সমানেই কষ্ট কৰি সেৱা কৰি আছে৷
আপোনাৰ পৰিশ্রম আৰু ত্যাগে ইতিমধ্যে ৰাষ্ট্রীয় পর্যায়তো স্বীকৃতি লাভ কৰিছে৷ আপুনি কি কি কর্মৰে নিজৰ দায়িত্ব পালন কৰি আছে?
এএনএম হিচাপে চাকৰি জীৱন আৰম্ভ কৰাৰ সময়ৰে পৰা মই বিভিন্ন ৰোগীৰ লগতে শিশু আৰু নাৰীসকলৰ স্বাস্থ্য ৰক্ষাৰ বাবে কাম কৰি আহিছোঁ৷ বিশেষকৈ সমাজত শিশু আৰু গর্ভৱতী মহিলাৰ প্রতিষেধক টিকাকৰণৰ নিয়মমতে ব্যৱস্থা কৰাৰ চৰকাৰী দায়িত্ব পালন কৰিছোঁ৷ এইবোৰৰ উপৰি নলবাৰী চহৰখনৰ ১৭নং ৱার্ডৰ শিশু আৰু গর্ভৱতী মহিলাসকলৰ স্বাস্থ্যসন্মত দিশসমূহ নিৰীক্ষণ কৰোঁ৷ ঠায়ে ঠায়ে স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা চলাইছেছা৷ এনে কাম–কাজত কিছু অসুবিধাৰো সন্মুখীন হৈছেছা৷ বিশেষকৈ ঘৰে ঘৰে গৈ নিৰীক্ষণ কৰিবলৈ যাওঁতে বহু মহিলাক ঘৰত নাপাওঁ৷ চহৰৰ বহু মহিলা বিভিন্ন কর্মত নিয়োজিত হৈ থাকে বাবে ঘৰত নাথাকে৷ কিছুমান শিশুৱে ইটাভাতা বা আন আন কিছুমান উদ্যোগত কর্মৰত বাবেও সেইবোৰ শিশুক ঘৰত লগ নাপাওঁ৷ নানা অসুবিধাৰ সন্মুখীন হ’লেও কিন্তু আমি এই কাম কৰিবই লাগিব৷ কিয়নো মাক আৰু শিশুক সুৰক্ষিত কৰি ৰখাই আমাৰ মূল লক্ষ্য৷ সকলো মানুহে সুস্থ আৰু নিৰোগী হৈ থকাটো আমাৰ কাম্য৷ দেশ তথা সমাজৰ সুনাগৰিক হ’বলৈ হ’লে শিশুসকলক স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰাখিব লাগিব৷ ল’ৰা–ছোৱালী নিৰোগী হৈ থকাটো সমাজৰ বাবে আৱশ্যক৷ এনেধৰণৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ স্বাস্থ্য সেৱা কৰি গৈ আছেছা৷ অৱশ্যে ৰাইজৰ পৰাও আমি যথেষ্ট সঁহাৰি পাইছেছা৷ বিশেষকৈ যিবোৰ ঠাইত আৰু যিবোৰ পৰিয়ালৰ মাজলৈ আমি গৈছোঁ, সকলোৱে আমাক সুন্দৰভাৱে আদৰি লৈছে আৰু মৰম দিছে৷ ৰাইজৰ সহযোগিতা আৰু মৰমে মোক সদায় এই কার্যত নিয়োজিত হ’বলৈ উৎসাহিত কৰিছে৷
আপোনাৰ কর্মক্ষেত্রত সতীর্থ তথা উচ্চ পর্যায়ৰ বিষয়াবর্গৰ পৰা আপুনি নিশ্চয় সহযোগিতা লাভ কৰিছে৷ এইক্ষেত্রত আপোনাক কোনে সহায় কৰি আহিছে?
হয়৷ চাকৰি কালত সতীর্থ কর্মীসকলৰ পৰা এইক্ষেত্রত মোৰ সৈতে পাঁচগৰাকী এএনএম ক্রমে অনিতা দেৱী, আচিমা বেগম, জ্যোৎস্না দাস, পাপৰি বর্মন, ফুলমতী হালৈ আৰু ১৭গৰাকী আশাকর্মী আছে৷ তেনেদৰে মুখ্য চিকিৎসা বিষয়া ডাঃ শশীন্দ্র কুমাৰ দাস ছাৰ, যুটীয়া সঞ্চালক ডাঃ কৈলাস ডেকা ছাৰৰ লগতে ৰঞ্জনা সিন্হা, মুকুল আলী, অণিমা দাস আদিয়ে মোক কাম কৰাৰ বাবে উৎসাহ–উদ্দীপনা যোগাই আহিছে৷ মোৰ কাম–কাজসমূহত স্বামীয়ে বহুত উৎসাহ আৰু প্রেৰণা দিছিল৷ কিন্তু দুখৰ বিষয় তেওঁ অকালতে আমাক এৰি চিৰদিনৰ বাবে গুচি গ’ল৷
স্বাস্থ্যৰ ক্ষেত্রত চৰকাৰে কেনেদৰে ভূমিকা লৈছে?
হয়, স্বাস্থ্যৰ ক্ষেত্রত বর্তমান ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে গুৰুত্ব দি আহিছে৷ ৰাইজৰ মাজত আমি পলি’, জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আদি ৰোগসমূহৰ প্রতিৰোধৰ বাবে সজাগতা কৰি আহিছেছা৷ শিশু আৰু গর্ভৱতী মহিলাসকলে যাতে বিশেষ কোনো ৰোগত আক্রান্ত হ’ব নোৱাৰে, তাৰ প্রতিও আমি গুৰুত্ব দি আহিছেছা৷ চৰকাৰে এইক্ষেত্রত বিভিন্ন আঁচনিৰে সজাগতা কৰি আহিছে৷ বিশেষকৈ স্বাস্থ্য সজাগতাৰ ক্ষেত্রত আমাৰ জিলা স্বাস্থ্য বিভাগে বিভিন্ন আঁচনিৰে ৰাইজৰ কাষ চাপিছে৷ ৰাইজক সজাগ কৰাৰ বাবে আমিও দিনে–নিশাই কষ্ট কৰি আহিছেছা৷ ৰাইজে ইয়াৰ বিষয়ে বুজিব লাগিব৷ ৰাইজে আমাক সঁহাৰি দিব লাগিব৷ ৰাইজ আৰু আমাৰ সহযোগতহে এখন স্বাস্থ্যসন্মত সমাজ গঢ়িব পাৰিম৷ আমি এখন স্বাস্থ্যসন্মত সমাজ বিচাৰোঁ, য’ত আমাৰ শিশুৰ পৰা গর্ভৱতী মহিলা, বৃদ্ধ, যুৱক–যুৱতী সকলোৱে নিৰোগী হৈ জীয়াই থাকিব পাৰোঁ৷
ৰাষ্ট্রপতিৰ হাতৰ পৰা বঁটা লাভ কৰা সময়ত আপোনাৰ অনুভৱ কেনেকুৱা?
সঁচাকৈয়ে আনন্দিত হৈ পৰিছো৷ ৩০ মে’ত যেতিয়া ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি সন্মানীয় দ্রৌপদী মুর্মুৰ হাতৰ পৰা ‘ফ্ল’ৰেঞ্চ নাইটিংগেল’বঁটাটি গ্রহণ কৰা সময়ত মই আপ্লুত হৈ পৰিছিলোঁ৷ সেই সময়খিনিত মোৰ আমাৰ অঞ্চলৰ সাধাৰণ মানুহখিনিৰ কথা মনত পৰিছে৷ কিয়নো এইখিনি মানুহক সেৱা কৰা বাবেহে আজি মই এই মহান বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ মই কিন্তু জীৱনত ভবা নাছিলোঁ যে মই এদিন দেশৰ সর্বোচ্চ নাগৰিক সন্মানীয় ৰাষ্ট্রপতিৰ হাতৰ পৰা এনেদৰে বঁটা লাভ কৰিম৷ বঁটাটি লাভ কৰাৰ ক্ষেত্রত মোৰ স্বামী প্রয়াত ত্রিদিপ লোচন দাসৰ অৰিহণা বহুত আছে৷ মোৰ কাম–কাজত তেখেতে বহুত উৎসাহ আৰু প্রেৰণা দি আহিছিল৷ এইক্ষেত্রত পৰিয়ালটিৰো অশেষ অৱদান আছে৷ মোৰ জন্মৰ প্রায় এবছৰ পিছতে মোৰ দেউতা ঢুকাইছিল৷ শিশু হৈ থকা সময়তে বৰদেউতা প্রয়াত চবিন চন্দ্র ডেকা, সৰু দেউতা প্রয়াত খগেন চন্দ্র ডেকাই মোৰ পঢ়াৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব দিছিল৷ এএনএম পঢ়াৰ ক্ষেত্রত মোক মীনা বাইদেৱে সহায় কৰিছিল৷ গতিকে তেওঁলোকক মই এই ছেগতে কৃতজ্ঞতা জনাইছেছা৷ মই এএনএম৷ এল এইচ এছ সন্থাত দীর্ঘদিন ধৰি জডিত হৈ আছে৷ আমাৰ কেন্দ্রীয় সম্পাদিকা বুলুমা শইকীয়া বাইদেউলৈ কৃতজ্ঞতা জনাইছোঁ৷ বাইদেৱে মোক বহুত উৎসাহ আৰু প্রেৰণ দি আহিছে৷
নতুন প্রজন্মলৈ আপুনি কি আহ্বান জনাব?
মই এইটোৱে ক’ম যে নিজৰ কৰিবলগীয়া কামখিনি চাকৰিৰ তাগিদাত নহয়, নিষ্ঠা আৰু সততাৰে কৰিব লাগে৷ আনহাতে যিটো কাম হাতত লোৱা যায় সেই কামটো আধৰুৱা কৰিব নালাগে৷ তাক দায়িত্বসহকাৰে লৈ সম্পূর্ণ কৰিব লাগে৷ মই বঁটাটো লাভ কৰিলো বুলিয়ে এইটো নহয় যে কামবোৰ ময়ে জানো৷ মোৰ লগত কাম কৰা এএনএম বা অন্যান্য বিষয়া–কর্মচাৰীসক পৰা জ্ঞান–ভিজ্ঞতাসমূহ লৈহে মই কামত জডিত হৈ আছোঁ৷ তেওঁলোক মোতকৈ বহুত জ্ঞানী আৰু অভিজ্ঞ৷ গতিকে জ্ঞানী আৰু অভিজ্ঞ লোকৰ পৰা নতুন প্রজন্মই শিকি লোৱা উচিত৷ এইটোও মই কওঁ যে শিকাত কোনোৱে লাজ কৰিব নালাগে৷ নজনা বিষয়টো আমি অভিজ্ঞ ব্যক্তিৰ পৰা শিকি লোৱা উচিত৷
যুৱ প্রজন্ম সম্প্রতি ৰাগিয়াল দ্রব্য সেৱনৰ প্রতি আসক্ত হৈছে৷ এই সম্পর্কে কি ক’ব?
আজিৰ সমাজখনত একাংশ যুৱকে মদ, ভাং, ড্রাগছ আদিৰ প্রতি আসক্ত হৈছে৷ এইসকল যুৱকৰ ভৱিষ্যৎ নাই৷ সুনাগৰিক হোৱাৰ সপোন পুলিতে মৰহি যোৱাৰ উপক্রম হৈছে৷ এই ক্ষেত্রত নিজৰ পৰিয়ালে অতিকৈ গুৰুত্ব দিয়া উচিত৷ পৰিয়াল সতর্ক নহ’লে নিজৰ ল’ৰা–ছোৱালী ধ্বংসৰ দিশে গতি কৰিব৷ আজিৰ শিশু কাইলৈ দেশৰ সুনাগৰিক৷ গতিকে সুনাগৰিক গঢ়িবলৈ আমি শিশু আৰু যুৱকসকলক গুৰুত্ব দিব লাগিব৷ অৱশ্যে এইক্ষেত্রত আমাৰ সমাজখনৰো কিছু দায়িত্ব আছে৷