নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীতাৰ্থ দত্তলৈ এনচিচিৰ বীৰ চিলাৰায় বঁটা

জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ ছাত্ৰ, এনচিচিৰ ৪৯ অসম নৌ সেনা ইউনিটৰ ক্ৰেডেট কেপ্টেইন গীতাৰ্থ দত্তক অসমৰ এনচিচি কেডেটৰ সৰ্বোচ্চ ৰেংকিং ২০২৫-২৬ বৰ্ষৰ সন্মানীয় বীৰ চিলাৰায় বটাঁৰ বাবে নিৰ্বাচন কৰা হৈছে।

শিৱসাগৰ জিলাৰ খনামুখৰ  গীতাৰ্থ দত্ত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্র। গীতাৰ্থ দত্তই সন্মানীয় বীৰ চিলাৰায় বঁটাৰ বাবে নিৰ্বাচিত হোৱাত মহাবিদ্যালয়খনৰ  মহাবিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ একতা সভাই সন্তোষ প্ৰকাশ কৰাৰ লগতে ছাত্ৰ গৰাকীক অভিনন্দন জনাইছে।

নিয়মীয়া বাৰ্তা, ভগামুখ, ২৭ আগষ্ট

You might also like