নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : দলগাঁৱৰ উদ্যমী মহিলা বনানী গোস্বামী

সাক্ষাৎ গ্রহণঃ ড০ ধ্রুৱজ্যোতি শর্মা
ফোনঃ ৯৮৫৪৯–৪৪৭০০

ওদালগুৰি জিলাৰ দলগাঁও কৌপাটিৰ শিক্ষিতা বোৱাৰী বনানী গোস্বামী মহিলা সবলীকৰণৰ এক যোগ্য নামান্তৰ। ২০১২ চনত জীৱনৰ মাত্ৰ একুৰি বসন্ত গৰকা মঙ্গলদৈ চহৰৰ যুৱতী গৰাকী পৰিয়ালে ঠিক কৰা মৰ্মে বিবাহ পাশত আৱদ্ধ হৈছিল ব্যৱসায়ী যুৱক চম্পক কুমাৰ শৰ্মাৰ লগত।

প্ৰথমছোৱা সকলো ঠিকেই আছিল যদিও ক্ৰমাৎ পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা।এনেকৈ এদিন অভাৱনীয় পৰিস্থিতিত ৰাতিটোৰ ভিতৰতে সকলো সপোন মষিমূৰ হৈ ধূলিসাৎ হৈ পৰে পৰিয়ালটো।একো উৱা-দিহ নাপাই বনানীয়ে চৌদিশে দেখে কেৱল ঘন অন্ধকাৰ। স্বামীও মানসিকভাবে ভাৰাক্ৰান্ত। বনানীও ছমাহৰ অন্তঃসত্বা।

তথাপিও ভাগি নপৰি স্বামীক মানসিকভাবে শক্তিশালী কৰি নিজে আগভাগ লৈ উৎপাদনমুখী কাম-কাজ কৰাৰ সিদ্ধান্ত ল’লে বনানীয়ে।সকলো খবৰ বাতৰি লৈ মীন পালনৰ পৰা নুন্যতম মূলধনী বিনিয়োগৰ বিনিময়ত তুলনামূলকভাৱে কম কষ্টৰে অধিক লাভবান হোৱাৰ থল আছে বুলি জানিব পাৰি সাক্ষাৎ কৰিলে মীন প্ৰদৰ্শক তথা সাংস্কৃতিক কৰ্মী সুভাষ চহৰীয়াক।

ক্ষেত্ৰ বিষয়াজনে তদানীন্তন জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰৰ লগত পৰিচয় কৰাই দিয়ে বনানীক। খাটনিয়াৰে সুযোগৰ সদব্যৱহাৰ কৰি বিভাগীয় “নীল বিপ্লৱ” আচনিৰ জৰিয়তে আঢ়ৈ বিঘা জলকালিৰ মীন পাম এখন নিৰ্মাণ তথা মীন পালন ৰূপায়ণৰ অনুমোদন দিয়ে বনানীক।পিতাকৰ পৰা কিছু ধন আনি হিতাধিকাৰীৰ অংশখিনি সন্তোষজনক বাবে জোৰা মাৰি বিভাগীয় সহযোগিতাত আৰম্ভ কৰে মীন পামখন।

মীন পালনৰ তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞানখিনিও প্ৰদান কৰে মীন বিভাগে।প্ৰথম প্ৰয়াসতে বনানী সফল।তাৰ পাছত বনানীয়ে আৰু পাছলৈ উভটি চাব লগা হোৱা নাই।সংযোজন কৰে পুখুৰীৰ পাৰত সমন্বিত দৃষ্টিভংগীৰে উদ্যান শস্য। পৰবৰ্তী সময়ত ২০২০ চনত প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদা যোজনা আচনিৰ জৰিয়তে বনানীয়ে পুনৰ চাৰে তিনি বিঘাৰ পাম নিৰ্মাণ কৰি সম্প্ৰসাৰিত কৰে মীন পাম।বাসগৃহৰ সমীপতো আধা বিঘা পুখুৰীত সূচনা কৰে সংমিশ্ৰিত মীন পাম।

কঁকাল ভাগি পৰা পৰিয়ালটো লাহে লাহে পুনৰ থন ধৰি উঠিব ললে।এই যাত্ৰাক আৰু অধিক সবল কৰাৰ মানসেৰে ২০১৯ চনত বনানীয়ে ‘কেইক প্ৰস্তুত’ ৰ পাঠ্যক্ৰম সফলতাৰে সাং কৰে।ঘৰতে আৰম্ভ কৰে ক্ষুদ্ৰ উদ্যোগটি।কম সময়তে জনপ্ৰিয় হৈ পৰিল বনানীৰ হৰেক কিচিমৰ ‘কেইক’।দূৰ-দূৰণিৰ পৰা অৰ্ডাৰ পায় বনানীয়ে।মাহত গঢ়ে ৭০-১০০টা বিভিন্ন তৰহৰ কেইক যোগান ধৰে বনানীয়ে। ‘কেইক’ প্ৰস্তুত উদ্যোগটো প্ৰতিষ্ঠিত হোৱাৰ পাছত বনানীয়ে আৰম্ভ কৰে বিভিন্ন ধৰণৰ আছাৰ প্ৰস্তুত।

স্মৰ্তব্য যে বনানীৰ মাক দিপালী গোস্বামীৰো আছাৰ প্ৰস্তুতৰ ক্ষেত্ৰত এক সুকীয়া নাম আছে।বনানীয়ে কম পৰিসৰত আছাৰ বনাইছিল যদিও পোনতে ব্যৱসায়িক দৃষ্টিকোণৰে কথাটো চিন্তা কৰা নাছিল।বনানীৰ আছাৰৰ জুতি লোৱাৰ সুযোগ পোৱা ওচৰ-চুবুৰীয়া আৰু পৰিয়াল সজ্জনে এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টিভংগীৰে আগবাঢ়িব পৰামৰ্শ দিয়ে।

ফলশ্ৰুতিত বজাৰত “উৰ্বিজা পাকঘৰ” নামেৰে বনানীৰ আছাৰে ভূমুকি মাৰিলে। যাৱতীয় অনুমতি, অনুজ্ঞাপত্ৰ, গুণগত মানৰ নিশ্চিতকৰণ প্ৰমাণ পত্ৰ আদিৰ আনুষ্ঠানিকতা সাং কৰি বনানীৰ অব্যাহত থাকিল অনিৰ্বাণ যাত্ৰা।কম সময়তে ক্ৰেতাই আদৰি ল’লে “উৰ্বিজা পাকঘৰ”।বিশেষকৈ বনানীৰ নেমু,ভূত জলকীয়া,বগৰী,জলফাই,আম আদিৰ মিঠা আৰু টেঙা দুয়োবিধ আছাৰেই বজাৰত বিশেষ জনপ্ৰিয়।

আচাৰ প্ৰস্তুতৰ ক্ষেত্ৰত গুণগত কেঁচামাল সংগ্ৰহ, বিশুদ্ধ মছলা যোগাৰ,খাটী সৰিয়হ তেল আহৰণ আদিৰ প্ৰতি বনানী সদা সচেতন। বিভিন্ন ঠাইৰ গ্ৰাম্য মহিলাৰ জৰিয়তে যোগাৰ কৰে কেচা মাল,মছলাখিনি স্বাস্থ্যসন্মত বাবে নিজে প্ৰস্তুত কৰি লয়,মিঠাতেলো নিৰ্দিষ্ট কেন্দ্ৰৰ পৰাহে সংগ্ৰহ কৰে।মীন পালনক মুখ্য হিচাবে গ্ৰহণ কৰা বনানীয়ে ‘কেইক প্ৰস্তুত ‘ আৰু ‘আছাৰ প্ৰস্তুত ‘ ৰ পৰাও সন্তোষজনক ভাবে লাভান্বিত হৈছে।

এদিন অমানিশাৰ কাল ধুমুহাই বিপৰ্য্যস্ত কৰা পৰিয়ালটি আজি অঞ্চলটিৰ এটা প্ৰতিষ্ঠিত পৰিয়াল।স্বামী আৰু দুটি সন্তানৰে এটি সুখী পৰিয়াল। অৱশ্যে বনানীৰ প্ৰতিটো কামতে স্বামী চম্পক কুমাৰ শৰ্মাৰ সহযোগিতা অনস্বীকাৰ্য। বনানীৰ সফলতাৰ পৌণিক ক্ৰিয়াৰ সুবাসে অঞ্চলটিৰ বহু মহিলাক এনে ধৰণৰ উৎপাদনমুখী কাম-কাজলৈ আকৰ্ষিত কৰাটো শুভলক্ষণ।

বনানীৰ যাৱতীয় সহযোগিতাত তেওঁলোকেও এনেবোৰ কামত জড়িত হৈ অৰ্থনৈতিকভাবে লাভান্বিত হোৱাৰ লগতে মহিলা সবলীকৰণৰ অবিৰত যাত্ৰাক উজ্জীৱিত কৰিছে।বনানী গোস্বামীয়ে প্ৰমাণ কৰি দিছে যে গ্ৰাম্য মহিলাৰ সুপ্ত প্ৰতিভা আৰু সমলখিনিৰ সফল ব্যৱহাৰে ৰাজ্যৰ আৰ্থ-সামাজিক পৰিমন্ডলক এক ইতিবাচক ৰূপান্তৰৰে উদ্ভাসিত কৰিব পাৰে-

আপুনি মঙ্গলদৈ চহৰৰ ছোৱালী। পৰবৰ্ত্তী সময়ত হ’ল দলগাঁও কৌপাটিৰ বোৱাৰী। বিয়াৰ পাছত আপুনি অৰ্থনৈতিক উপাৰ্জনৰ কথা চিন্তা কৰিলে। আজি আপুনি সুপ্ৰতিষ্ঠিত। কিহৰ তাড়নাই আপোনাক অৰ্থনৈতিক উপাৰ্জনৰ কথাটো ভাবিবলৈ বাধ্য কৰালে অকণমান কওকছোন?

আপুনি ঠিকেই কৈছে মই চহৰৰ আৱহাৱাত ডাঙৰ হোৱা ছোৱালী যদিও মোৰ মা-দেউতাই সকলো পৰিৱেশতে মিলিব পৰাকৈ ডাঙৰ-দীঘল কৰিছিল আৰু মা-দেউতাৰ পছন্দ মতে মাত্ৰ ২০ বছৰ বয়সতে ২০১২ চনৰ জানুৱাৰী মাহত বিয়া হও। কিন্তু বিয়াৰ ছমাহ মান পিছৰ পৰাই এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। মোৰ স্বামীৰ যি ব্যৱসায় আছিল সেই সকলো ক্ৰমাৎ ধুলিসাৎ হৈ গ’ল আৰু এটা দিনৰ ভিতৰতে সচাঁ কথা কবলৈ গলে অত্যন্ত আৰ্থিক দৈন্যতাত ভূগিলোঁ। পথৰ ভিক্ষাৰী হৈ গ’লো যিহেতু সেই সময়ত মই অন্তসত্বা ও আছিলো। সেইবাবে মই কপালক ধিয়াই নাথাকি অকল আমাৰ লগতে আহিব লগা জনৰ কথা ভাৱি নাথাকি আগবাঢ়িব চেষ্টা কৰিলো আৰু এই সময়ত মহিলা গৰাকীৰ যথেষ্ট গুৰুত্ব আছে কাৰণ মই তেখেতক উত্সাহ দিব লাগিব লগতে উদগনি দিব লাগিব আৰু মানসিক ভাৱে সমৃদ্ধ কৰিব লাগিব। সেই সকলোবোৰ চিন্তা কৰি মই ভাবিলো যে কিবা এটা উপাৰ্জন মুখী কাম কৰিব লাগিব আৰু উপাৰ্জন মূখী কামটো এনেদৰে কৰিম যাতে মোৰ উপাৰ্জন মূখী কামটোৰ জৰিয়তে আমাৰ পৰিয়ালটো খুব সুন্দৰকৈ চলিব পাৰোঁ আৰু আমাৰ পৰৱৰ্তী সতি সন্ততিকো ভালকৈ গড় দিব পাৰোঁ আৰু সেই সকলো খিনি কথা চিন্তা কৰি মই ভাবিলো যে আমি কিবা এটা উপাৰ্জন মূখী কাম কৰিম এই ধৰণেই মোৰ মনত এই কথা-বতৰা বোৰ আহিল। আৰু আপোনাক মই জনাই থও যে সেই সময়ত মোৰ বয়স মাত্ৰ ২০ বছৰ।

প্ৰথম কেনেদৰে আৰম্ভ কৰিলে?

মই কি কৰিম এই কথাটো কেইদিনমান আমি দুয়োৱে চিন্তা কৰিলো, যিহেতু ৬ বিঘা এওঁলোকৰ মাটি আছে য’ত খেতিও ভালদৰে নহয় সেইবাবে মই মীনপালনৰ কথা চিন্তা কৰিলোঁ। মীনপালন অতি লাভ জনক। আমি যিহেতু দলগাঁও অঞ্চলত থাকো আমি দেখো আমাৰ এই অঞ্চলত খাৰুপেটীয়া-বেছিমাৰী এইবোৰ ঠাইত বহুত মানুহে মীনপালন কৰি স্ব-নিয়োজিত হৈছে, আৰু মই বহুতৰ মূখত শুনিলো মীনপালনৰ জৰিয়তে কম কষ্টতে বেছি লাভৱান হ’ব পাৰি। মূলধনৰ বিনিয়োগ কম। এই সকলোবোৰ কথা চিন্তা কৰি মই মীন বিভাগৰ বিষয়া শ্ৰীযুত সুভাষ চহৰীয়া ছাৰক লগ কৰিলোঁ মই তেওঁক মোৰ সকলোবোৰ কথা কলো তেওঁ শুনিলে আৰু মোক নিৰাশ নকৰি সেই সময়ৰ মীন উন্নয়ন বিষয়া শ্ৰীযুত বিপুল খাটনীয়াৰ ছাৰক লগ কৰাই দিলে আৰু তেওঁলোকে মোক “নীল বিপ্লৱ” আঁচনি দিলে আৰু মই (২.৫) বিঘা পুখুৰী খান্দি মীনপালন আৰম্ভ কৰোঁ আৰু কেনেকৈ মীনপালন কৰিব লাগিব আৰু কেনেকৈ আগবাঢ়িব লাগিব এই গোটেই কথা-বতৰাবোৰ মোক শিকাই দিলে। আপোনাক জনাব পাই ভাল পাম যে সেই (২.৫) বিঘাৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰে যিটো লাভ তাৰ কিছু অংশ পুখুৰী আকৌ সম্প্ৰসাৰণ কৰাত বিনিয়োগ কৰো এনেকৈ পাম প্ৰায় বঢ়াই (৬.৫) বিঘা আৰু লগতে ঘৰত এটা () বিঘাত সংমিশ্ৰিত মীনপালন কৰি আছো। মীনপালনৰ বিষয়ে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যথেষ্ঠ শিকিছো আৰু ইয়াৰ পৰাই যথেষ্ঠ উপাৰ্জন হয় আৰু মই ইয়াত বহুত সুখী আৰু এইখিনিতে ২০২০ চনত মই “প্ৰধানমন্ত্ৰী মত্স্য সম্প্ৰদা” যোগানৰ জৰিয়তে (২.৫) বিঘা পুখুৰী এটাত সংমিশ্ৰিত মীনপালনো কৰি আছোঁ।

কোনে অনুপ্ৰেৰণা যোগাইছিল?

চাওঁক অনুপ্ৰৰণা বুলি ক’বলৈ গ’লে প্ৰথমতে মোৰ স্বামী শ্ৰীযুত চম্পক কুমাৰ শৰ্মাৰ নাম ক’ব লাগিব। যেতিয়া মই দেখিলো যে তেওঁ মানসিক ভাবে ভাগি পৰিছে তেওঁৰ সকলো ব্যৱসায় ধুলিসাৎ হৈ গ’ল। এইদৰে আমি দুয়ো লগ হৈ উপাৰ্জন মূখী কামবোৰ কৰিবলৈ ললো তেওঁ মোক অনুপ্ৰেৰণা যোগাইছিল যে তুমি কৰা মই তোমাৰ লগত আছোঁ। তাৰ পিছত যেতিয়া মই মীনপালনৰ কথা চিন্তা কৰিলোঁ আৰু জিলা মীন উন্নয়ন বিষয়া শ্ৰীযুত বিপুল চহৰীয়াক লগ কৰিলো তেওঁলোকে মোক ক’লে যে আপুনি কৰক তোওঁলোককো মোৰ সকলোবোৰ কথা ক’লো কোনো ধৰণৰ লুক ধাক কৰা নাছিলোঁ। সেইবাবে তেওঁলোকে ক’লে আপুনি কৰক আমি আছো। তেওঁলোকেও সেই মতে মোক আঁচনি দিলে এইধৰণে আগবাঢ়ি আহি আজিৰ অৱস্থাত আছো।

পৰবৰ্তী সময়ত উত্পাদনমূখী কাম-কাজখিনি কেনেকৈ সম্প্ৰসাৰণ কৰলে অকনমান জনাবনে?

হয় মই মীনপালনৰ লগে লগে চিন্তা কৰিলো যে ঘৰতে থাকি আৰু কিছু উত্পাদনমূখী কাম কৰিব পাৰো। মই ভাৱিলো যে আমাৰ এই অঞ্চলত ‘কেক’ বনোৱা কোনো ধৰণৰ প্ৰতিষ্ঠান নাই কিন্তু কেকৰ চাহিদা যথেষ্ঠ আছে দলগাওঁ, বেছিমাৰী, ওৰাং, শিলবৰী আদিত, বিভিন্ন উত্সৱ পাৰ্বনত, বিভিন্ন অনুষ্ঠানত কেকৰ চাহিদাটো যথেষ্ঠ আছে। তেওঁলোকে মঙ্গলদৈ বা ঢেকীয়াজুলী আদিৰপৰা কেক আনিব লাগে গতিকে মই এই কেক বনোৱা কামটো পেছাগত ভাৱে ২০১৯ চনত শিকি ললো আৰু তেতিয়াপৰা মই কেক বনোৱা কামটো কৰি আছোঁ আৰু এই কামটোৱে আৰ্থিকভাৱে লাবাম্ৱিত হোৱাত যথেষ্ঠ সহায় কৰিছে। তাৰ পাছত সৰুৰে পৰা আচাৰ বনোৱা এটা ৰাপ আছিল আৰু মই মোৰ মা দিপালী গোস্বামীৰ পৰা আচাৰ বনাবলৈ শিকিছিলোঁ। মোৰ আচাৰ খাই ওচৰ-চুবুৰীয়াই কয় ব্যৱসায় ভিত্তিত কৰিবলৈ কৈ থাকে তাৰ পাছত মই পেছাগত ভাৱে কৰিবৰ বাবে যিবোৰ “Health & Family Welfare Depertment”-ৰ পৰা “Fssai Licence” বনাই ললোঁ আৰু ঘৰতে এটা আচাৰ বনোৱা উদ্যোগ স্থাপন কৰিলো। আৰু এই উদ্যোগটোৰ নাম দিলো উৰ্বিজা পাকঘৰ বৰ্তমান এই কামবোৰ মোৰ ভালদৰে চলি আছে।

বৰ্তমান মুখ্যতঃ কি কি কাম কৰে?

বৰ্তমান মোৰ মীন পালন প্ৰধান আৰু মূখ্য তাৰ পাছতে মই কেক প্ৰস্তুত কৰো মাহত মই ৭০ টাৰ পৰা ১০০ টাৰ ভিতৰত মই কেক বিপনন কৰোঁ আৰু কেকৰ চাহিদা দিনে দিনে বৃদ্ধি পাইছে, সেইটো এটা মোৰ উপাৰ্জন তাৰ পাছত মই বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰোঁ। আৰু সেইবোৰ বিভিন্ন ঠাইলৈ যায় এই উদ্যোগটো মোৰ সম্প্ৰসাৰণ হৈছে আৰু এই তিনিটাই মূখ্যত প্ৰধান কাম।

আপোনাৰ কেক প্ৰস্তুত উদ্যোগৰ আৰু আছাৰ প্ৰস্তুত উদ্যোগ আদিৰ অকণমান আভাস দিয়কচোন?

হয় কেক প্ৰস্তুত উদ্যোগটো এটা আকৰ্ষণীয় উদ্যোগ মই বিভিন্ন ধৰণৰ কেক বনাওঁ ভেনিলা কেক, ৰচমলাই কেক, বাবী কেক, চকলেট কেক আৰু লগতে বিভিন্ন ধৰণৰ ফ্লেভাৰৰ কেক বনাওঁ। বিভিন্ন উপলক্ষে জন্মদিন, বিবাহবাৰ্ষিকী, অন্নপ্ৰসন্ন আদিত কেক মই বনাওঁ আৰু গ্ৰাহকে যেনেদৰে বিচাৰে তেনেধৰণে দিবলৈ চেষ্টা কৰোঁ। আছাৰৰ ক্ষেত্ৰত মই ভোট জলকীয়া, জলফাই, কাজিনেমু, বাঁহগছ, বগৰী, ঔটেঙা আৰু বিভিন্ন আছাৰ প্ৰস্তুত কৰোঁ। ইয়াৰ বাবে মোক প্ৰয়োজন হোৱা কেচাঁ সামগ্ৰীবোৰ কিছু মোৰ মানুহৰ জৰিয়তে মই উন্নত মানৰ কেচাঁ সামগ্ৰী সংগ্ৰহ কৰোঁ আৰু এইবোৰ মই সু্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে আৰু উদ্যোগ বিভাগৰ যি অনুমতি লব লাগে Fssai Licence লৈ এই সকলো খিনি কাম আগবঢ়াই লৈ গৈ আছোয

জনসাধাৰণৰ সঁহাৰি বা ক্ৰেতাৰ চাহিদা কেনে?

মই ভগৱানক কৃতজ্ঞতা জনাম এই দুয়োটা ক্ষেত্ৰতে চাহিদাই কওক বা জনসাধাৰণৰ সহাৰিয়েই কওক যথেষ্ঠ আশাপদ। মোৰ কেক সমগ্ৰ দলগাঁও, কৌপাতী আৰু ওদালগুৰি জিলাৰ কিছু ঠাইত জনপ্ৰিয় হৈ বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ আহে তেওঁলোক মোক অৰ্ডাৰ দিয়ে আৰু সেইমতে তেওঁলোকক মই কেক যোগান ধৰোঁ। আছাৰৰ ক্ষেত্ৰত যদিও, মোৰ বৰ বেছি দিন হোৱা নাই এই উদ্যোগটো ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰা যদিও ক্ৰেতাৰ যিটো চাহিদা সেইধৰণে মই যোৱা বছৰ যোগান ধৰিব পৰা নাই সেইবাবে মই ভাৱে জনসাধাৰণৰ মাজত ‘উৰ্বিজা পাকঘৰ’ আছাৰৰ যথেষ্ঠ চাহিদা আছে।

এনে জনপ্ৰিয়তাৰ মূল কাৰণ কি বুলি ভাৱে?

হয় মই ক্ৰেতাৰ মতামত লৈছো। প্ৰতি ক্ৰেতাৰ  সৈতে মোৰ বন্ধুত্ব সুলভ সম্পৰ্ক থাকে। ক্ৰেতা সকলে কয় যে মোৰ গুণগত মানটোৰ ওপৰত মই যথেষ্ট গুৰুত্ব দিও মই কোনো কাৰণতে গুণগত মানত আপাচ নকৰোঁ আৰু মোৰ সামগ্ৰীখিনি যিখিনি কেচাঁ বস্তু কেকৰ ক্ষেত্ৰতে কওক বা আছাৰৰ ক্ষেত্ৰতে কওক মই যথেষ্ট সচেতন যেনেকে আজি কেক বনাওতে যিখিনি সামগ্ৰী লাগে মই নিজে সেইখিনি যোগাৰ কৰি চাফ-চিকুন ভাৱে মই নিজে চায় লওঁ গুণগত মানৰ হয় নে নহয় ঠিক তেনেকে আচাৰ বনোৱাৰ ক্ষেত্ৰত যিখিনি কেচাঁ সামগ্ৰী লাগে কিছু বিশেষ মানুহ নিয়োগ কৰা থাকে মই তেওঁলোকক আগতীয়াকৈ ধন দি থওঁ তেওঁলোকে মোক ভাল ভাল কেচাঁ সামগ্ৰীবোৰ যোগান ধৰি দিয়ে। ইয়াত প্ৰয়োজনীয় মছলাবোৰ মই নিজে ঘৰত প্ৰস্তুত কৰোঁ। মিঠাতেল মই উন্নত মানৰ ব্যৱহাৰ কৰোঁ। এই গোটেই বস্তুখিনি যথেষ্ট স্বাস্থ্য সন্মত আৰু গুণগত মানৰ আৰু মোক ক্ৰেতাই কৈছে যে সেই কাৰণে তেওঁলোকে মোৰ সামগ্ৰীবোৰ যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে।

সামগ্ৰীৰ স্বাস্থ্যসন্মত আৰু গুণগত মানৰ প্ৰতি আপুনি কিমান সচেষ্ট? কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে?

হয় মই এই দুয়োটা বস্তুৰ প্ৰতি সচেতন কাৰণ মানুহে খোৱা বস্তু। কাৰণ মই যিখিনি ব্যৱসায়িক ভিত্তিত কৰো বা ক্ৰেতাক দিও তাতো মই চিন্তা কৰোঁ যে মই ঘৰত খোৱাৰ দৰে যোগান ধৰিব পাৰোঁ, মই ইতিমধ্যে আপোনাক কৈছোৱে যে কেক প্ৰস্তুত কৰোঁতে তাৰ কাৰণে যিখিনি উপকৰণ লাগে ময়দা, চেনী, কণি এই সকলোবোৰ মই চাই চিতি লওঁ যাতে তাতে কোনোধৰণৰ স্বাস্থ্যসন্মত ব্যতিৰেকে কাম নহয় ঠিক তেনেকে আচাৰ প্ৰস্তুতৰ ক্ষেত্ৰতো কেচাঁ সামগ্ৰীসমূহ ধুই স্বাস্থ্যসন্মত ভাৱে প্ৰস্তুত কৰো আৰু বাকী বস্তুসকলো স্বাস্থ্যসন্মত ভাৱে তৈয়াৰ কৰোঁ। আৰু মই ভাৱো যে এই কাৰণে মই তৈয়াৰ কৰা সামগ্ৰীৰ জনপ্ৰিয়তা আছে।

মীনপালন সম্পৰ্কে আৰু ইয়াৰ লাভালাভৰ বিষয়ে অকনমান কওকচোন?

মীনপালন হৈছে অতি লাভজনক মাছ খেতিত যথেষ্ঠ লাভৱান হ’ব পাৰি বছৰত মই যথেষ্ঠখিনি মাছ বজাৰলৈ উলিয়াই দিওঁ আৰু এই কামটোত মই যথেষ্ট আনন্দ পাও আৰু লগতে পুখুৰী পাৰত অলপ মালভোগ কলৰ খেতিও কৰিছো। তাৰ পৰাও মোৰ এটা উপাৰ্জন আহে। গতিকে মীনপালনৰ জৰিয়তে লাভৱান হোৱাৰ যথেষ্ঠ সুযোগ থাকে আৰু মই ইয়াৰ সুযোগ গ্ৰহণ কৰিছো।

গ্ৰাম্য পটভূমিত সকলো কাম-কাজ চম্ভালি এই আটাইকেইটা দিশ চম্ভালিবলৈ অসুবিধা নহয়নে?

চাওক ইচ্ছা কৰিলে মই গ্ৰাম্য মহিলা গতিকে ঘৰত লৰা-ছোৱালীৰ দায়িত্ব লোৱাৰ পৰা আদি কৰি গ্ৰাম্য পটভূমিত যিখিনি কাম থাকে সকলো খিনি কাম কৰিব লগা হয় মই কৰো কিন্তু তাৰ মাজতো মই গোটেই সময়খিনি মই এনেকে মিলাই লওঁ যে এই গোটেই কেইটা কাম চম্ভালিব অসুবিধা নহয় অৱশ্যে মই এটা কথা ক’ব লাগিব যে এই ক্ষেত্ৰত মোৰ স্বামীয়ে প্ৰতিটো ক্ষেত্ৰতে সহায় কৰে আৰু যেতিয়া দৰকাৰ হয় আমি মজুৰি হিচাপে আন মহিলাকো নিয়োগ কৰো। গতিকে যদি সদইচ্ছা থাকে আৰু সময় ব্যৱস্থাপনা সঠিক ৰূপত কৰিব পাৰি তেতিয়া হ’লে এইখিনি চম্ভালিবলৈ কোনো অসুবিধা নহয়।

আপোনাৰ সফলতাই স্থানীয় আন মহিলাকো এনে ধৰণৰ কাম-কাজ কৰিবলৈ আকৰ্ষিত কৰিছেনে? তেওঁলোকে আপোনাৰ কাম চাবলৈ বা দিহা-পৰামৰ্শ বিচাৰি আহেনে?

আহে তেওঁলোকে যথেষ্ট আকৰ্ষণ কৰিছে। তেওঁলোক মোৰ ওচৰলৈ আহে মই আচাৰ কেনেদৰে বনাইছো জানিবলৈ আহে আৰু মীনপালনৰ ক্ষেত্ৰতো জানিবলৈ বিচাৰে। মই আপোনাক জনাব পাই ভালপাম যে বহুত মহিলাই তেওঁলোক ঘৰতো মই দিয়া (Cake backing Class) কৰি নতুনকৈ স্বাৱলম্বী হ’বলৈ শিকিছে লগতে মীনপালনৰ জৰিয়তেও স্বাৱলম্বী হৈছে। তেওঁলোকে বিচৰা মতে মই তেওঁলোকক মই যাৱতীয় দিহা পৰামৰ্শবোৰ দিওঁ আৰু বহুতে যি ব্যৱহাৰিক যি জ্ঞান মোৰ উদ্যোগ বা মোৰ মাছ খেতি পামৰ পৰাই আহৰণ কৰে। গতিকে মোৰ এই কাম-কাজখিনিয়ে স্থানীয় বহুতো মহিলাক আকৰ্ষিত কৰিছে।

আপোনাৰ উদাহৰণৰ পেক্ষাপটৰ পৰা মহিলা সৱলীকৰণ প্ৰসংগত গ্ৰাম্য মহিলা সকলক কি পৰামৰ্শ দিব?

হয় আমাৰ মহিলাসকল আচলতে বহুতো সম্পদ আছে, সামৰ্থ আছে, আমি ইচ্ছা কৰিলে মহিলা সৱলীকৰণ অৰ্থাৎ মহিলাসকল আৰ্থিকভাৱে সৱল হ’ব পাৰোঁ। মই যেতিয়া ২০ বছৰ বয়সত বিয়া হৈ আহিছিলো আৰু মই চহৰত ডাঙৰ-দীঘল হোৱা ছোৱালী আছিলো মই কেতিয়াও ভবা নাছিলো যে এনেকে মই উপাৰ্জন কৰি এটা পৰিয়াল পোহপাল দিয়াৰ লগতে অতি অৰ্থনৈতিক স্বচ্ছান্দে ভাৱে মোৰ ল’ৰা-ছোৱালী দুটাক শিক্ষা-দিক্ষা গ্ৰহণ আৰু লগতে সমগ্ৰ অঞ্চলটোত মই এটা ভালকে কাম কৰি যাবলৈ পাৰিম কিন্তু এতিয়া মই দেখিলো যে ইচ্ছা কৰিলে যদি আমি খুব অন্তঃকৰণেৰে বা প্ৰণালীবদ্ধ ভাৱে আগবাঢ়ো, নিষ্ঠা সততা আৰু একাগ্ৰতাৰে আগবাঢ়ো তেনেহ’লে এই কামখিনি আমাৰ মহিলাসকলৰ বাবে অকণমানো টান কাম নহয়। মই সকলো গ্ৰাম্য মহিলাক অনুৰোধ কৰিম তেওঁলোকে যেন ওলাই আহে আৰু এই ধৰণৰ যিবোৰ উপাৰ্জন মূখী কাম কৰক উপাৰ্জন মূখী কামবোৰ সকলোৰে বেলেগ-বেলেগ হ’ব পাৰে কিন্তু মহিলা সকলে উপাৰ্জন মূখী কাম কৰিব পাৰে আৰু তেওঁলোক আৰ্থিকভাৱে টনকিয়াল হ’লে মহিলা সৱলীকৰণ প্ৰশস্ত্য হ’ব এয়ে মোৰ সমূহ অসমবাসী মহিলালৈ পৰামৰ্শ বুলি নকও এয়া মোৰ অনুভৱ বুলি কৱ বিচাৰিছো। পৰামৰ্শ দিয়াৰ ধৃষ্টতা মোৰ নাই কিন্তু এয়া মোৰ অনুভৱ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা।

You might also like