সুকন্যা : দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই কৰ্মক্ষেত্ৰত উজলিছে নৱনীতা
শিক্ষা সমাপ্তিৰ অন্তত শৈশৱৰে পৰাই ৰূপসজ্জাৰ প্ৰতি থকা গভীৰ নিচাৰ হেতু মাতৃয়ে সঞ্চয় গোটৰ পৰা ঋণ হিচাপে লৈ দিয়া ২৫০০ টকাক সাৰথি কৰি তেজপুৰৰ মালৱিকা মজুমদাৰৰ তত্বাবধানত শেৱালি বিউটি পাৰ্লাৰত এটি ছমহীয়া বিউটি পাৰ্লাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে
মানসজ্যোতি বৰুৱা
এটি আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালত জন্ম গ্ৰহণ কৰি নিজৰ সাহস আৰু কৰ্মস্পৃহাক সাৰথি কৰি কৰ্ম ক্ষেত্ৰত শূন্যৰ পৰা শিখৰলৈ ধাৱমান হোৱা এগৰাকী স্বাবলম্বী যুৱতী নৱনীতা চহৰীয়া । দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাজৰিকাপাৰা গাঁৱৰ শালমাছ উঠা নিবাসী কৃষক দম্পতী যতীন্দ্ৰ চহৰীয়া আৰু ফুলেশ্বৰী চহৰীয়াৰ দুহিতা নৱনীতা চহৰীয়াই গৌৰৱোজ্বল সোণালী জয়ন্তী উদযাপন কৰা স্থানীয় শালমাছ উঠা প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলে।
তাৰ পিছত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ স্ত্ৰী শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, মঙলদৈ স্থিত শঙ্কৰদেৱ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু ছিপাঝাৰ মহাবিদ্যালয়ৰ পৰা ভূগোল বিষয়ক গুৰু পাঠ্যক্ৰম হিচাপে লৈ স্নাতক ডিগ্ৰী অৰ্জন কৰে।
শিক্ষা সমাপ্তিৰ অন্তত শৈশৱৰে পৰাই ৰূপসজ্জাৰ প্ৰতি থকা গভীৰ নিচাৰ হেতু মাতৃয়ে সঞ্চয় গোটৰ পৰা ঋণ হিচাপে লৈ দিয়া ২৫০০ টকাক সাৰথি কৰি তেজপুৰৰ মালৱিকা মজুমদাৰৰ তত্বাবধানত শেৱালি বিউটি পাৰ্লাৰত এটি ছমহীয়া বিউটি পাৰ্লাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । তাৰ পিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত SIPRD আঁচনিৰ অধীনত এগৰাকী বিউটি পাৰ্লাৰৰ প্ৰশিক্ষক হিচাপে তিনিমাহ কৰ্ম সম্পাদন কৰে।
উক্ত প্ৰশিক্ষণ প্ৰদানৰ অন্তত গুৱাহাটীৰ শিলপুখুৰীস্থিত পাৰপোল মেকআপ ষ্টুডিঅত ছমাহ মেকআপৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু সমান্তৰালভাৱে গুৱাহাটীৰ ভঙাগড় স্থিত ৰেড কাৰ্পেট মেকআপ ষ্টুডিঅত মাইনু দেৱীৰ তত্বাবধানত এমহীয়া এটি Nail Extention ৰ প্ৰশিক্ষণ গ্ৰহণ কৰা নৱনীতাই কলকাতাতো Nail Extention ৰ এটি তিনিদিনীয়া মাষ্টাৰ ক্লাছ সমাপন কৰে।
প্ৰশিক্ষণ গ্ৰহণ কৰি অভিজ্ঞতা পুষ্ট নৱনীতাই Assan Skill Development আঁচনিৰ অধীনত তেজপুৰত এটি তিনিমহীয়া বিউটি পাৰ্লাৰৰ প্ৰশিক্ষক হিচাপে যোগদান কৰি তাত এবছৰ কৰ্ম সম্পাদন কৰে । ২০২২ বৰ্ষত দুই লাখ টকা নিজা মূলধনেৰে দৰং জিলাৰ সদৰ মঙলদৈস্থিত ভেবাৰঘাটত ননীচ্ মেকআপ ষ্টুডিঅ নামেৰে এখনি ব্যৱসায় আৰম্ভ কৰে।
তাত দুবছৰ ব্যৱসায় কৰি ঘৰৰ পৰা অহা যোৱা কৰাত অসুবিধা হোৱা হেতু নিজ গৃহ ভূমিৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত অৱস্থিত বৰদৌলগুৰি চকত ২০২৫ বৰ্ষত ননীচ্ মেকআপ ষ্টুডিঅ আৰু ননীচ্ বিউটি পাৰ্লাৰ নামেৰে ব্যৱসায় খন স্থানান্তৰ কৰি পুনৰ আৰম্ভ কৰে।
উক্ত ষ্টুডিঅ টোত বিউটি পাৰ্লাৰ, Nail Extentionৰ উপৰি মেকআপৰ প্ৰশিক্ষণ দিয়া হয়। কেৱল ব্যৱসায়িক ক্ষেত্ৰ খনিতেই যে নৱনীতা জড়িত এনে নহয়, নৱনীতা এগৰাকী সুদক্ষ অভিনেত্ৰী আৰু নৃত্য পটিয়সী হিচাপেও জনসমাদৃত। নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত সময়ত বিদ্যালয় সপ্তাহত অনুষ্ঠিত হোৱা একাংক নাট প্ৰতিযোগিতাত সাৱলীল অভিনয় কৰি পোন প্ৰথমে অভিনয় জগতত খোজ দিয়া নৱনীতাই পিছলৈ ছিপাঝাৰৰ “চৰ্চা” নামৰ নাট্যগোষ্ঠীটোৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উপৰিও হায়দৰাবাদ, বাংগালোৰ আদি ভাৰতবৰ্ষৰ ভিন্ন ঠাইত অভিনয় কৰে।
ইয়াৰ উপৰি পথাৰ, অসমৰ উদ্যোগত হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শালমাছ উঠা মন্দিৰৰ বাকৰিত অনুষ্ঠিত হোৱা পূৰ্ণাংগ নাটকত একেৰাহে চাৰিবছৰ মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰি শ্ৰোতা- দৰ্শকৰ ভূয়সী প্ৰসংশা লাভ কৰিবলৈ সক্ষম হৈছিল।
আনহাতে, উত্তৰ -পূব ভাৰতৰ সৰ্ব বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ, দৰং জিলা শাখাৰ সেৱা বাহিনীৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে দৰং জিলা সেৱা বাহিনীৰ দ্বাৰা গঠিত বিহু দলৰ এগৰাকী বিহুৱতী হিচাপে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুকলি বিহু প্ৰদৰ্শন কৰি প্ৰশংসিত হৈছে। শৈশৱত এটি আৰ্থিক ভাৱে নাজল-নাথল পৰিবেশত ডাঙৰ-দীঘল হৈ অভাৱৰ লগত জোলোকে- জোলোকে পানী খাই এদিন নিজৰ ভৰিত নিজে থিয় দিয়াৰ দুৰ্বাৰ হেঁপাহ লৈ কৰ্মক্ষেত্ৰত খোজ দিয়া নৱনীতাই তেজপুৰৰ ৰঙাপাৰাৰ মালৱিকা মজুমদাৰৰ সান্নিধ্য লভি নিজৰ জীবনৰ ছন্দ ঘূৰাই পোৱা বুলি উল্লেখ কৰে।
মেকআপ আৰ্টিষ্ট ৰ সমানে-সমানে বিচনা চাদৰ আৰু চাদৰ-মেখেলা ফেব্ৰিক কৰিও বিক্ৰী কৰে। গুৱাহাটীত পোন্ধৰ খনতকৈও অধিক বিউটি পাৰ্লাৰৰ চেমিনাৰত অংশগ্ৰহণ কৰি অভিজ্ঞতা পুষ্ট নৱনীতাই ব্যৱসায় খন ক্ৰমান্বয়ে সম্প্ৰসাৰণ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত একোটা শাখা খোলাৰ মনত আশা পুহি ৰখা বুলি মত ব্যক্ত কৰে।
উদ্যমী যুৱতী নৱনীতাই নিজৰ মত ব্যক্ত কৰি কয় যে এটা চৰকাৰী চাকৰিয়েই জীৱনৰ সৰ্বস্ব নহয়, চাকৰি বিচাৰি ঘৰত বহি থাকিলে নিজৰ জীবনৰ বহুমূলীয়া সময় অপচয়ৰ বাদে অন্য একো নহয় বুলি দোহাৰে। কাম কৰাৰ প্ৰবল ধাউতি আৰু নিজৰ মনত এটি সপোন থাকিলে মূলধনক লৈ কোনো চিন্তাৰ কাৰণ নাই।
কিয়নো, মায়ে সঞ্চয় গোটৰ পৰা আনি দিয়া মাত্ৰ ২৫০০ টকাক সাৰথি কৰিয়েই আজি ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিছো। আনহাতে, নিজৰ ভাল লগা কামটো যেতিয়া পেছা হৈ পৰে তেতিয়া কাম কৰি কষ্ট নাপায়। যিহেতু মোৰ শৈশৱৰে পৰাই ৰূপসজ্জাৰ প্ৰতি বিৰাট আগ্ৰহ আছিল। সেয়েহে, আজি মই সফলতা লভিব পাৰিছো।
প্ৰত্যেক গৰাকী যুৱতী নাৰীয়ে নিজৰ ভাললগা কামেৰে আগবাঢ়িলে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহয় বুলি কয়। এনেদৰে, এদিন জোৰা টাপলি মাৰি চলা এখন ঘৰৰ পৰা অভাৱ অনাটনৰ লগত যুঁজ বাগৰ কৰি পেটৰ ভাতমুঠি যোগাৰ কৰাৰ উদ্দেশ্যে মনত দৃঢ় পন লৈ কৰ্মৰ সন্ধানত ওলাই গৈ আজি নিজে ব্যৱসায় কৰাৰ উপৰিও আন যুৱতী -মহিলাকো কৰ্ম সংস্থাপন দিয়াৰ মুখ্য উদ্দেশ্য লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ যি সপোন দেখিছে সেই সপোন দিঠকত পৰিণত হৈ নৱনীতা এদিন ৰাজ্যৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে চিহ্নিত হওক। তাৰেই আশা কৰিলোঁ।
ফোনঃ ৯৬১৩৮-২৩২৩৩