সুকন্যা : গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য্য পাহাৰ
জ্যোতিষ নাথ
ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণ পাৰৰ গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান। মুলতঃ শ্ৰী সূৰ্য্য পাহাৰৰ পূৱ অংশত অৱস্থিত বিভিন্ন প্ৰত্নতাত্ত্বিক সমলেৰে পৰিপূৰ্ণ শ্রীসূৰ্য পাহাৰ সনাতন হিন্দু ধৰ্মৰ অন্যতম দেৱত্বৰ স্থান। ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্য্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে। শ্ৰীসূৰ্য্যপাহাৰত থকা ভগ্নাৱশেষ বোৰে আমাক মূলত তিনিটা প্ৰধান ধৰ্ম- সনাতন তথা বৈদিক ধৰ্ম, বৌদ্ধ, আৰু জৈন ধৰ্মৰ বিষয়ে সমল যোগায়।
শ্ৰীসূৰ্য পাহাৰত বিভিন্ন প্ৰান্তত এই তিনিটা ধৰ্মৰ ভগ্নাৱশেষ পূৰ্ব খ্ৰীষ্টাব্দৰ পৰা দেখিবলৈ পোৱা যায় বুলি বিভিন্ন জনে মত পোষণ কৰি আহিছে। শ্ৰীসূৰ্য পাহাৰত ৯৯৯৯৯ টা বিভিন্ন আকৃতিৰ শিৱলিঙ্গ বিদ্যামান বুলি প্ৰৱাদ আছে সেয়েহে শ্ৰীসূৰ্য্য পাহাৰক ভাৰতৰ পশ্চিমাঞ্চলৰ ইলোৰাৰ(প্ৰৱাদ মতে ইলোৰাত এক লাখ শিৱলিঙ্গ আছে) লগত তুলনা কৰা হয়।
গোৱালপাৰা জিলাৰ গোৱালপাৰা চহৰৰ পৰা মাটিয়া সংযোগী পথেৰে ১২ কিলোমিটাৰ আৰু গুৱাহাটী দিশৰ পৰা আহিলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুধনৈ- মাটিয়া – গোৱালপাৰা চহৰ সংযোগী পথৰে ১৩২ কিলোমিটাৰ দুৰত্বত মৰনৈ ডুৱাপাৰৰ সমীপত শ্রী সূৰ্য পাহাৰ অৱস্থিত।
ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য্যপাহাৰৰ পাদদেশ আৰু ইয়াৰ আশে-পাশে ব্ৰাহ্মণ্য ধৰ্মৰ বহুতো শিলত খোদিত ভাস্কৰ্য্য দেখিবলৈ পোৱা যায়| ইয়াৰ উল্লেখযোগ্য ভাস্কৰ্য্য বোৰ হ’ল শিৱ-বিষ্ণুৰ মূৰ্ত্তি, দ্বাদশভূজা বিষ্ণুৰ মূৰ্ত্তি, গণেশ, হৰি-হৰ, শিলত খোদিত শিৱলিংগ, বিষ্ণুপদ, শিলত কটা গুহা ইত্যাদি| সৌন্দৰ্য্য আৰু নিৰ্মাণশৈলীৰ ফালৰ পৰা লক্ষ্য কৰিলে ইয়াক খ্ৰীষ্টাব্দ নৱম শতিকাৰ বুলি অনুমাণ কৰিব পাৰি সাহিত্যগত তথ্যই সমৰ্থন কৰে যে পুৰণি অসমত অন্য দেৱ-দেৱীৰ পূজা হৈছিল।
শ্ৰীসূৰ্য পাহাৰৰ ওচৰে পাজৰে এটা সমৃদ্ধ সভ্যতা প্ৰতিষ্ঠিত আছিল। কিছু সংখ্যক পণ্ডিতৰ মতে বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেন চাংৰ বিৱৰণত শ্ৰী সূৰ্য পাহাৰ কুমাৰ ভাস্কৰ বৰ্ম্মন(৬০০-৬৫০) ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ বা প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰাচীন ভূমি আছিল। শ্ৰী সূৰ্য পাহাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী সূৰ্য পাহাৰক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ বা প্ৰশাসনৰ কেন্দ্ৰ আছিল।
শ্ৰী সূৰ্য নামৰ পৰা এই স্থানত সূৰ্য্য বা সূৰ্য্য ভগৱানৰ উপাসনা হৈছিল সেয়া প্ৰমানিত কৰে। প্ৰাচীন অসম বা প্ৰাগজ্যোতিষপুৰৰ দুখন ঠাইতহে জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আৰু সূৰ্য্য সমন্বিতে নৱগ্ৰহ পূজাৰ প্ৰচলন আছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। এটা নৱগ্ৰহ মন্দিৰ আৰু আনখন শ্ৰীসূৰ্যগিৰি বা সূৰ্যপাহাৰ। গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্যপাহাৰ সূৰ্য্য দেৱ-দেৱীৰ মূৰ্ত্তিৰে সমৃদ্ধ এখন স্থান| সূৰ্য্য পূজাৰ লগত জড়িত হোৱাৰ কাৰণে এই ঠাইখনৰ নাম শ্ৰী সূৰ্য্যপাহাৰ হোৱা বুলি প্ৰবাদ আছে।
বৈদিক সাহিত্য ৰাজিৰ কোনো গ্ৰন্থতেই বৰ্তমানলৈ শ্ৰী সূৰ্য পীঠস্থানৰ বিষয়ে কোনো তথ্য পোৱা নাযায় যদিও পৌৰাণিক সাহিত্য ৰাজি, যেনে- মাৰ্কণ্ডেয় পুৰাণ আৰু কালিকা পুৰাণৰ বৰ্ণনা অনুসৰি শ্ৰী সূৰ্য পাহাৰৰ সৈতে সাদৃশ্য থকা পীঠস্থানৰ বৰ্ণনা পোৱা যায়। কালিকা পুৰাণৰ ৭৯ নং অধ্যায় ‘তীৰ্থ প্ৰসঙ্গ’ ৰ বহু শ্লোকৰ মাজত শ্ৰীসূৰ্য পীঠস্থানৰ লগত সাদৃশ্য থকা বৰ্ণনা পোৱা যায়। তাৰোপৰি ‘যোগিনী তন্ত্ৰম’ৰ উত্তৰ খণ্ডমৰ ১ম পটলত বৰ্ণিত তীৰ্থ, নদী আৰু পৰ্বতৰ বৰ্ণনাতো শ্ৰীসূৰ্য পাহাৰৰ সৈতে সাদৃশ্য থকা পীঠৰ বৰ্ণনা পোৱা যায়।
ইয়াৰ এটা শিলাখণ্ডত ঘুৰণীয়া আকৃতিৰ ভাস্কৰ্য্য আছে| যাৰ কেন্দ্ৰস্থলত থকা ভাস্কৰ্য্যটো প্ৰজাপতি বুলি চিহ্নিত কৰা হৈছে যাক বাৰতা পদুমৰ পাহিৰে আবৃত কৰি ৰখা আছে| প্ৰতিটো পদুমৰ পাহিত এটাকৈ আদিত্যৰ মূৰ্ত্তি আছে| সেইবোৰ যথাক্ৰমে ধাত্ৰী, মিত্ৰ, আৰ্যমান, ৰুদ্ৰ, বৰুণ, সূৰ্য্য, ভাগ, বিৱসণ, পুষণ, সাবিত্ৰী, তৱস্ত্ৰী আৰু বিষ্ণু| এইটোৱেই প্ৰমাণ কৰে যে শ্ৰী সূৰ্য্য পাহাৰ সূৰ্য্য পূজাৰ লগত জড়িত আছিল।
প্ৰাচীন কামৰূপৰ বুৰঞ্জীত বৌদ্ধধৰ্মৰ বিষয়ে বিশেষ উল্লেখ নাই যদিও সূৰ্য্যপাহাৰত পোৱা বৌদ্ধধৰ্মৰ শিলত কটা স্তুপবোৰে ইয়াত বৌদ্ধধৰ্মৰ চৰ্চা হৈছিল বুলি জানিব পৰা গৈছে ইয়াত থকা বৌদ্ধধৰ্মৰ স্তুপবোৰ বিভিন্ন জোখৰ আৰু এইবোৰ অৰ্ধগোলাকৃতি সদৃশ স্তুপবোৰৰ আকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বৌদ্ধধৰ্মৰ হীনযান শাখাৰ বুলি অনুমান কৰিব পাৰি আৰু ইয়াক খ্ৰীষ্টপূৰ্ব যুগৰ বুলি ঠাৱৰ কৰা হৈছে।
চুবুৰীয়া ৰাজ্য বিহাৰ আৰু পশ্চিমবংগত পিছৰ পৰ্যায়ত বৌদ্ধধৰ্মৰ মহাযান আৰু বজ্ৰযান শাখালৈ উন্নীত হোৱাৰ দৰে শ্ৰীসূৰ্য্যপাহাৰতো পিচৰ পৰ্যায়ত মহাযান শাখালৈ উন্নতি হয়। জৈন ধৰ্মৰ শিলালিপি আৰু ভাস্কৰ্য্যৰ নিৰ্মাণশৈলীয়ে ইয়াক খ্ৰীষ্টাব্দ নৱম শতিকাৰ লগত যুক্ত কৰে। ইয়াতে এটা ডাঙৰ গ্ৰেণাইট শিলৰ নামনি অংশত জৈন ধৰ্মৰ দুটা মূৰ্ত্তি খোদিত আছে| মূৰ্ত্তি দুটা থিয় অৱস্থাত ধ্যানমগ্ন হৈ আছে আৰু ইয়াৰ হাত দুখন এক বিশেষ ভংগিমাত আঠুৰ তললৈকে ওলমি আছে| অন্য এটা মূৰ্ত্তি পাহাৰৰ ওপৰত আছে আৰু ইয়াক আদিনাথ বুলি জনা যায়।
পাহাৰৰ পাদদেশত চলোৱা খনন কাৰ্য্যত দুটা মন্দিৰৰ চৌহদৰ লগতে বহুতো পৌৰাণিক সম্পদ উদ্ধাৰ হৈছে যাৰ সময়সীমা খ্ৰীষ্টাব্দ ৬শ শতিকাৰ পৰা ১২শ শতিকাৰ বুলি অনুমাণ কৰা হৈছে| ইয়াত উদ্ধাৰ হোৱা এটা মন্দিৰৰ চৌহদ ইটাৰে সজোৱা আৰু ই উত্তৰা-দক্ষিণাকৈ অৱস্থিত| খনন কাৰ্যত উদ্ধাৰ হোৱা আনটো মন্দিৰৰ চৌহদ শ্ৰীসূৰ্য্যপাহাৰত থকা পুৰণি পুখুৰীৰ ওচৰত| এই ঠাইৰ উল্লেখযোগ্য আৱিস্কাৰৰ ভিতৰত মহিষাসুৰমৰ্দিনীৰ মূৰ্ত্তি, গনেশ আৰু কিছু সংখ্যক শিলৰ ভাস্কৰ্য্য।
এই ঠাইৰ খনন কাৰ্য্যত এটা সৰু পানীৰ কুণ্ড উদ্ধাৰ কৰা হৈছে। ই গণেশ কুণ্ড নামেৰে সৰ্বজনবিদিত। ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগে খনন কাৰ্যত উদ্ধাৰ হোৱা বহুতো পৌৰাণিক সম্পদ শ্ৰীসূৰ্য্যপাহাৰত থকা সংগ্ৰহালয়ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। প্ৰদৰ্শিত হোৱা ভাস্কৰ্য্য বোৰৰ ভিতৰত উল্লেখযোগ্য ভাস্কৰ্য্য বোৰ হ’ল- মহিষাসুৰমৰ্দিনী, গজসিংহ, বিদ্যাধৰ, কীৰ্তিমুখ, পোৰা মাটিৰ বুদ্ধদেৱৰ মূৰ্ত্তি, মানুহ, জন্তু কীৰ্তিমুখ, আমলা, সিংহৰ মুখ আদিয়ে প্ৰধান।
প্ৰকাশযোগ্য যে এই পাহাৰত এটা কম একলক্ষ সৰু ডাঙৰ শিৱলিঙ্গ শিলত কটা থকা বুলি জনশ্ৰুতি আছে। ইয়াৰ উপৰি এটা দ্বাদশভূজা প্ৰকাণ্ড মূৰ্ত্তি শিলত খোদিত আছে। সেয়েহে দ্বাদশ ভূজা মূৰ্তিটোকেই দশভূজা বুলি ধাৰণা কৰি এই পাহাৰ খনন আন এটি নাম দশভূজা দেৱস্থান ৰুপে জনাজাত।
প্ৰতি বছৰে ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য্য পাহাৰৰ বিভিন্ন ভাস্কৰ্য নিজ চকুৰে পৰিদৰ্শন কৰাৰ বাবে দেশ বিদেশৰ বিভিন্ন ধৰ্মালম্বী পৰ্যটকে ভিৰ কৰে । পাহাৰ খনৰ চৌদিশে সিচঁৰিত হৈ থকা ঐতিহাসিক সমল সমুহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰ খনৰ পাদদেশত নিৰ্দিষ্ট দুৰত্বত বনভোজ খোৱাৰ বাবে দেৱত্বৰ পৰিচালনা সমিতিয়ে অনুমতি প্ৰদান কৰাৰ লগতে প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীৰ সকলৰ সুবিধাৰ্থে ঐতিহ্যমণ্ডিত সমলসমুহৰ বিষয়ত বিস্তৃত ভাবে বুজাই দিবলৈ পৰিচালনা সমিতিৰ লগতে পুৰোহিত নিয়োজিত কৰা হৈছে। তেওঁলোকে পাহাৰখনৰ বিভিন্ন প্ৰান্তত থকা ভাস্কৰ্য সম্পৰ্কত বিস্তৃতভাৱে বুজাই দিয়ে। দেৱত্বৰ শ্রী সূৰ্য পাহাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি পৱিত্ৰ মাঘি পূৰ্ণিমাৰ লগত সংগতি ৰাখি মহা যজ্ঞ, পূজা মেলা মহোৎসৱৰো আয়োজন কৰা হয়।