নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনকাউণ্টাৰত নিহত শীর্ষ মাওবাদী গণেশ উইকে, ওড়িশাৰ কন্ধমলত আৰক্ষীৰে সংঘর্ষ

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : মাওবাদী শীর্ষ নেতা মাদবি হিদমাৰ মৃত্যুৰ পিছত জোৰ অনুসন্ধান চলিছিল আন এগৰাকী শীর্ষ নেতা গণেশ উইকেক লৈ ৷ বুধবাৰে নিশা গোপন সূত্রৰ পৰা কন্ধমলৰ বেলঘৰ থানালৈ খবৰ আহে যে জিলাখনৰ গুম্মাৰ জংঘলত এদল মাওবাদীয়ে মাৰবান্ধি আছে৷

বৃহস্পতিবাৰে নিচেই পুৱা আৰক্ষীয়ে অভিযান চলোৱাত জংঘলৰ ভিতৰত মাওবাদীসকলৰ সৈতে নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীয়াগুলী আৰম্ভ হয়৷ জংঘলখনক ঘেৰি ধৰি তালাচী অভিযান চলাই থাকোঁতে মাওবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলী চলাবলৈ আৰম্ভ কৰে৷ নিৰাপত্তা বাহিনীয়েও গুলীৰেই উত্তৰ দিয়ে৷

আৰক্ষী সূত্রই সংবাদ প্রতিষ্ঠানক জনোৱা মতে, আৰক্ষী বাহিনীৰ সৈতে হোৱা এই সংঘর্ষত চাৰিজন মাওবাদীৰ মৃত্যু হয়৷ তাৰ ভিতৰত এজনক চিনাক্ত কৰা হৈছে৷ তেওঁৰ নাম গণেশ উইকে৷ আৰক্ষীৰ মতে, মাওবাদী নেতাজন গণেশ পাক্কা হনুমণ্ট, ৰাজেশ তিৱাৰী, ছামৰু আৰু ৰূপা নামেৰেও পৰিচিত৷ গণেশৰ মূৰৰ দাম ইতিমধ্যে আৰক্ষীয়ে এক কোটি এক লাখ টকা ঘোষণা কৰিছিল৷

You might also like