অপৰাধীৰে সুসম্পর্ক ৰাখিব নোৱাৰিব আৰক্ষীয়ে
দুলীয়াজানত আৰক্ষী অধীক্ষকৰ সন্মিলনত মুখ্যমন্ত্রী ড০ শর্মাৰ সকীয়নি
নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ অহা দুই–তিনি বছৰৰ ভিতৰত কোনো ব্যক্তিৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্রয়োজন নোহোৱা এক পৰিৱেশ সৃষ্টিৰ বাবে অসম আৰক্ষীয়ে প্রয়াস কৰিব লাগিব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ অসম আৰক্ষীত সংস্কাৰ সাধনৰ দিশত এক নতুন মাত্রা অন্বেষণৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই সোমবাৰে তৈলনগৰী দুলীয়াজানত অসমৰ সকলো জিলাৰ আৰক্ষী অধীক্ষকসকলৰ দ্বিতীয়খন সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই মন্তব্য কৰে৷ দুদিন ধৰি চলিবলগীয়া এই সন্মিলনত ৰাজ্যৰ ৩৪খন জিলাক প্রতিনিধিত্ব কৰা ৯৪গৰাকীৰো অধিক আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াই অংশগ্রহণ কৰে৷ সন্মিলনখনত উদ্বোধনী ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সর্বসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বন্ধুত্বসুলভ মানসিকতাৰে অসম আৰক্ষীয়ে জনতাৰ কাষত সদায়েই থিয় দিব লাগিব৷ কিন্তু একে সময়তে শূন্য সহনশীল নীতিৰে সকলো প্রকাৰৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতিও গ্রহণ কৰিব লাগিব৷ গুণগত মানৰ অনুসন্ধান আৰু ফলপ্রসূতাৰে গোচৰ নিষ্পত্তি প্রক্রিয়াত সফল আৰক্ষী বাহিনীৰ মূল চাবিকাঠী বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ নাগৰিকসকলৰ বিৰুদ্ধে সংঘটিত সকলো প্রকাৰৰ অন্যায়ৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিবলৈ আৰক্ষী বিভাগৰ লোকসকলৰ প্রতি আহ্বান জনায়৷ এক প্রযুক্তিচালিত আৰক্ষী বাহিনী গঢ়ি তোলাটো ৰাজ্য চৰকাৰৰ অন্যতম প্রধান লক্ষ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সময়ৰ সৈতে খোজ মিলাই পৰিৱর্তনশীল অপৰাধসমূহৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অসম আৰক্ষীয়ে নিজৰ কাম–কাজত অত্যাধুনিক প্রযুক্তিৰ অভিযোজন নিশ্চিত কৰিব লাগিব৷
ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা সংস্কৃতিৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই সংস্কৃতিৰ পৰা আঁতৰি আহিবলৈ সকলোৰে প্রতি আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আৰক্ষীৰ টহল বৃদ্ধি আৰু সক্রিয় নিৰীক্ষণ প্রক্রিয়াৰ যোগেদি সমাজলৈ অহা সকলো ভাবুকি আৰক্ষীয়ে প্রতিহত কৰিব লাগিব৷ ৰাজ্যৰ সামগ্রিক আইন–শৃংখলা উন্নীতকৰণেৰে অহা দুই–তিনি বছৰৰ ভিতৰতে এনে এক পৰিৱেশ সৃষ্টিৰ প্রয়াস কৰিব লাগিব, য’ত আদর্শগতভাৱে কোনো ব্যক্তিৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্রয়োজন নহয়৷ অসম আৰক্ষীত নিযুক্তি প্রক্রিয়া অহা ১০ মে’ৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে আৰক্ষী সঞ্চালকপ্রধানক নির্দেশনা প্রদানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক্রমাগতভাৱে ব্যক্তিগত নিৰাপত্তাৰক্ষী প্রত্যাহাৰ আৰু আৰক্ষী বিভাগত পর্যাপ্ত মানৱ সম্পদ নিয়োগৰ জৰিয়তে অহা দিনবোৰত জনসাধাৰণৰ নিৰাপত্তা আৰু অপৰাধ অনুসন্ধানৰ বাবে কর্মক্ষেত্রত পর্যাপ্তসংখ্যক আৰক্ষী বিষয়া–কর্মী উপলব্ধ হ’ব লাগিব৷ জনসাধাৰণৰ মাজত নিজৰ নিকা ভাবমূর্তি অটুট ৰাখিবলৈ আৰক্ষী বিভাগ সদায় তৎপৰ হ’ব লাগিব৷ অপৰাধত অভিযুক্ত কোনো ব্যক্তিৰ সৈতে আৰক্ষীয়ে বন্ধুত্ব গঢ়ি তুলিব নালাগিব৷ প্রতি মুহূর্ততে জনসেৱাত উৎসর্গিত মনোভাবেৰে সেৱা আগবঢ়াবলৈ অসম আৰক্ষী প্রস্তুত থাকিব লাগিব৷ দেশৰ সার্বভৌমত্ব আৰু সুৰক্ষা অটুট ৰখাৰ বাবে আৰক্ষী বিভাগ সদাসতর্ক হৈ থাকিব লাগিব৷
ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্রী ড০ শর্মাই ছমাহৰ আগতে কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ প্রথমখন সন্মিলনত তেওঁ অসম আৰক্ষীক নিজৰ কর্মপন্থা আৰু ভূমিকা নতুনকৈ নির্ধাৰণ কৰাৰ বাবে যি আহ্বান জনাইছিল, সেই আহ্বানৰ প্রতি সঁহাৰি জনাই বিভাগীয় সংস্কাৰ সাধনৰ দিশত বিগত কেইমাহত অসম আৰক্ষীয়ে লাভ কৰা অগ্রগতিত সন্তুষ্টি প্রকাশ কৰে৷ অৱশ্যে এই দিশত এতিয়া বহু কৰণীয় আছে আৰু অসম আৰক্ষীয়ে সংস্কাৰৰ এই যাত্রা অব্যাহত ৰাখিব লাগিব৷ ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ তৃতীয়খন সন্মিলন অহা ছমাহৰ পাছত গোলাঘাট জিলাৰ দেৰগাঁৱত অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷
আনহাতে, আৰক্ষী বিভাগৰ লোকসকলৰ বাবে পর্যাপ্তসংখ্যক আৱাস নির্মাণৰ বাবে পৰৱর্তী বাজেটত ৰাজ্য চৰকাৰে এক বিশেষ প্রকল্প হাতত ল’ব বুলি উল্লেখ কৰে৷ ভাৰতীয় সভ্যতা আৰু মূল্যবোধৰ প্রতি সন্মান জনাই নিজৰ পিতৃ–মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রদান কৰা বিশেষ ছুটীৰ সুবিধা আৰক্ষী বাহিনীৰ লোকসকলকো পর্যায়ক্রমে প্রদানৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই আৰক্ষী অধীক্ষকসকললৈ আহ্বান জনায়৷ সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী তথা ডিব্রুগড় জিলাৰ অভিভাৱক মন্ত্রী অতুল বৰা, ক্রীড়ামন্ত্রী বিমল বৰা, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, তেজপুৰস্থিত ভাৰতীয় সেনাৰ ফ’ৰ ক’ৰৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল ৰবীন খোছলা, ভাৰপ্রাপ্ত এ অ’ চি এয়াৰ মার্শ্বাল ডি কে পাটনায়ক, অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ চি মিশ্র, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক কার্যবাহী প্রশান্ত বৰকটকীও উপস্থিত থাকে৷