নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী কনৰাড চাংমাক তদন্তৰ প্রতিবেদন দাখিল মন্ত্রী পীয়ূষৰ

সীমা সমস্যাক লৈ শ্বিলঙত বৈঠক

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকাই আজি শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ উপস্থিতিত ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী প্রিষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াৰ সৈতে অসম–মেঘালয় সীমা সমস্যাৰ বিষয়ত এখন বৈঠকত মিলিত হয়৷ আজিৰ বৈঠকতে ৰাজ্য দুখনৰ কামৰূপ (মেড্র’) আৰু ৰিভ’ই জিলাৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ প্রতিনিধিসকলে চৰজমিন তদন্ত কৰি প্রস্তুত কৰা প্রতিবেদন দাখিল কৰা হয়৷ দুয়োখন ৰাজ্যৰ সমিতিৰ প্রতিনিধিসকলে প্রস্তুত কৰা প্রতিবেদন মন্ত্রী পীয়ূষ হাজৰিকা আৰু মেঘালয়ৰ উপ–মুখ্যমন্ত্রী প্রিষ্টন টিনচঙৰ মাজত বিনিময় কৰা হয়৷

সোমবাৰৰ বৈঠকত মন্ত্রী পীয়ূষ হাজৰিকাই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ সদিচ্ছাৰ বাবে ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যাৰ সোনকালেই স্থায়ী সমাধান হ’ব বুলি আশা প্রকাশ কৰে৷ আনহাতে, চৰজমিন তদন্তৰ প্রতিবেদন প্রস্তুত কৰাৰ ক্ষেত্রত অঞ্চলকেইটাৰ স্থানীয় বাসিন্দাৰ মতামতক বিশেষভাৱে গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে শান্তিপূর্ণভাৱে সীমা সমস্যাৰ স্থায়ী সমাধান হোৱাটো বিচাৰে৷ বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই উল্লেখ কৰে যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিসমূহৰ প্রতিবেদন দাখিল সমাপ্ত হোৱাৰ লগে লগে সোনকালেই ৰাজ্য দুখনৰ মুখ্যমন্ত্রীৰ পর্যায়ৰ বৈঠকত সীমা সমস্যা সমাধানৰ বাবে চূডান্ত সিদ্ধান্ত ল’ব পৰা যাব৷

You might also like