মহানগৰ বার্তা, ২০ জানুৱাৰীঃ গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককৰ মাজত সপ্তাহত দুদিনকৈ চলাচল কৰা ন’ক এয়াৰ বিমানখনৰ চলাচল আজিৰে পৰা বন্ধ থাকিব৷
ন’ক এয়াৰৰ সূত্রই সদৰী কৰা অনুসৰি বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে ২০ জানুৱাৰীৰ পৰা ১১ এপ্রিল পর্যন্ত গুৱাহাটী–বেংককৰ মাজত চলাচল কৰা ডি ডি ৪১১৬/৪১১৭ বিমানখনৰ চলাচল বন্ধ থাকিব৷
উল্লেখ্য যে ২০১৯ বর্ষৰ ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৰঝাৰ বিমানবন্দৰত গুৱাহাটী–বেংকক বিমান সেৱাৰ শুভাৰম্ভ কৰিছিল৷ ১৮০জন যাত্রী কঢ়িয়াব পৰা ন’ক এয়াৰৰ বিমানখন প্রতি সপ্তাহৰ বৃহস্পতিবাৰ আৰু শনিবাৰে গুৱাহাটী–বেংককৰ মাজত চলাচল কৰিছিল৷
কিন্তু প্রায় চাৰি মাহ চলাচল কৰাৰ পিছতে হঠাতে বিমানখনৰ চলাচল বন্ধ হৈ পৰাত পর্যটনৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ষেত্রত নেতিবাচক প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷
অৱশ্যে অহা ১২ এপ্রিলৰ পৰা বিমানখনৰ চলাচল পুনৰ আৰম্ভ কৰিব বুলি ন’ক এয়াৰৰ সূত্রটোৱে জানিবলৈ দিছে৷