কোহলিৰ সিদ্ধান্ত ব্যক্তিগতঃ গাংগুলী
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা হেৰুওৱাৰ এদিন পিছতে ভাৰতীয় দলৰ টেষ্ট অধিনায়ক বিৰাট কোহলিয়ে আচম্বিতে নেতৃত্ব ত্যাগ কৰা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ ৭ বছৰ ধৰি ভাৰতীয় টেষ্ট দলৰ নেতৃত্বৰ দায়িত্ব বহন কৰা কোহলিৰ এই সিদ্ধান্তক সম্পূর্ণৰূপে ব্যক্তিগত বুলি উল্লেখ কৰি ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে কয় যে কোহলিৰ নেতৃত্বত ভাৰতীয় ক্রিকেটে দ্রুত গতিৰে সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছিল৷ অধিনায়ক হিচাপে দায়িত্বৰ পৰা অব্যাহতি লোৱাটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত আৰু বি চি চি আয়ে তেওঁৰ এই সিদ্ধান্তক সন্মান জনাইছে৷ ভাৰতীয় দলক অনাগত দিনত অধিক সফলতাৰ দিশে যোৱাত কোহলি এগৰাকী গুৰুত্বপূর্ণ সদস্য হিচাপে থাকিব বুলি গাংগুলীয়ে টুইটাৰত উল্লেখ কৰে৷ উল্লেখ্য যে মহেন্দ্র সিং ধোনীৰ পৰা টেষ্টৰ নেতৃত্বৰ দায়িত্ব লাভ কৰা কোহলি হ’ল ভাৰতৰ সবাতোকৈ সফল টেষ্ট অধিনায়ক৷ বিশ্ব ক্রিকেটত তেওঁতকৈ সফল অধিনায়কৰ তালিকাত আছে গ্রেম স্মিথ, ৰিকি পণ্টিং আৰু ষ্টিভ ৱ’৷ ইফালে বি চি চি আইৰ সচিব জয় শ্বাহে কোহলিক অধিনায়ক হিচাপে সফল কার্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷ কোহলিৰ নেতৃত্বত টীম ইণ্ডিয়াই দেশৰ লগতে বিদেশৰ মাটিতো সাহসিক প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল বুলি শ্বাহে উল্লেখ কৰে৷