২৬ জানুৱাৰীৰ পিছতে হ’ব অসম–মেঘালয়ৰ সীমা সমস্যাৰ চূড়ান্ত সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ মেঘালয়ৰ সৈতে সীমা বিবাদক লৈ চলি থকা আলোচনাই ইতিবাচক গতি লাভ কৰাৰ পাছত বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে৷ বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত অমিত শ্বাহৰ বাসগৃহত এই সাক্ষাতকালত দুয়োগৰাকী মুখ্যমন্ত্রীয়ে সীমা সমস্যাৰ সমাধান সূত্রৰ প্রতিবেদন দাখিল কৰে৷
উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে বিস্তৃত ক্ষেত্র জৰীপ আৰু দুয়োখন ৰাজ্যৰ অংশীদাৰসকলৰ পৰামর্শমর্মে মেঘালয়ৰ সৈতে ১২টা সীমা বিবদমান অঞ্চলৰ ভিতৰত ৬টাৰ ক্ষেত্রত সমাধানৰ নীতিসমূহত অনুমোদন জনাইছিল৷ সমান্তৰালভাৱে অসম চৰকাৰে সর্বদলীয় বৈঠক অনুষ্ঠিত কৰি বিষয়টো উত্থাপন কৰিছিল৷ একেদৰে মেঘালয় চৰকাৰৰ কেবিনেটেও সীমা সমস্যাৰ সমাধান সূত্রৰ প্রতিবেদনক অনুমোদন জনাইছে৷ ইয়াৰ পাছতেই আজি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি দুয়োগৰাকী মুখ্যমন্ত্রীয়ে দাখিল কৰে প্রতিবেদন৷ এই প্রতিবেদন দাখিলৰ পাছত অহা ২৬ জানুৱাৰীৰ পাছত কেন্দ্রীয় গৃহমন্ত্রীয়ে বিষয়টোক লৈ আন এক বৈঠকত বহিব৷ এই কথা আজি টুইটাৰযোগে স্পষ্ট কৰিছে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই৷ উক্ত আলোচনাতে দুয়ো ৰাজ্যৰ সীমা সমস্যাক লৈ কেন্দ্রই সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷