নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষীপুৰৰ চুনাৰী চৰত আফিং খেতি ধ্বংস কৰিলে আৰক্ষীয়ে

গোৱালপাৰাৰ চৰাঞ্চলত ড্রাগ্ছবিৰোধী অভিযান

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্রৰ চুনাৰী থানাৰ অন্তর্গত কেহবাটাও চৰত কৰা মাৰাত্মক আফিং খেতি আজি জিলা আৰক্ষীয়ে বিনষ্ট কৰে৷ প্রাপ্ত তথ্য মতে, চুনাৰী থানাৰ অন্তর্গত বহুকেহটা চৰত একাংশ ড্রাগ্ছ ব্যৱসায়ীয়ে মাৰাত্মক ড্রাগ্ছ আফিং খেতি কৰি আহিছিল৷ এই আফিং খেতি এতিয়া বাঢ়ি আহি ফুল ওলাইছিল৷ চৰত বৃহৎ পৰিমাণৰ আফিং খেতিৰ তথ্য লাভ কৰি গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ দল এটাহ স্থানীয় কিছুসংখ্যক লোকৰ সহায়ত ভুটভুটী নাৱেৰে চৰলৈ গৈ অভিযান চলায়৷ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকৰ নির্দেশ মতে চৰলৈ যোৱা দলটোৱে সমস্ত আফিং খেতি ধ্বংস কৰে৷ গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাহ জনোৱা মতে, চৰাঞ্চলৰ প্রায় ৭০ বিঘা মাটিৰ আফিং খেতি আজি আৰক্ষী জোৱানসকলে বিনষ্ট কৰে৷ এহ অভিযানত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ লগতে লক্ষীপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া ভীমকান্ত পেগু, চুনাৰী (নদী) থানাৰ ভাৰপ্রাপ্ত বিষয়া হৰিদেৱ দাসসহ বৃহৎ দলে অংশগ্রহণ লয়৷ উল্লেখ্য যে কিছুদিন পূর্বে আৰক্ষীয়ে জিলাখনৰ চৰত অভিযান চলাহ ২০ বিঘা মাটিৰ আফিং খেতি বিনষ্ট কৰিছিল৷ এইক্ষেত্রত এটা দালাল চক্রহ বিষয়াক মেনেজ কৰিবলৈ উৎকোচ লৈ আহি হাতে–লোটে ধৰা পৰে আৰু জে’লত যাবলগীয়া হৈছিল৷

You might also like