নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত জব্দ ১০১ পেকেট গাঞ্জা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ মহানগৰ আৰক্ষীৰ  যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰু  যোৰাবাট আৰক্ষীৰ  সহযোগত আজি  যোৰাবাটত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰে ৷ জানিব পৰা মতে ত্ৰিপুৰাৰ পৰা বিহাৰলৈ বুলি  HP 62 B 5088 নম্বৰৰ এখন ১২চকীয়া ট্ৰাকত অতি কৌশলেৰে লুকুৱাই আনিছিল ১০১ পেকেট গাঞ্জা। গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১কোটি টকা। ইতিমধ্যে  ঘটনাৰ  সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ ধৃত দুই সৰবৰাহকাৰী প্ৰণৱ কুমাৰ জামাতিয়া (৩১) আৰু বুধ সাধন জামাতিয়া (৩৫) বুলি জানিব পৰা গৈছে।
You might also like