নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা প্ৰৱঞ্চক মৃদুপৱন নেওগৰ অন্তৱৰ্তীকালীন জামিন লাভ

নিয়মীয়া বাৰ্ত, ১১ছেপ্টেম্বৰ: মহাপ্ৰৱঞ্চক মৃদুপৱন নেওগে আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি অৱশেষত ন্যায়লয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হয়। প্ৰৱঞ্চক মৃদুপৱন নেওগৰ অধিবক্তাই আজি ন্যায়লয়ৰ জামিন নামা লগত লৈ নগাঁও টাউন ইটাচালী আৰক্ষী চকীত উপস্থিত হয়। কিন্তু তদন্তকাৰী আৰক্ষী বিষয়াই বুধবাৰে সোঁ-শৰীৰে ইটাচালী আৰক্ষী চকীত উপস্থিত হ’বলৈ নিৰ্দেশ প্ৰদান কৰে মৃদুপৱন নেওগক। বুধবাৰে ইটাচালি আৰক্ষী চকীত প্ৰবঞ্চক মৃদুপৱন সোঁ শৰীৰে হাজিৰ হ’ব বুলি তেওঁৰ অধিবক্তাই আৰক্ষী বিষয়াক আশ্বস্ত কৰে।

অভিযোগ অনুসৰি, এখন বিলাসী বাহন বিক্ৰী কৰিব বুলি প্ৰৱঞ্চনাৰে এজন লোকৰ পৰা প্ৰায় ৩১ লাখ টকা আত্মসাৎ কৰিছিল মৃদুপৱন নেওগ নামৰ প্ৰৱঞ্চকজনে। সেই সময়তে মৃদুপৱনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/১৭১/৫০৬/৩৪ ধাৰাৰ অধীনত ২৩২৮/২০২১ নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল।

অভিযোগ অনুসৰি,মৃদুপৱনে এখন বিলাসী ফৰচোনা বাহন বিক্ৰীৰ নামত নগাঁৱৰ নেহা কাৰ বাজাৰ নামৰ এটা প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৩১ লাখ টকা আত্মসাৎ কৰিছিল। পিচত নেহা কাৰ বাজাৰ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই নগাঁও সদৰ আৰক্ষী থানাত মৃদুপৱন নেওগৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত ৰুজু কৰা গোচৰ মৰ্মে নগাঁও আৰক্ষীয়ে মৃদুপৱনৰ গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহত অভিযান চলাইছিল। আৰক্ষীৰ অভিযানৰ সময়তেই মৃদুপৱন নেওগে পলায়ন কৰিবলৈ সক্ষম হৈছিল। কিন্তু অভিযানকাৰী দলটোৱে মৃদুপৱনৰ ফ্লেটত তালাচী চলাই জব্দ কৰিছিল এটা ৩.২ পিষ্টল, ২০ জাঁই সক্রিয় গুলী, এপিএছ, আইপিএছ বিষয়াৰ বেজ, ৮টা বিদেশী মুদ্রা, গৃহ-মন্ত্রালয়ৰ তিনিটা ষ্টাম্প পেড, অশোক স্তম্ভ থকা ভাৰত চৰকাৰৰ ফলক, এটা ছ’নী লেপটপ, এটা ডিএছএলআৰ কেমেৰা, অশোক স্তম্ভ থকা ভিজিটিং কার্ড, চেক বুক, বেংক পাছবুক, সোণৰ চেইনকে ধৰি বহু আপত্তিজনক নথি-পত্র৷

উল্লেখ্য যে,সেই সময়ত মৃদুপৱনে নিজকে কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ৰ বিষয়া বুলি পৰিচয় দি নিৰাপত্তাৰক্ষী লৈ ফুৰিছিল । সেইজন প্ৰতাৰককে নগাঁও আৰক্ষীয়ে প্ৰায় এবছৰ কাল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল। যাৰ সুযোগ গ্ৰহণ কৰি তেওঁ অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হয়।

You might also like