নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱঃ আইমী বৰুৱাৰ ছেমখৰলৈ দৰ্শকৰ বিশেষ সম্মান

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মানেৰে উজলি উঠিছে ডিমাচা ভাষাৰ প্ৰথমখন ছবি ‘ছেমখৰ। এইবাৰ ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহােৎসৱতাে সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হ’ল এই ছবিখনে। ২০সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহােৎসৱত ছেমখৰে লাভ কৰিছে বিশেষ দর্শকৰ সন্মান। উল্লেখ্য যে ডিমাচা ভাষাৰ এই ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে পৰিচালক হিচাপে আছে জনপ্রিয় অভিনেত্রী আইমী বৰুৱা। ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহােৎসৱত আইমী বৰুৱাৰ ছেমখৰলৈ দৰ্শকৰ বিশেষ সম্মান এই সন্মান লাভ কৰাৰ পাছত ছ’চিয়েল মিডিয়াত আইমী বৰুৱাই কয়— ‘২০সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহােৎসৱত ছেমখৰে লাভ কৰিলে বিশেষ দৰ্শকৰ সন্মান। এই বিশেষ সময়খিনিত মােৰ আপােন শুভাকাংক্ষী, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ, অসমবাসী আৰু ছেমখৰৰ সৈতে জড়িত সকলােকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিজৰ ঠাইখনক লৈ আপােন ভাষাৰে সমৃদ্ধ ছেমখৰৰ এই প্রাপ্তিত সঁচাকৈয়ে সুখী হৈছে।

You might also like