নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাৰ শীৰ্ষ পদবীত প্ৰথমজন অসমীয়াঃ সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ নতুন মুৰব্বী লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমলৈ সুখবৰ ৷ ভাৰতীয় সেনাৰ শীৰ্ষ পদবীত প্ৰথমজন অসমীয়া। ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief হিচাপে দায়িত্ব লাভ কৰিছে অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। অহা ১ ফেব্ৰুৱাৰীত অসমৰ ৰঙিয়াৰ সন্তান ৰাণা প্ৰতাপ কলিতাই কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখ্য যে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা অসমৰ গোৱালপাৰাৰ সৈনিক বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ। সেনা পদক, বিশিষ্ট সেৱা পদক আৰু অতি বিশিষ্ট সেৱা পদক প্ৰাপ্ত জেনেৰেল কলিতা জম্মু-কাশ্মীৰৰ বাৰামুলাত ১৯তম ইনফেণ্ট্ৰী ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (GOC) আছিল আৰু উৰি আক্ৰমণৰ সময়ত কাশ্মীৰৰ জিঅ’চি আছিল। অসমৰ ৰঙিয়াত জন্মগ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতাক ১৯৮৪ চনৰ জুন মাহত ৯ কুমাও ৰেজিমেণ্টত নিযুক্তি দিয়া হৈছিল।

You might also like