নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোগামুখৰ মিংমাঙত অসমীয়ালৈ অৰুণাচলীৰ গুলী

পথ–কালভার্ট নির্মাণেৰে সীমান্তত চুবুৰীয়াৰ আগ্রাসন

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ দীর্ঘদিন ধৰি চলি থকা অসম–ৰুণাচলৰ সীমা বিবাদে লৈছে ভয়ংকৰ ৰূপ৷ অৰুণাচল চৰকাৰে অসমৰ মাটিত ইটানগৰৰ পৰা লিকাবালি সংযোগী প্রধানমন্ত্রী গ্রাম চডক যোজনাৰ অধীনত নির্মাণ হৈ থকা অবৈধ পথ নির্মাণ কৰা কার্যৰ বিৰুদ্ধে মিংমাঙৰ স্থানীয় ৰাইজে বাৰম্বাৰ বাধা প্রদান কৰি আহিছে যদিও আজিলৈকে পথ নির্মাণৰ কাম পূর্ণগতিত চলাই ৰাখিছে অৰুণাচল প্রশাসনে৷ ফলত বিভিন্ন সময়ত মিংমাংবাসীয়ে প্রতিবাদ সাব্যস্ত কৰি অহাৰ লগতে ঊর্ধ্বতন কর্তৃপক্ষলৈ আবেদন–নিবেদন জনাই আহিছে যদিও কোনো ধৰণৰ সমাধান হোৱা নাই৷ অসম আৰু অৰুণাচলৰ মাজত চলোৱাৰ আলোচনাৰ উপৰি বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ে ৰায় নিদিয়ে, তেতিয়ালৈকে কাম বন্ধ থাকিব বুলি জনাইছিল ধেমাজি প্রশাসনে৷ কিন্তু অৰুণাচল চৰকাৰে সর্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰি পথ নির্মাণৰ কাম অব্যাহত ৰখাত ক্ষুব্ধ হৈ উঠিছে মিংমাংবাসী৷ যোৱা মঙলবাৰে গোগামুখ আৰক্ষী আৰু মিংমাঙৰ স্থানীয় ৰাইজে ইটানগৰ–লিকাবালি সংযোগী প্রধানমন্ত্রী গ্রাম চডক যোজনাৰ অধীনত নির্মাণ হৈ থকা পথটো বন্ধ কৰি দিয়ে৷ পুনৰ বুধবাৰে নির্মাণকার্য আৰম্ভ কৰে অৰুণাচলৰ লোকে৷ পথটোৰ নির্মাণকার্য বন্ধ কৰিবলৈ মিংমাঙৰ স্থানীয় ৰাইজে উক্ত স্থানলৈ যাওঁতে অৰুণাচলৰ লোকে মিংমাঙৰ স্থানীয় ৰাইজলৈ উদ্দেশ্য কৰি বুধবাৰে বিয়লি প্রায় তিনি বজাত পাঁচ জজাই গুলীবর্ষণ কৰে৷

ফলত উক্ত স্থানৰ পৰা মিংমাঙৰ স্থানীয় ৰাইজ আঁতৰি আহিবলৈ বাধ্য হয়৷ মিংমাঙৰ স্থানীয় লোকৰ বাহন এখন অৰুণাচলৰ লোকে জ্বলাই দিয়াৰ লগতে তেওঁলোকে নিজেই নির্মাণ কৰি থকা কালভার্ট এটা জ্বলাই দি অসমৰ লোকে জ্ব্বলাই দিয়া বুলি দাবী জনায়৷ ইফালে অসমৰ লোকে মিংমাঙত অৰুণাচলৰ এখন স্ক’ৰপি’ বাহনৰ লগতে এজন অৰুণাচলৰ লোকক আবদ্ধ কৰি ৰাখে৷ আজি পুৱা অসম–ৰুণাচল সীমান্তৰ হিমে বস্তিৰ প্রৱেশদ্বাৰত হাতে হাতে লাঠী, দা, ধনু–কাঁড লৈ প্রৱেশ পথত লাঠী, জোং, কাঁইটীয়া তাঁৰ দি পথ বন্ধ কৰে অৰুণাচলী লোকে৷ অসমৰ মাটিতে অসমৰ প্রশাসনক প্রৱেশত বাধা দি অৰুণাচলী লোকে দুশ মিটাৰ খেদি পঠিয়ায়৷ ধেমাজি জিলাৰ সদৰ মহকুমাধিপতি নন্দিতা ৰয় গোহঁাই, ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক গুণীন্দ্র ডেকা, গোগামুখৰ ৰাজহ চক্র বিষয়া খুলজিৎ পাদুং উপস্থিত হৈ অৰুণাচল প্রশাসনৰ লগত ঘটনাস্থলী পৰিদর্শন কৰে আৰু পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ মিংমাঙৰ স্থানীয় ৰাইজে জিলা প্রশাসনৰ লগতে মুখ্যমন্ত্রীক বিষয়টো সন্দর্ভত গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ মিংমাং মহিলা আঞ্চলিক সমিতিৰ উদ্যোগত এই আগ্রাসনৰ বিৰুদ্ধে এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ অসমৰ মাটিত অৰুণাচলৰ পথ নির্মাণ বন্ধ কৰক, আমাৰ অধিকাৰ আমাক লাগিবই, তেজ দিম মাটি নিদিওঁ আদি শ্লোগানেৰে মিংমাঙৰ আকাশ–বতাহ কঁপাই তোলে দুই শতাধিক প্রতিবাদী মহিলাৰ লগতে স্থানীয় ৰাইজে৷
লখিমপুৰ–ধেমাজিৰ উপায়ুক্তক অৰুণাচলৰ উপায়ুক্তৰে আলোচনাৰ নির্দেশ
অসম–ৰুণাচল সীমান্তত কালভার্ট নির্মাণক লৈ শেহতীয়াকৈ সংঘটিত ঘটনা সম্পর্কত লখিমপুৰ আৰু ধেমাজিৰ উপায়ুক্তক অৰুণাচল প্রদেশৰ সংশ্লিষ্ট উপায়ুক্তৰে আলোচনাৰ নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰু অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রীৰ মাজত দুই ৰাজ্যৰ সীমা বিবাদ সম্পর্কত হোৱা আলোচনা অনুসৰি ১২২খন গাঁৱত সীমা বিবাদ আছে৷ সেই ১২২খন গাঁৱক বাদ দি আন জিলাৰ কোনো স্থানত অশান্তি আদি সংঘটিত হ’লে অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে এইক্ষেত্রত অৰুণাচল চৰকাৰে অসমৰ জিলা প্রশাসনৰ লগত কাম কৰি যাব বুলি প্রকাশ কৰিছে৷ সেয়ে তেওঁ লখিমপুৰ আৰু ধেমাজিৰ উপায়ুক্তক শেহতীয়া ঘটনা সম্পর্কত অৰুণাচল প্রদেশৰ সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ লগত আলোচনা কৰিবলৈ নির্দেশ দিছে৷

You might also like