ধর্মনিৰপেক্ষতা?
গণতন্ত্র আৰু সমাজবাদৰ দৰে ধর্মনিৰপেক্ষতাৰ ধাৰণাটোও সম্পূর্ণৰূপে পশ্চিমৰ পৰা ধাৰ কৰা৷ ইউৰোপত কেইবাশতিকা ধৰি খ্রীষ্টিয়ান চার্চ আৰু ৰাজনৈতিক শক্তিবোৰৰ মাজত চলা সংঘর্ষৰ পৰিণতিস্বৰূপে ছেকুলাৰিজম অর্থাৎ ধর্মনিৰপেক্ষতাৰ ধাৰণাৰ উত্থান ঘটিছিল৷ ভাৰতত তদ্রূপ ঘটনা কেতিয়াও ঘটা নাছিল৷ সেই কাৰণে কোনো কোনো পণ্ডিতে ক ’ব খোজে যে ভাৰতীয় ভাষাবোৰত ছেকুলাৰিজমৰ যথার্থ প্রতিশব্দ বিচাৰি পোৱা সম্ভৱ নহ’ল, কাৰণ ই কেতিয়াও ভাৰতীয় অভিজ্ঞতাৰ ভিতৰুৱা বিষয় নাছিল৷ আন কথাত ক’বলৈ গ’লে ধর্মনিৰপেক্ষতা শব্দযুগলে ছেকুলাৰিজমৰ প্রকৃত অর্থ প্রকাশ নকৰে৷
অতীতত ধর্মনিৰপেক্ষতা ভাৰতীয় অভিজ্ঞতাৰ ভিতৰুৱা বিষয় নাছিল যদিও এতিয়া ই আমাৰ ৰাষ্ট্রীয় আদর্শত পৰিণত হৈছে৷ দেশৰ সংবিধানত ইয়াক এটা ৰাষ্ট্রীয় মূলনীতি হিচাপে গ্রহণ কৰা হৈছে৷ ৰাজনৈতিক তত্ত্ববোৰক ধর্মনিৰপেক্ষ কৰি তোলাটোক অর্থাৎ ধর্মৰ পৰা ৰাজনীতিক বিচ্ছিন্ন কৰাটোক আধুনিক যুগৰ আটাইতকৈ গুৰুত্বপূর্ণ বৌদ্ধিক আন্দোলন বুলি চিহ্ণিত কৰা হৈছে৷ এই ধর্মনিৰপেক্ষতাক সংবিধানস্বীকৃত ৰাষ্ট্রীয় মূলনীতি হিচাপে গ্রহণ কৰাটো হ’ল স্বাধীন ভাৰতৰ অক্ষয় গৌৰৱ, যাৰ কৃতিত্বৰ সিংহভাগ জৱাহৰলাল নেহৰুৰ প্রাপ্য৷ যেতিয়া এখন আধুনিক গণতান্ত্রিক ৰাষ্ট্রত বিভিন্ন ধর্মাৱলম্বী মানুহ একেলগে বাস কৰিবলগীয়া হয়, তেতিয়া ধর্মনিৰপেক্ষতাৰ অবিহনে সকলো ধর্মৰ মানুহৰ প্রতি সমান সুবিচাৰ কৰা সম্ভৱ নহয়৷ এই বাস্তৱতাক স্বীকাৰ কৰি লৈ ভাৰতে দূৰদৃষ্টি আৰু প্রজ্ঞাৰ পৰিচয় দিছে৷
কিন্তু ধর্মনিৰপেক্ষতাৰো দুটা দিশ আছে৷ ধর্মক সম্পূর্ণৰূপে ব্যক্তিগত বিষয় বুলি ধৰি লৈ তাক সামাজিক ক্ষেত্রৰ পৰা বিচ্ছিন্ন কৰাটো হ’ল ধর্মনিৰপেক্ষতাৰ এটা দিশ৷ কিন্তু প্রকৃত বস্তুনিষ্ঠ ধর্মনিৰপেক্ষতাৰ উদ্দেশ্য হ’ল ধর্মক ৰাজহুৱা জীৱন আৰু চৰকাৰী কর্মক্ষেত্রৰ পৰা বিচ্ছিন্ন কৰা– যাতে কোনো এটা বিশেষ ধর্ম চৰকাৰী প্রশ্রয় বা পৃষ্ঠপোষকতাত পোৱা বুলি কোনেও সন্দেহ কৰিব নোৱাৰে৷
কিন্তু নিজকে ধর্মনিৰপেক্ষ ৰাষ্ট্র বুলি দাবী কৰা ভাৰতৰ ক্ষেত্রত এইটো প্রকৃততে হৈছেনে?
২০০৪ চনৰ ১৫ ছেপ্ঢেম্বৰত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ নৱনির্মিত ভৱনটো উদ্বোধন কৰা হৈছিল৷ বিশ্ববিদ্যালয়খনৰ কার্যনির্বাহক পৰিষদৰ এজন প্রাক্তন সদস্য হিচাপে ময়ো এখন নিমন্ত্রণী চিঠি পাইছিলোঁ৷ চিঠিখনত উল্লেখ কৰা অনুযায়ী কার্যক্রমণিকাৰ অন্যতম কার্যসূচী আছিল ‘নাম–কীর্তন’৷ সেইটো চকুত পৰাৰ লগে লগে মোৰ মনলৈ আপোনা–আপুনি এটা প্রশ্ণ আহিল ঃ ডিব্রুগড় বিশ্ববিদ্যালয়খনতো কেৱল হিন্দুৰ নহয় তাত কেৱল হিন্দু শিক্ষক আৰু হিন্দু ছাত্রই নাথাকে৷ তেনেস্থলত বৈষ্ণৱ হিন্দুৰ নাম–কীর্তন চলি থাকোঁতে মুছলমান শিক্ষক বা ছাত্রসকলৰ মনত গোপনে কি প্রতিক্রিয়া চলি থাকিব? সংখ্যাগৰিষ্ঠৰ স্বৈৰাচাৰ মানি লৈ তেওঁলোকে হয়তো বাহিৰত দেখুৱাই নির্বিকাৰ হৈ থাকিব বা অলপ ভণ্ডামি কৰিবলৈ চেষ্টা কৰিব৷ কিন্তু হিন্দুৰ নাম–কীর্তন শুনিবলৈ বাধ্য হোৱা কথাটোক তেওঁলোকে উদাৰ বা প্রসন্নচিত্তে গ্রহণ কৰিব পাৰিবনে?
লখিমপুৰৰ নৱনির্মিত লীলাবাৰী বিমানবন্দৰটো তেতিয়াৰ অসামৰিক বিমান পৰিবহণমন্ত্রী শ্বাহ নৱাজ হুছেইনে উদ্বোধন কৰিবলগীয়া হৈছিল৷ সেইদিনাই মই লীলাবাৰী বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ উৰা মাৰিছিলোঁ৷ শুনিবলৈ পালোঁ যে তেওঁ হিন্দু প্রথা অনুযায়ী নাৰিকল ভাঙি বিমানবন্দৰ উদ্বোধন কৰিবলগীয়া হৈছিল৷ নিজৰ ধর্মীয় বিশ্বাস আৰু আৱেগক আঘাত নকৰাকৈ কোনোবা মুছলমান মন্ত্রীৰ পক্ষে এনে বিধর্মী আচাৰ পালন কৰাটো সম্ভৱনে?
নতুন গৃহ নির্মাণৰ আগতে বহুতো হিন্দুৱে ভূমিপূজা কৰে৷ কিন্তু মুছলমান মন্ত্রী বা বিষয়া জড়িত থকা বহুতো অনুষ্ঠানত তেওঁলোকক ভূমি পূজা কৰিবলৈ বাধ্য কৰোৱা হয় বা চাকৰি হেৰুওৱাৰ ভয়ত তেওঁলোকে নিজেও তেনে স্ব–ধর্মবিৰোধী কাম বিনাপ্রতিবাদে কৰে৷ হাজাৰ হাজাৰ চৰকাৰী অনুষ্ঠান আৰু সভা–সমিতি আৰম্ভ কৰা হয় বৈদিক মংগলাচৰণ বা সৰস্বতী বন্দনাৰে৷ মুছলমানসকলকো তাৰ নীৰৱ অংশীদাৰ বা শ্রোতা হ’বলৈ বাধ্য কৰা হয়৷
লালুপ্রসাদ যাদৱ কেন্দ্রত ৰে’লমন্ত্রী হৈ থাকোঁতে তেওঁৰ নিজৰ চৰকাৰী অফিচত তেওঁ আৰাধ্য দেৱতাৰ মূর্তি স্থাপন কৰাইছিল৷ অথচ তেওঁ ধর্মনিৰপেক্ষতাৰ এজন প্রধান প্রবক্তা৷ কেতিয়াবা এজন মুছলমান ৰে’লমন্ত্রী হ’লে সেই মূর্তি অপসাৰিত কৰিবলৈ তেওঁক অধিকাৰ দিয়া হ’বনে?
ওপৰত মাত্র কেইটামান উদাহৰণ দিয়া হ’ল৷ বিচাৰিলে আৰু এনেকুৱা বহুতো উদাহৰণ পোৱা যাব৷ কিন্তু এই কথা প্রমাণ কৰিবলৈ এইকেইটা উদাহৰণেই যথেষ্ট যে সংবিধান স্বীকৃত ধর্মনিৰপেক্ষতাৰ নীতি আৰু আদর্শ ভাৰতত এতিয়াও সম্পূর্ণভাৱে কার্যকৰী হোৱা নাই৷ হিন্দুৰ ধর্মীয় প্রথা, ক্রিয়া–কাণ্ড আৰু বিশ্বাসবোৰ মানি ল’বলৈ সংখ্যালঘু অহিন্দুসকলকো পৰোক্ষভাৱে বাধ্য কৰোৱা হৈছে৷ ৰাজহুৱা জীৱন আৰু চৰকাৰী কর্মক্ষেত্রৰ পৰা ধর্মক সম্পূর্ণভাৱে বিচ্ছিন্ন নকৰালৈকে ধর্মনিৰপেক্ষতাৰ বাঞ্ছিত সুফল পোৱা নাযাব৷
অৱশ্যে এই প্রসংগতে এই কথাও কৈ থোৱা দৰকাৰ যে ইছলামৰ আদর্শত ধর্মনিৰপেক্ষতাৰ কোনো স্থান নাই৷ কাৰণ ইছলামে ৰাষ্ট্র আৰু ধর্মৰ মাজত কোনো পার্থক্য ৰাখিব নোখোজে৷ ভাৰতীয় ধর্মনিৰপেক্ষতাৰ সীমাবদ্ধতাৰ মাজতো অহিন্দুসকলে, যিমানখিনি স্বায়ত্ততা আৰু সুবিধা ভোগ কৰিছে, ধর্মভিত্তিক ইছলামিক ৰাষ্ট্রবোৰত অমুছলমানসকলে সিমানখিনি স্বায়ত্ততা আৰু সুবিধাৰ কথা কল্পনাও কৰিব নোৱাৰে৷ অৱশ্যে তুৰস্কই মুছলিম জগতত আধুনিকতা আৰু ধর্মনিৰপেক্ষতাৰ নতুন আদর্শ স্থাপন কৰিছিল৷ ছাদ্দাম হুছেইনৰ অন্যান্য দোষ যিমানেই নাথাকক কিয়, তেওঁৰ শাসনত ইৰাকত ধর্মীয় গোড়ামি আৰু অসহিষ্ণুতাই প্রশ্রয় পোৱা নাছিল৷ কিন্তু এনে দুখনমান দেশ ব্যতিক্রম মাত্র৷ সাধাৰণভাৱে ইছলামৰ লগত ধর্মনিৰপেক্ষতাৰ ৰাহি–যোৰা নাহে৷
কিন্তু তাৰ অর্থ এইটো নহয় যে, ভাৰতীয় অহিন্দুসকলে ধর্মনিৰপেক্ষতাৰ ৰাষ্ট্রীয় নীতিৰ সম্পূর্ণ সুফল পাব নালাগিব৷ আধুনিক ভাৰতে যিকেইটা কথাক লৈ গৌৰৱ কৰিব পাৰে, সেইবোৰৰ ভিতৰত এটা হ’ল ধর্মনিৰপেক্ষতাৰ আদর্শ৷ সেই আদর্শৰ গৰিমা আমি ৰক্ষা কৰিবই লাগিব৷