নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ প্রফুল্ল মহন্তলৈ শশীচন্দ্র বৰবৰুৱা ড০ শিৱনাথ বর্মনলৈ ছগনলাল জৈন বঁটা

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ অসম সাহিত্য সভাৰ চলিত বর্ষৰ চাৰিটা সন্মানজনক বঁটা ক্রমে বৈষ্ণৱ পণ্ডিত শশীচন্দ্র বৰবৰুৱা বঁটা, ছগনলাল জৈন বঁটা, নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা আৰু ধর্মেশ্বৰ কটকী শিশু সাহিত্য বঁটাৰ বাবে যথাক্রমে ড০ প্রফুল্ল মহন্ত, ড০ শিৱনাথ বর্মন, ড০ অখিল চক্রৱর্তী আৰু অভিজিৎ শর্মা বৰুৱাৰ নাম ঘোষণা কৰিছে অসম সাহিত্য সভাই৷ আজি প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই তেজপুৰত প্রদান কৰা এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে ছগনলাল জৈন বঁটাটো পাঁচ বছৰৰ আৰু বাকী তিনিটা দুবছৰৰ মূৰে মূৰে প্রদান কৰা হৈ আহিছে৷ বৈষ্ণৱ পণ্ডিত শশীচন্দ্র বৰবৰুৱা ন্যাসৰ সহযোগত অসমৰ ভাষা–সংস্কৃতিৰ বৃহত্তৰ ক্ষেত্রখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি তথা প্রতিষ্ঠানক দুবছৰৰ মূৰে মূৰে প্রদান কৰা এই বঁটাৰ বাবে এইবাৰ নির্বাচিত হৈছে বিশিষ্ট শিক্ষাবিদ–সাহিত্যিক– তথা আনন্দৰাম বৰুৱা ভাষা–কলা–সংস্কৃতি প্রতিষ্ঠানৰ প্রাক্তন সঞ্চালক ড০ প্রফুল্ল মহন্ত৷ উল্লেখ্য যে তেওঁ ৰচনা কৰা বাৰখন গৱেষণাপ্রসূত প্রবন্ধ সংকলনৰ ভিতৰত ‘অসমীয়া মধ্যবিত্ত শ্রেণীৰ ইতিহাস’, ‘জনগোষ্ঠীয় চেতনাঃ আত্মপ্রতিষ্ঠাৰ প্রশ্ণ’, ‘ঐতিহাসিক প্রেক্ষাপটত জনজাতীয় সমস্যা, শংকৰদেৱ আৰু বডো জাতি’, ‘আধুনিক অসমীয়া সাহিত্যঃ সামাজিক–বৌদ্ধিক পটভূমি আৰু অন্যান্য’ আদি উল্লেখযোগ্য৷ বঁটাপ্রাপকক এই বঁটাৰ সৈতে স্মাৰক, সম্বর্ধনা–পত্র, গ্রন্থৰ টোপোলা আৰু এক লাখ টকাৰ চেক প্রদান কৰা হ’ব৷ ইয়াৰ আগতে এই বঁটা লাভ কৰিছিল জয়ন্ত বৰুৱা, জি এল আগৰৱালা, ৰাধিকা মোহন ভাগৱতীয়ে৷ সেইদৰে অসমৰ প্রতিষ্ঠিত সাহিত্যিকৰ যোৱা দহ বছৰৰ ভিতৰত প্রকাশিত মৌলিক গ্রন্থৰ বাবে পাঁচ বছৰৰ মূৰে মূৰে প্রদান কৰা ছগনলাল জৈন বঁটাৰ বাবে এইবাৰ নির্বাচিত হৈছে বিশিষ্ট শিক্ষাবিদ–সাহিত্যিক– ড০ শিৱনাথ বর্মন (গ্রন্থঃ ‘ৰূপান্তৰৰ ৰেহৰূপ’)৷ অসমৰ বৌদ্ধিক–বিদ্যায়তনিক্ সমাজত বহুলভাৱে সমাদৃত ড০ শিৱনাথ বর্মনে ৰচনা কৰা আঠত্রিশখন অসমীয়া গ্রন্থৰ ভিতৰত ‘সংস্কৃতিৰ সংকট’, ‘অসমৰ জনজাতীয় সমস্যা’, ‘ভাৰতীয় চিন্তাঃ চমু পৰিচয়’, ‘সাধক আৰু সাধনা’, ‘অসমীয়া আখৰ জেজাটনিৰ কথা’, ‘অসমীয়া ব্যাকৰণ অভিধান’ আদি বিশেষভাৱে উল্লেখনীয়৷ বঁটাপ্রাপকক এই বঁটাৰ সৈতে স্মাৰক, সম্বর্ধনা–পত্র, গ্রন্থৰ টোপোলা আৰু পঞ্চাশ হাজাৰ টকাৰ চেক প্রদান কৰা হ’ব৷

ইয়াৰ আগতে এই বঁটা লাভ কৰিছিল অনিল ৰায়চৌধুৰী, ৰবীন্দ্র বৰা, পূৰবী বৰমুদৈ, নলিনীধৰ ভট্টাচার্য আদিয়ে৷ আনহাতে অসমীয়া কবিতা আৰু নাট্য সাহিত্য চর্চাৰ ক্ষেত্রখনত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিক প্রদান কৰা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটাৰ বাবে এইবাৰ নির্বাচিত হৈছে বিশিষ্ট নাট্যকাৰ–সাহিত্যিক তথা অসম নাট্য সন্মিলনৰ প্রাক্তন সভাপতি ড০ অখিল চক্রৱর্তী৷ ইয়াৰ আগতে এই বঁটা লাভ কৰিছিল দেৱপ্রসাদ তালুকদাৰ, ৰফিকুল হুছেইন, সনন্ত তাঁতী, ৰত্ন ওজা আদিয়ে৷ ড০ চক্রৱর্তীয়ে ৰচনা কৰা একাধিক উচ্চমানবিশিষ্ট নাটকৰ ভিতৰত ‘পূজনীয় দেউতা’, ‘এজন ৰজা আছিল’, ‘আমি স্বপ্ণাতুৰ’, ‘উত্তৰ পুৰুষ’, ‘ৰামচন্দ্র মাউত’ উল্লেখযোগ্য৷ ইয়াৰ উপৰি তেওঁ প্রায় পোন্ধৰখন উপন্যাস আৰু বহুকেইটা ৰসোত্তীর্ণ গল্প ৰচনা কৰিছে৷ বঁটাপ্রাপকক এই বঁটাৰ সৈতে স্মাৰক, সম্বর্ধনা–পত্র, গ্রন্থৰ টোপোলা আৰু পোন্ধৰ হাজাৰ টকাৰ চেক প্রদান কৰা হ’ব৷ ইয়াৰ উপৰি প্রতিষ্ঠিত অসমীয়া শিশু সাহিত্যিকক দুবছৰৰ মূৰে মূৰে প্রদান কৰা ধর্মেশ্বৰ কটকী শিশু সাহিত্য বঁটাৰ বাবে এইবাৰ নির্বাচিত হৈছে বিশিষ্ট সাহিত্যিক অভিজিৎ শর্মা বৰুৱা৷ শিক্ষাগতভাৱে আৰু পেছাত অভিযন্তা অভিজিৎ শর্মা বৰুৱাই ১৯৮১ চনৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰে আৰু ১৯৮৫ চনমানৰ পৰা শিশু সাহিত্য ৰচনাত বিশেষ মনোনিৱেশ কৰে৷ তেওঁ ৰচনা কৰা চল্লিশখনকৈও অধিক শিশু সাহিত্য গ্রন্থৰ ভিতৰত ‘সোণোৱালী ল’ৰালি’ (শিশু উপন্যাস), ‘কি যে আচৰিত জিন’ (শিশু গল্প সংকলন), ‘নতুন পৃথিৱী’ (শিশু উপযোগী কল্পবিজ্ঞান গল্প সংকলন), ‘ৰিংকু, মাইনী আৰু ইটো–সিটো বহুতো’ (শিশু উপন্যাস) উল্লেখযোগ্য৷ বঁটাপ্রাপকক এই বঁটাৰ সৈতে স্মাৰক, সম্বর্ধনা–পত্র, গ্রন্থৰ টোপোলা আৰু দহ হাজাৰ টকাৰ চেক প্রদান কৰা হ’ব৷ ইয়াৰ আগতে এই বঁটা লাভ কৰিছে নিৰুপমা মিশ্র, নীলিমা বৰা, ফুল বৰা আদিয়ে৷

You might also like