নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’–এনআৰচিয়ে একত্রিত কৰিলে প্রতিদ্বন্দ্বী ফুটবল অনুৰাগীক

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে এমাহতকৈও অধিক দিন প্রতিবাদ সাব্যস্ত হৈ আহিছে৷ এই সময়ছোৱাত ৰাজপথত দেখা গৈছিল প্রতিবাদ–বিক্ষোভ ৷

কিন্তু এই প্রতিবাদে এইবাৰ স্থান লাভ কৰিলে ফুটবল খেলপথাৰত৷ পৰম্পৰাগতভাৱে পশ্চিমবংগৰ দুটা শীর্ষ দল ইষ্ট বেংগল আৰু মোহনবাগানৰ খেলুৱৈসুলভ শত্রুতা দীর্ঘদিনৰ৷ কিন্তু কালি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত ‘কা’ আৰু এন আৰ চিয়ে একত্রিত কৰিলে দুই প্রতিদ্বন্দ্বী ফুটবল দলৰ অনুৰাগীক৷

ইষ্ট বেংগল ক্লাবক পৰম্পৰাগতভাৱে সমর্থন কৰে ‘বাংগালছ’ অর্থাৎ বাংলাদেশ বা পূর্বৰ পূব পাকিস্তানৰ পৰা অহা লোকসকলে৷ আনহাতে, মোহনবাগানক সমর্থন কৰে ‘ঘটিছ’ বা পশ্চিমবংগৰ লোকসকলে৷ খেলখন চলি থকাৰ সময়তে ইষ্ট বেংগল অনুৰাগীয়ে লিখা এখন বেনাৰ দেখা গ’ল৷ ‘কা’ আৰু এন আৰ চিৰ বিৰোধিতাৰে তাত বাংলা ভাষাত লিখা আছিল ‘ৰক্ত দিয়ে কেনা মাটি, কাগজ দিয়ে নয়’৷

অর্থাৎ তেজ দি ক্রয় কৰা ভূমি, কাগজ দি নহয়৷ যদি ‘কা’ আৰু এন আৰ চিয়ে মোহনবাগান–ইষ্ট বেংগলৰ সমর্থকসকলক কাষ চপাই আনিব পাৰে, তেন্তে এয়া নিশ্চিত ইংগিত যে এই প্রতিবাদ খেলুৱৈসুলভ আৰু শান্তিপূর্ণ৷

You might also like