নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ ৰাজ্যখনত সম্প্রতি ৰাজ্যসভাৰ নির্বাচনক লৈ চলি থকা চর্চাক আবতৰীয়া বিহু আখ্যা দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যসভাৰ নির্বাচন সম্পর্কত এতিয়ালৈ দিন–বাৰ ঘোষণাই হোৱা নাই৷ কি কাৰণত ৰাজ্যসভাৰ নির্বাচনক লৈ এতিয়াই চর্চা চলিছে, তেওঁ বুজি পোৱা নাই৷ কিন্তু অতি সোনকালে পৌৰ নির্বাচনৰ দিনহে ঘোষণা হ’ব৷ এই মুহূর্তত লক্ষ্য হৈছে পৌৰ নির্বাচন৷ ৰাজ্যসভাৰ নির্বাচন ঘৰতে থকা বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সময়ত এই সম্পর্কত তেওঁলোকে সিদ্ধান্ত ল’ব৷
ইপিনে, সমাগত ৰাজ্যসভা নির্বাচনত কংগ্রেছে এ আই ইউ ডি এফ দলৰ পৰা সমর্থন বিচাৰিছে৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে সংবাদ মাধ্যমৰ আগত কংগ্রেছক এখন ডুবন্ত নাও আখ্যা দি কয় যে কেইমাহমান পূর্বে কংগ্রেছে এ আই ইউ ডি এফৰ বাবে বিধানসভা নির্বাচনত তেওঁলোকৰ ফলাফল বেয়া হ’ল বুলি মন্তব্য কৰি এ আই ইউ ডি এফৰ সৈতে সম্পর্ক এৰিলে৷ এতিয়া ৰাজ্যসভা নির্বাচন আহিছে বাবে পুনৰ এ আই ইউ ডি এফৰ সহায় বিচাৰিছে৷ সেয়া কেনেধৰণৰ কথা? মন কৰিবলগীয়া এয়ে যে ৰাজ্যসভা নির্বাচনত কংগ্রেছে এ আই ইউ ডি এফৰ সহায় বিচৰাৰ লগে লগে দলটোৰ বিভিন্নজন বিধায়কে কেইমাহমান পূর্বে কংগ্রেছে তেওঁলোকৰ সৈতে মিত্রতা ছেদৰ বিষয়টোক সন্মুখলৈ আনি তীব্র সমালোচনা আৰম্ভ কৰিছে৷ ইয়াৰ সমান্তৰালভাৱে এইবাৰ ৰাজ্যসভাৰ আসনখন এ আই ইউ ডি এফক এৰি দিয়াৰো দাবী জনাইছে৷
চি পি আই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ বৈঠক
ৰাজ্যৰ আসন্ন ৰাজ্যসভা নির্বাচনত সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ এজন প্রার্থী প্রক্ষেপ কৰা সম্পর্কত আজি দিছপুৰত বিৰোধী দলপতি দেৱব্রত শইকীয়াই সৰভোগ সমষ্টিৰ চি পি আই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বিৰোধী দলপতি শইকীয়াৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত বৈঠকখনত প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰো উপস্থিত থাকে৷ বৈঠকৰ অন্তত বিৰোধী দলপতি শইকীয়াই কয় যে ৰাজ্যসভাৰ এখন আসনত সকলো বিৰোধী একত্রিত হৈ এজন প্রার্থী প্রক্ষেপ কৰা সম্পর্কত চি পি আই (এম)ৰ বিধায়কজনৰ সৈতে আলোচনা কৰা হয়৷ সকলো বিৰোধী ঐক্যবদ্ধ হ’লে আৰু বিজেপিয়ে প্রলোভন, ভাবুকিকে ধৰি কোনো অসৎ পন্থা নল’লে দুখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভা নির্বাচনত এখন বিজেপিয়ে আৰু এখন বিৰোধীয়ে লাভ কৰিব৷ গণতন্ত্র ৰক্ষা কৰাটো শাসক পক্ষৰো দায়িত্ব বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্রত বিজেপিৰো সহযোগিতা আশা কৰে৷