বান আৰু খহনীয়া নিয়ন্ত্ৰণ বিষয়ত অভিযন্তা সকলৰ সৈতে পৰ্য্যালোচনা বৈঠকত মিলিত মন্ত্ৰী পীযুষ হাজৰিকা
নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ আজি জনতা ভৱনস্থিত কাৰ্য্যালয়ত ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণ বিষয়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলা সমূহৰ জলসম্পদ বিভাগৰ অভিযন্তা সকলৰ সৈতে এক পৰ্য্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী পীযুষ হাজৰীকা । এই বৈঠকত ব্ৰহ্মপুত্ৰ নদীৰ বান তথা গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে হাতত ল’ব লগীয়া কাৰ্যপন্থা তথা বান নিয়ন্ত্ৰণৰ বাবে FREMAAয়ে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে আলোচনা কৰে।
ইয়াৰ লগতে অভিযন্তা সকলৰ পৰা বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসমৰ বিভিন্ন অঞ্চলত চলি থকা বান নিয়ন্ত্ৰণ প্ৰকল্প সমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সকলো কাম সম্পূৰ্ণ প্ৰযুক্তিগতভাৱে নিৰ্ধাৰিত সময়ত সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ লগতে আগন্তুক বাৰিষাত যাতে বানপানীৰ ফলত যোৱা ক্ষয় ক্ষতি ৰোধ কৰিব পৰাকৈ বিভাগীয় সকলো কৰ্মচাৰীয়ে সষ্টমহৈ সকলো সাৱধানতা অৱলম্বন কৰে তাৰো নিৰ্দেশ প্ৰদান কৰে।
এই বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ. আব্বাচি , জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি তথা জলসম্পদ বিভাগ আৰু FREMAAৰ বিষয়া সকলে অংশগ্ৰহণ কৰে।