নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিগাৰেট আসক্ত নেকি আপুনি, তেন্তে চিন্তা নকৰিব

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : চিগাৰেটৰ দ্বাৰা যদি আসক্ত, তেন্তে সেই আসক্তি আৰু বেছিদিন নাথাকিব। কিয়নো চিগাৰেটৰ পৰা আপোনাৰ আসক্তি আঁতৰ কৰিবলৈ আপোনাৰ হাততে ইয়াৰ মহৌষধ। মন কৰিব লগা কথা যে যিকোনো ধৰণৰ আসিক্তয়ে আমাৰ দৈহিক-মানসিক স্বাস্থ্যৰ লগতে পৰিয়ালকেন্দ্ৰিক সমস্যাও বঢ়াই তোলে।

চিগাৰেট আসক্তিৰ পৰা মুক্ত হবৰ বাবে আপুনি লব পৰা প্ৰথম উপায় হৈছে এক কাপ গাখীৰ। যদি আপোনাৰ চিগাৰেট খোৱাৰ প্ৰতি ইচ্ছা জাগে তেন্তে সেই সময়ত এক কাপ গাখীৰ পী খাওক। সিয়ে আপোনাক চিগাৰেটৰ পৰা আঁতৰাই ৰখাত সহায় কৰিব।

উল্লেখ্য যে চিগাৰটত নিকটিন থকাৰ বাবে আমাৰ দেহত ইয়াৰ প্ৰভাৱ ৪০ মিনিট পৰ্যন্ত থাকে। ইয়াৰ পিছত এক সময়ৰ অন্তৰে অন্তৰে চিগাৰেটৰ আসক্তি বাঢ়ে।

ইয়াৰ পৰা মুক্তিৰ বাবে ভিটামিট-চিযুক্ত আহাৰ খোৱাটো অত্যন্ত ফলপ্ৰসূ। এই ধৰণৰ খাদ্য যেনে মৌচুমী, কল, অমৰুট, ষ্ট্ৰবেৰী আদি খালে চিগাৰেটৰ আসক্তি কমাত সহায়ক হয়।

কেঁচা পনীৰ খালেও এই ক্ষেত্ৰত যথেষ্ট লাভদায়ক।কেঁচা পনীৰ খালে বহু সময়লৈকে বাহিৰা বস্তু খাবলৈ মন নোযোৱা হয় আৰু যদিহে চিগাৰেটৰ প্ৰতি আসক্তি আহে, তেনে সময়ত কেঁচা পনীৰ খাব পাৰে।

চফগুটি খালেও এই আসক্তিৰ পৰা পৰিত্ৰাণ পাব পাৰি।

গতিকে কেইটামান সৰু সৰু খাদ্য খাই চিগাৰেট খোৱাৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকি নিজৰ দৈহিক তথা মানসিক স্বাস্থ্য সুস্থিৰ কৰক।

You might also like