যোগীঘোপাত ডাম্াৰৰ খুন্দাত এজনৰ মৃত্যুঃ উত্তেজিত ৰাইজে ক্ষতি কৰিলে তিনিখন ডাম্পাৰৰ
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ- বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কুমাৰকাটাত আজি পুৱা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ।মাটি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী বৃদ্ধ নিহত হয়। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে তিনিখনকৈ ডাম্পাৰ বিস্তৰ ক্ষতি কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । নিহত বৃদ্ধগৰাকী বৰপাৰা গাঁৱৰ হুকুৰাম সূত্ৰধৰ (৫৮) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি পুৱা প্ৰায় ১০ বজাত বৰপাৰা গাঁৱৰ হুকুৰাম সূত্ৰধৰ নামৰ বৃদ্ধগৰাকীয়ে কুমাৰকাটাৰ পৰা ঘৰলৈ চাইকেলেৰে আহি থকা সময়তে কুমাৰকাটা গাঁৱত কুমাৰকাটা-বৰপাৰা সংযোগী গ্ৰাম্য লোকনিৰ্মাণ পথত মাটি কঢ়িওৱা এ এছ-১৯ চি -৮৩১৭ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰ গাড়ীখনে মহটিয়াই নিয়ে ।তীব্ৰবেগী ডাম্পাৰখনে মহটিয়াই নিয়াৰ ফলত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয় ।
পিছত দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত স্থানীয় ৰাইজ উত্তেজিত হৈ ডাম্পাৰখন আটক কৰি গাড়ীখনৰ চালক ৰকিবুল হকক আক্ৰমণ কৰে ।উত্তেজিত লোকে চালকক গছত বান্ধি মাৰপিট কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰো বিস্তৰ ক্ষতি কৰে ।
উত্তেজিত লোকসকলে ইয়াতে ক্ষান্ত নাথাকি উক্ত পথৰে মাটি কঢ়িওৱা এ এছ ১৯ চি ৮৮৭৭ আৰু এ এছ ১৯ চি ৯৮৯৯ নম্বৰৰ ডাম্পাৰ দুখনৰো ব্যাপক ক্ষতি কৰে । ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে অঞ্চলটোত বিভিন্ন বিল,পাহাৰ তথা চৰকাৰী ভূমি একাংশ ভূ-মাফিয়াই অবৈধভাৱে খনন চলাই ডাম্পাৰৰ মাটি সৰবৰাহ অব্যাহত ৰাখিছে।এনে মাটি কঢ়িওৱা ডাম্পাৰ চালকৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ লোক ।অঞ্চলটোৰ গ্ৰাম্য পথেৰে দিনে-নিশাই মাটি কঢ়িওৱা ডাম্পাৰ চালকৰ দৌৰাত্ম্য বৃদ্ধি পোৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে ।
এই সমূহ মাটি কঢ়িওৱা ডাম্পাৰ চালকৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ লোকে । জনা মতে, ডাম্পাৰ চালকৰ অতপালি বৃদ্ধি পোৱাত অঞ্চলতটোত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।এই ক্ষেত্ৰত পৰিবহণ বিভাগ আৰু বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস