ৰাজ্যত পুথিভঁৰাল আইন প্ৰণয়নৰ দাবী পুথিভঁৰাল সন্থাৰ
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী: ৰাজ্যত এখন পুথিভঁৰাল আইন প্ৰণয়নৰ দাবীৰে আজি সামৰণি পৰিল সপ্তাহজোৰা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ আজি মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰেক্ষাগৃহ অনুষ্ঠিত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সপ্তাহজোৰা প্ৰতিষ্ঠা দিৱসৰ সামৰণী অনুষ্ঠানৰ আলোচনা চক্ৰ সঞ্চালনা কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই ৷ পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথে উদ্দেশ্য বাখ্যা কৰা এই আলোচনা চক্ৰখনত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰাজ্যত এখন পুথিভঁৰাল আইন শীঘ্ৰে প্ৰণয়নৰ পোষকতা কৰি ভাষণ প্ৰদান কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সম্পাদক বলদেৱ শৰ্মাই ৷
আনহাতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকি পুথিভঁৰাল আইন প্ৰণয়ন কৰিবলৈ নিজাববীয়াকৈ প্ৰচেষ্টা ৰাখিব বুলি মন্তব্য কৰাৰ উপৰি বিধায়ক মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰালত এটি ভৱন নিৰ্মাণৰ বাবে ধন আবণ্টন দিয়াৰ কথা ঘোষণা কৰে ৷ মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নিপুন নৰহে শুভ উদ্বোধন কৰা আলোচনা চক্ৰখনতে মৰিগাঁও সমষ্টিত বিগত সময়ছোৱাত বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰি অহা উন্নয়নমূলক সামাজিক কামৰ বাবে পুথিভঁৰাল সন্থাই বিধায়কগৰাকীৰ জন্মদিনত তেওঁক মৰিগাঁও ৰত্ন উপাধি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিধায়কগৰাকীৰ জন্মদিনটোত এখন অভিনন্দন গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° অচ্যুত দাস, কলংপাৰ কাকতৰ সম্পাদক গুৰমাইল সিং আৰু বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ অমৰ জ্যোতি ডেকাৰ লগতে মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ৰমেশ কাকতি, সম্পাদক বলদেৱ নাথ, ৰাজ্যিক সদস্য কৃষ্ণানন্দ নাথ আৰু চাহাবুদ্দিন আহমেদৰ লগতে জিলাৰ পুথিভঁৰাল সমূহৰ সদস্য-সদস্যাসকল উপস্থিত থাকে ৷
প্ৰেৰক মানস নাথ