গোলকগঞ্জত বিলাসী বাহনত চাৰিটা গৰু উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : গৰু সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ অভিযান চলাই থকাৰ মাজতে আজি গোলকগঞ্জ আৰক্ষীয়ে জব্দ কৰে দুটা চোৰাংকৈ সৰবৰাহ কৰা গৰু। গোলকগঞ্জ আৰক্ষীয়ে চলোৱা অভিযানত গৰু আৰু চোৰাং গৰু সৰবৰাহকাৰী। কিনকিনীয়া বৰষুণৰ সুযোগ গ্ৰহণ কৰি চোৰাং গৰু সৰবৰাহকাৰীয়ে সৰবৰাহৰ চেষ্টা চলাইছিল যদিও সফল নহল। কিয়নো গোলকগঞ্জৰ আৰক্ষীৰ কঠোৰ তালাচীৰ ফলত সফল হব নোৱাৰিলে।
আজি পুৱা গোলকগঞ্জৰ ৰতিয়াদহ 17নং ঘাইপথৰ চেক পোষ্টত AS 01 ES 1398 নম্বৰৰ বিলাসী বেলেনঅ’ গাড়ীক ৰবলৈ নিৰ্দেশ দিয়াত গাড়ীৰ চালকে গাড়ীখন ৰখাই পলায়ন কৰে। পিছত আৰক্ষীয়ে গাড়ীখনেৰে অবৈধভাৱে কঢ়িয়াই নিয়া দুটা গৰু উদ্ধাৰ কৰে। ইয়াৰ পিছতেই 12 মান বজাত একে স্থানতেই গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নেতৃত্বত আকৌ AS 0 1 AM 9477 নম্বৰৰ ফোৰ্ড ফিয়েষ্টা গাড়ী আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে। গাড়ীখনৰ ভিতৰৰ পৰা নিৰ্দয়ভাৱে বান্ধি অনা দুটাকৈ গৰু উদ্ধাৰ কৰে। গাড়ীৰ চালক তফজ্জুল হুছেইনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও গাড়ীৰ গৰাকী আশ্ৰাফ আলী পলাই যাবলৈ সক্ষম হয়।। গোলকগঞ্জ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়