এজন এজনকৈ ঘনিষ্ঠ সংগীয়ে এৰিছে বৰিছক
দলৰ ভিতৰত তেওঁৰ ওপৰত চাপ বাঢ়িছে। পার্টী বিতর্কক কেন্দ্র কৰি সংসদত তেওঁৰ অপসাৰণৰ দাবী উঠিছে। এজন এজনকৈ ঘনিষ্ঠ সহযোগীয়েও এতিয়া তেওঁৰ সংগ এৰিছে। ক’ভিড বিধি উলংঘা কৰি প্রধানমন্ত্রীৰ বাসভৱন, ১০ ডাউনিং ষ্ট্ৰীটত পার্টী কৰাৰ অভিযোগত বিদ্ধ বৰিছৰ কাষৰ পৰা আঁতৰিল তেওঁৰ বিশেষ আস্থাভাজন বুলি পৰিচিত মুনিৰা মির্জা। ইস্তফা দি তেওঁ কৈছে- ‘বৰিছে হতাশ কৰিছে।’ ইয়াৰ কিছুক্ষণৰ ভিতৰতে বৰিছ প্রশাসনৰ জনসংযোগ দলৰ প্রধান জেক ডয়েলে ইস্তফা দিয়ে। এই ঘটনাৰ আলোড়ন শেষ নোহোওতেই খবৰ আহে আৰু দুগৰাকী পদধাৰীয়ে ইস্তফা দিছে। তাৰে এজন মার্টিন ৰেনল্ডছ। বৰিছৰ বিৰুদ্ধে যি পার্টীত যোগ দিয়াৰ অভিযোগ উঠিছে, তাৰে অন্যতম ‘নিজৰ সুৰা নিজেই আনক’ শীর্ষক পার্টী। ইয়াৰ আমন্ত্রণপত্র পঠিয়াইছিল ৰেনল্ডছে। দ্বিতীয় জন হ’ল ডেন ৰছেনফিল্ড। বৰিছ জনছনৰ ‘চীফ অৱ ষ্টাফ’। এই তিনিওগৰাকীয়ে পার্টী বিতর্কৰ জালত পৰিছে। কিন্তু বৰিছক সকলোতকৈ বেছি আঘাত কৰে মুনিৰাই। বৰিছ প্রশাসনৰ নীতি-নির্ধাৰক মুনিৰাৰ সৈতে বৰিছৰ সম্পর্ক ‘অবিচ্ছেদ্য’ বুলিয়েই জনা যায়।