নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমান ভয়ানক পেৰাচিটামলৰ ব্যৱহাৰ

গাটো সামান্য গৰম হ’লে বা দেহৰ কোনোবা ঠাইত বিষ অনুভৱ হ’লে আমাৰ বহুতৰে পেৰাচিটামল খোৱা অভ্যাস আছে। কিন্তু এই দৰৱ কিমান ভয়াৱহ আপুনি জানেনে? পেৰাচিটামলৰ সঘন ব্যৱহাৰে বহু ক্ষতি কৰিব পাৰে দেহৰ। পেৰাচিটামলৰ দৈনিক ব্যৱহাৰে ৰক্তচাপ বঢ়োৱাৰ লগতে হার্ট এটেক আৰু স্ট্রোকৰ আশংকা বঢ়াই তোলে। এটি গৱেষণাত এয়া প্ৰকাশ  হৈছে। আনকি গৱেষকসকলে হৃদৰোগ থকা ব্যক্তিক পেৰাচিটামল প্রেচক্রাইব কৰাৰ আগতে চিকিৎসকক সতর্ক হ’বলৈও কৈছে। এডিনবার্গ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ দল এটাই উচ্চ ৰক্তচাপত ভোগা ১১০ জন ৰোগীক লৈ এই গৱেষণা কৰিছিল। ব্ৰিটেইনৰ প্রতি ১০ জনৰ মাজৰ এজন দীর্ঘস্থায়ী বিষত আক্ৰান্তক প্রতিদিনে পেৰাচিটামল দিয়া হয়, আৰু প্রতি তিনিজনৰ এজনে উচ্চ ৰক্তচাপত ভোগে। গৱেষকৰ মতে, দীর্ঘস্থায়ী বিষৰ বাবে যিসকলক পেৰাচিটামলৰ প্রয়োজন তেওঁলোকক ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবলৈ আন ঔষধ দিয়া উচিত।

You might also like