নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠ নৈৰ প্রদূষিত পানীত জীয়াই ৰখা মাছ বিক্রীঃ নির্বিকাৰ প্রশাসন

ব্যৱসায়ীৰ মুনাফাই বিপদ মাতিছে জনস্বাস্থ্যলৈ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ যি সময়ত অন্ধ্রপ্রদেশৰ পৰা অহা ফর্মেলিনযুক্ত চালানী মাছ নিষিদ্ধ কৰি খাদ্য সুৰক্ষা বিভাগে মহানগৰীত অভিযান অব্যাহত ৰাখিছে, সেই সময়তে মহানগৰবাসীয়ে প্রদূষিত পানীত জীয়াই ৰখা মাছ খাব লগা হৈছে ৷ একাংশ পাইকাৰী ব্যৱসায়ীয়ে নলাৰ আৰু বশিষ্ঠ নৈৰ লেতেৰা পানীত ওৰেনিশা জীয়াই ৰখা মাছ খুচুৰা ব্যৱসায়ীক বিক্রী কৰি আহিছে ৷ বিশেষকৈ চাইকেলেৰে মহানগৰীৰ গলিয়ে গলিয়ে ব্যৱসায়ীসকলে নলাত জীয়াই ৰখা মাছ বিক্রী কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে মহানগৰীৰ ভেটাপাৰাৰ বশিষ্ঠ নৈৰ পাৰত পাইকাৰী মাছৰ বজাৰত নিতৌ শ শ কুইণ্টল মাছ বিক্রী কৰা হয়৷ বৰপেটা, নলবাৰী, মৰিগাঁও, মায়ং, চন্দ্রপুৰ আৰু ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা এদিন পূর্বে অনা মাছসমূহ ব্যৱসায়ীসকলে বশিষ্ঠ নৈৰ প্রদূষিত পানীত জীয়াই ৰখাৰ পিছত পুৱতি নিশা খুচুৰা ব্যৱসায়ীসকলক বিক্রী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ একেদৰে ভেটাপাৰাত মাছৰ বজাৰৰ কদর্য পৰিৱেশে সমগ্র অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ সমান্তৰালকৈ বিভিন্ন ৰোগৰ বীজাণু বিয়পাইছে বুলি একাংশ স্থানীয় লোকে অভিযোগ কৰে৷ এনেদৰে প্রদূষিত পানীত জীয়াই ৰখা মাছ মহানগৰীৰ বিভিন্ন বজাৰত বিক্রী কৰি আহিছে খুচুৰা ব্যৱসায়ীসকলে ৷

উল্লেখ্য যে এই মাছ ক্রয় কৰি খোৱাৰ কিমান উপযোগী সেই বিষয়ে খাদ্য সুৰক্ষা বিভাগে কোনো ধৰণৰ বিজ্ঞানসন্মত পৰীক্ষাৰ ব্যৱস্থা কৰা নাই৷ কিয়নো মহানগৰীৰ কেতবোৰ অঞ্চলৰ পৰা বর্জিত পানী বশিষ্ঠ নৈত পৰে৷ তদুপৰি পেলনীয়া প্লাষ্টিককে ধৰি বিভিন্ন সামগ্রী নদীত পেলাই দিয়াৰ ফলত ইয়াৰ পানী প্রদূষিত হয়৷ আনহাতে, ব্যৱসায়ীসকলে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা মাছ কঢ়িয়াই অনা থার্ম’কল, বিক্রীৰ অনুপযোগী মৰা মাছ আদি নদীত পেলাই দি ইয়াৰ পানী প্রদূষিত কৰি আহিছে৷ এনে পৰিস্থিতিত এই অপৰিচ্ছন্ন নৈৰ পানীত জীয়াই ৰখা মাছ ব্যৱসায়ীসকলে বিক্রী কৰি জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াইছে বুলি সচেতন মহলে অভিযোগ কৰিছে৷ কিন্তু ইয়াৰ পিছতো স্থানীয় প্রশাসন কিম্বা খাদ্য সুৰক্ষা বিভাগে এইক্ষেত্রত নির্বিকাৰ ভূমিকা পালন কৰি আহিছে৷ এই ক্ষেত্রত প্রশাসন তথা খাদ্য সুৰক্ষা বিভাগে কিয় ব্যৱস্থা গ্রহণ কৰা নাই বুলি প্রশ্ণ উত্থাপন হৈছে৷ সংশ্লিষ্ট পক্ষৰ এনে নির্লিপ্ত ভূমিকাৰ সুযোগ গ্রহণ কৰি মুনাফাখোৰ মৎস্য ব্যৱসায়ীসকলে ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷

You might also like