নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপ্তম শ্রেণীৰ পাঠ্যক্রমত অন্তর্ভুক্ত সোণাৰিৰ প্রিঞ্চিৰ কাহিনী

শাৰীৰিক বাধাক নেওচি সফলতাৰ পথত অগ্রসৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শাৰীৰিক প্রতিবন্ধকতা জীৱনৰ কোনো ক্ষেত্রত যে অন্তৰায় হ’ব নোৱাৰে তাৰ স্পষ্ট উদাহৰণ সোণাৰিৰ যুৱতী প্রিঞ্চি  গগৈ ৷ জীৱন যুঁজত কোনোদিনে হাৰ নমনা এইগৰাকী যুৱতীৰ জীৱন গাথা শেহতীয়াকৈ পাঠ্যক্রমত অন্তর্ভুক্ত হৈছে৷ হেঁপাহ, অধ্যৱসায় আৰু আগ্রহ থাকিলে পৃথিৱীত অসাধ্য যে একো নাই তাৰেই প্রমাণ দাঙি ধৰি বিভিন্ন সময়ত নিজ কর্মৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা সোণাৰিৰ এইগৰাকী যুৱতীয়ে বিভিন্ন সময়ত সংবাদ শিৰানাম দখল কৰি আহিছে ৷

জন্মৰে পৰা দুয়োখন হাত নথকা প্রিঞ্চি  আজি হৈ পৰিছে জগতৰ হাজাৰ হাজাৰ বিশেষভাৱে সক্ষমসকলৰ বাবে এক প্রেৰণাৰ উৎস ৷ প্রিঞ্চি আজিৰ সমাজৰ বাবে এক অদম্য সাহসৰ প্রতীক৷ সোণাৰিৰ এইগৰাকী যুৱতীয়ে নিজৰ অদম্য মনোবলৰ বাবেই দুয়োখন হাত নথকা সত্ত্বেও আনুষ্ঠানিক শিক্ষা গ্রহণ কৰি বর্তমান গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত কর্মৰত হৈ আছে৷ শেহতীয়াকৈ এইগৰাকী যুৱতীৰ বিষয়ে এইবর্ষৰ সপ্তম শ্রেণীৰ অসমীয়া পাঠ্যপুথি ‘অংকুৰণ’ৰ এটি পাঠত তেওঁৰ কথা অন্তর্ভুক্ত হৈছে ৷ এইদৰে বিশেষভাৱে সক্ষম যুৱতীগৰাকীৰ বিষয়ে এটি বিষয়ত ছাত্র–ছাত্রীৰ বাবে বিষয় পাঠৰূপে পাঠ্যপুথিত অন্তর্ভুক্ত হোৱাত যুৱতীগৰাকীৰ চৰাইদেউ জিলাৰ গৃহ চহৰ সোণাৰিৰ বিভিন্ন মহলত এক আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে ৷

পাঠ্যক্ৰমত প্ৰিঞ্চিৰ কাহিনী

যোৱা ভোগালী বিহুৰ সময়ত নিজ গৃহত উপস্থিত হোৱা যুৱতীগৰাকীয়ে তেওঁৰ বিষয়ে পাঠ্যপুথিত এটা পাঠ অন্তর্ভুক্ত হোৱা সূত্রে তেওঁ স্থানীয় বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সোণাৰিৰ পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রীসকলৰ লগত মত বিনিময় কৰে ৷ মন কৰিবলগীয়া যে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ওপৰত নির্মিত ৰাইজিং ছান নামৰ এখন তথ্যচিত্রতো এইগৰাকী প্রতিভাৱান যুৱতীয়ে অংশগ্রহণ কৰিছে৷ চিত্রশিল্পৰ প্রতি বিশেষভাৱে আগ্রহী যুৱতী প্রিঞ্চিয়ে ইতিমধ্যে বিভিন্ন অনুষ্ঠানত অংশগ্রহণ কৰি নিজৰ প্রতিভা বিকাশৰ সুযোগ লাভ কৰিছে৷ বিশেষভাৱে সক্ষম এইগৰাকী যুৱতীয়ে নিজৰ মনোবল, আগ্রহ আৰু একাগ্রতাৰ বাবে নিজকে উজলাই তুলিবলৈ সক্ষম হোৱাটো আজিৰ সমাজ জীৱনৰ বাবে নিঃসন্দেহে এক আশাব্যঞ্জক বাতৰি৷ জীৱনলৈ অহা সকলো ঘাত প্রতিঘাত, প্রত্যাহ্বান নেওচি দূৰ–দিগন্তলৈ যাত্রা কৰাৰ অযুত সপোন দেখা সোণাৰিৰ ৰজাঢ়াপ নিৱাসী জগনাথ গগৈ আৰু ৰঞ্জু (বিউটি) গগৈৰ কন্যা প্রিঞ্চি আন বহুজনৰ বাবে এক আদর্শ হওক এয়ে আমাৰ কামনা ৷

You might also like