নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জিলা বাথৌ আফাৎৰ ৪৩ সংখ্যক বাৰ্ষিক অধিবেশন আৰু খেৰাই পূজাৰ

নিয়মীয়া বাৰ্তা,ধনশ্ৰীঘাট, ১৪ ফেব্ৰুৱাৰীঃ ওদালগুৰিৰ কঠালগুৰিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ওদালগুৰি জিলা বাথৌ আফাৎৰ ৪৩ সংখ্যক বাৰ্ষিক অধিবেশন আৰু খেৰাই পূজাৰ  ১৩ফেব্ৰুৱাৰীত সফল সামৰণি পৰে। এই উপলক্ষে  ১২ ফেব্ৰুৱাৰীৰ পুৱা অধিৱেশন স্থলী শুদ্ধিকৰনেৰে অধিবেশনৰ আৰম্ভ হয়। শুদ্ধিকৰণ পৰিচালনা কৰে আদৰণি সমিতিৰ উপ-সভাপতি সনাতন ওৱাৰীয়ে। অধিবেশন আৰু খেৰাই পুজা  উপলক্ষে সমস্ত জগতৰ শান্তি,মঙ্গল আৰু কল্যানৰ্থে বগা পাৰ চৰাই উৰুৱাই সমাজকৰ্মী অজিত ৰামচিয়াৰীয়ে।  মুখ্য তোৰণ উদ্বোধন কৰে এম চি এল এ তথা আদৰণি সমিতিৰ সভাপতি ফ্ৰেছ মোছাহাৰীয়ে।  “বড়ো সমাজ গঠনত যুৱক-যুৱতী আৰু মহিলাৰ ভূমিকা” শীৰ্ষক ধৰ্মীয় আলোচনা চক্ৰখনি উদ্বোধন কৰে কেন্দ্ৰীয় বাথৌ সমাজৰ সাধাৰণ সম্পাদক কিৰণ বসুমতাৰীয়ে। ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি বাবুৰাম ব্ৰহ্মই সঞ্চালনা কৰা আলোচনা চক্ৰত ভাগ লৈ  ড° সাংথাং বসুমতাৰী আৰু বাৰদৈচিলা নাৰ্জাৰীয়ে  ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত যুৱক-যুৱতী আৰু মহিলা সকলৰ গুৰুত্বৰ কথা বৰ্ণনা কৰে।

উক্ত আলোচনা চক্ৰৰ অনুষ্ঠানতে সাহিত্য একাডেমী বঁটা প্ৰাপক ডা: দেৱকান্ত ৰামচিয়াৰী,ৰাজ্যিক ভিত্তিত আয়োজিত আন্ত:জিলা জুনিয়ৰ বস্কিং চেম্পিয়নশ্বীপত সোণৰ পদক লাভ কৰা সুস্মিতা বসুমতাৰী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰা ড° চানখাং বসুমতাৰী আৰু ৰঙাপাৰা কলেজৰ সহকাৰী অধ্যাপিকা লক্ষ্মী মোছাহাৰীক সম্বৰ্ধনা জনোৱা হয়। ইপিনে ১৩ফেব্ৰুৱাৰীত  পুৱা ৭খন আঞ্চলিকৰ লগতে আদৰণি সমিতি, ওদালগুৰি জিলা সমিতি আৰু মহিলা মৰ্চাৰ ধৰ্মীয় পতাকাৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। স্মৃতি তৰ্পণ কৰে ওদালগুৰি জিলা বাথৌ সমিতিৰ উপদেষ্টা নন্দেশ্বৰ বসুমতাৰীযে। জিলা সমিতি,মহিলা মৰ্চা আৰু যুৱ মৰ্চাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। জিলা সমিতিৰ সভাপতি বিম্বাহন হাজোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত  মুকলি সভা উদ্বোধন কৰে  বিধায়ক চৰণ বড়োই। তাৰ পিছতে  আদৰণি ভাষা দিয়ে আদৰণি সমিতিৰ সভাপতি তথা বি টিচিৰ ধনশ্ৰী সমষ্টিৰ এমচিএল এ ফ্ৰেচ মোছাহাৰীয়ে।উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰি সদৌ বাথৌ আফাৎৰ কেন্দ্ৰীয় সভাপতি দেদলা মাংগ্ৰা গয়াৰীয়ে বাথৌ  ধৰ্মৰ দৰ্শনৰ ব্যাখ্যা কৰি ধৰ্মত ব্ৰতী হৈ মানৱ জীৱনটো আগবঢ়াই নিয়াৰ লগতে  বাথৌ ধৰ্মীয় আদৰ্শেৰেই মানৱ কল্যান কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। সদৌ বাথৌ আফাৎৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  সৌৰাং ব্ৰহ্মই বিশিষ্ট অতিথি হিচাপে  সভাত  তত্ব গধুৰ ভাষন দিয়ে। তেওঁ  বড়ো জনগোষ্ঠীৰ যুৱ প্ৰজন্মক ধৰ্মীয় ক্ষেত্ৰ খনত জড়িত হৈ  বড়ো জাতীয়  মুল সত্বা আৰু সংস্কৃতি ৰক্ষাত গুৰুত্বপূৰ্ণ ভুমিকা লবলৈ আহ্বান জনায়।সদৌ বাথৌ  আফাৎৰ কেন্দ্ৰীয় সম্পাদক ৰবিৰাম ৰামচিয়াৰীয়েও সভাত ভাষন দি বাথৌ ধৰ্মীয় আদৰ্শৰ জড়িয়তে বড়ো সকলৰ সামাজিক উত্তৰন ঘটা বুলি মন্তব্য কৰে।মুকলি সভাখনত কাৰ্বি আংলং বাথৌ আফাৎৰ সভাপতি ৰিজেন বসুমতাৰী,ৰক্তিমা বসুমতাৰী ,কিৰন বসুমতাৰী,পাৰুল মোছাহাৰী আৰু গনেশ মোছাহাৰীকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে  অংশ গ্ৰহন কৰি সভাৰ সৌষ্ঠব বঢ়ায়। 

You might also like