নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰঘূলিৰ দুই যুৱতীৰ আলফাত যোগদানক লৈ চর্চাঃ আৰক্ষীৰ তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ দুগৰাকী যুৱতী সন্ধানহীন হোৱা ঘটনাক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে এক চর্চা৷ পৰিয়ালৰ অজ্ঞাতে হঠাৎ ঘৰৰ পৰা নোহোৱা হৈ পৰা যুৱতী দুগৰাকী হ’ল– সৰস্বতী দাস আৰু ৰুমী ডেকা৷ দুয়োগৰাকী যুৱতী আলফাত যোগদানৰ সন্দেহক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক চর্চা৷

খাৰঘূলি নিৱাসী দুয়োগৰাকী যুৱতীয়ে ডিব্রুগড়ত থকা এগৰাকী বান্ধৱীৰ ঘৰলৈ যাও বুলি ওলাই গৈছিল আৰু তাৰ পিছতে সন্ধানহীন হৈ পৰে৷ যুৱতী দুগৰাকীৰ সন্ধানক লৈ আৰক্ষীয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷

লক্ষণীয়ভাৱে পৰিয়ালে এই সন্দর্ভত কোনো অভিযোগ আৰক্ষীৰ ওচৰত দাখিল কৰা নাই৷ মঙলবাৰে হঠাৎ যুৱতী দুগৰাকীৰ অন্তর্ধানক লৈ সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে যুৱতী দুগৰাকীয়ে আলফাত যোগদান কৰাৰ সন্দেহ প্রকাশ কৰিছে পৰিয়ালে৷ সৰস্বতী দাসৰ মাতৃয়ে প্রকাশ কৰা মতে, আলফা (স্বাধীন)ৰ বিভিন্ন কাম–কাজক লৈ সততে মতামত দি অহা সৰস্বতীয়ে পৰাগ কুমাৰ দাসৰ ‘ছাংলট ফেনলা’ আৰু ধীৰুমণি গগৈৰ ‘নিষিদ্ধ যোদ্ধা’ কিতাপ দুখন পঢ়ি বিভিন্ন ধৰণৰ মতামত প্রকাশ কৰি আহিছে৷ ইয়াৰ পৰাই যুৱতী দুগৰাকী আলফালৈ যোৱাৰ সন্দেহ প্রকাশ কৰিছে মাতৃয়ে৷ ইয়াৰ পূর্বেও নানান অসুবিধাৰ মাজত জীৱন যাপন কৰা সৰস্বতী দাসে ঘৰৰ পৰা ওলাই গৈছিল যদিও পিছত আকৌ ঘৰলৈ উভতি আহিছিল৷ কালি মাতৃয়ে ফোনযোগে সৰস্বতী দাসৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছিল৷ সেই বার্তালাপত মাতৃক কিছুদিন পিছতে ঘৰলৈ ঘূৰি আহিব বুলি সৰস্বতী দাসে উল্লেখ কৰিছিল৷

You might also like