মহাৰাষ্ট্ৰৰ কৰজত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত গাঁওখনত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে৷
এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ বাহিৰত থাকিও নিজৰ শিপা পাহৰি নোযোৱা এইসকল ব্যক্তিৰ প্ৰচেষ্টাতেই অসমীয়া সংস্কৃতি জগতসভাত স্ব-গৰিমাৰে উজলি উঠিবলৈ সক্ষম হ’ব৷ তদুপৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদানকে ধৰি সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে নামঘৰৰ সমীপতে মা কামাখ্যাৰ এটি মন্দিৰ নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয়৷
আজিৰ এই অনুষ্ঠানত স্থানীয় বিধায়ক মহেন্দ্ৰ থোৰাৱেৰ লগতে অসম এচোছিয়েশ্যন, মুম্বাই আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়াসকলো উপস্থিত থাকে৷
মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। pic.twitter.com/9nklqaprjW
— Himanta Biswa Sarma (@himantabiswa) February 18, 2022