নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ সাংবাদিক, ইলেক্ট্ৰনিক মিডিয়াৰ অন্যতম বাটকটীয়া প্ৰতাপ বৰদলৈৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰতাপ বৰদলৈৰ দেহাৱসান। আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰতাপ বৰদলৈয়ে। দূৰদৰ্শন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকৰ দায়িত্বতো আছিল প্ৰতাপ বৰদলৈ।

দূৰদৰ্শন অসমৰ দৰ্শকৰ বাবে এখন চিনাকী মুখ আছিল প্ৰতাপ বৰদলৈ। অসমত বাতৰি পৰিৱেশনৰ অগ্ৰদূত আছিল প্ৰয়াত বৰদলৈ।

উল্লেখ্য যে ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিক বৰদলৈ হৈছে দূৰদৰ্শন গুৱাহাটীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পৰিবেশক।

মৃত্যুৰ সময়ত প্ৰতাপ বৰদলৈয়ে পত্নী ড০ ৰুমা বৰদলৈৰ লগতে দুগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়।

You might also like