নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত বার্ড ফ্লুৰ আতংক

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ ক’ৰোনাৰ প্রতাপ কিছু কমি আহিছে যদিও এইবাৰ বৃদ্ধি পাইছে বার্ড ফ্লুৰ আতংক৷ বিহাৰৰ এক কুকুৰা ফার্মত উপস্থিতি ধৰা পৰিছিল এইচ ৫ এন ১ ভাইৰাছৰ৷ এইবাৰ মহাৰাষ্ট্রৰ থানেত এই ভয়ংকৰ ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছে৷ যাৰ বাবে ২৫ হাজাৰ কুকুৰা নিধনৰ সিদ্ধান্ত লৈছে স্থানীয় প্রশাসনে৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, থানেৰ শ্বাহপুৰৰ ভেহলি গাঁৱত হঠাতে ১০০টা কুকুৰাৰ মৃত্যু হয়৷ ইয়াৰ পিছতেই পৰীক্ষাত ধৰা পৰিছে এই ভাইৰাছবিধৰ উপস্থিতি৷ সংবাদ সংস্থা এ এন আইৰ সূত্রই প্রকাশ কৰা অনুসৰি, থানেৰ জিলা প্রশাসক ৰাজেশ জে নার্ভেকে পশুপালন বিভাগক সংক্রমণ নিয়ন্ত্রণ কৰাৰ বাবে কঠোৰ নির্দেশ দিছে৷ গতিকে, আৰম্ভ হৈছে কুকুৰা নিধন কার্য৷ থানেত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাৰ পিছতে মুম্বাইতো সৃষ্টি হৈছে আতংক৷

You might also like