নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানশিৰিত তেল ডিপো উদ্বোধন কৰিলে বিধায়কে  

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মানশিৰিত এটা তেল ডিপো শুভ উদ্বোধন কৰে ৰঙাপৰা সমষ্টিৰ যুৱ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । আজি দিনৰ ১২:০০ বজাত মানশিৰিৰ এই উপলক্ষ্যে অনুষ্ঠিত এক সভাপতিত্ব কৰে মানশিৰি গাঁও পঞ্চায়তৰ সভাপতি ইমানুৱেল তপ্নই । অনুষ্ঠান আঁত ধৰাৰ লগতে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সমাজকৰ্মী মক্কেচ আলিয়ে । নায়ৰা :: এম এচ এচ এচ পি ফিলিং ষ্টেচনটো মানশিৰিত উদ্বোধন কৰি ৰঙাপৰাৰ বিধায়কগৰাকীয়ে উদ্বোধনী ভাষণ কয় যে আজি মানশিৰি অঞ্চলৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হ’ল । মানশিৰি অঞ্চলত দিনকদিনে বিকশিত হৈ উঠিছে । মানশিৰি চেণ্টাৰত অতিশীঘ্ৰে এখন আৰক্ষী থানা স্থাপন কৰা হ’ব ।

ইয়াৰ বাবে ইতিমধ্যে ১০ লাখ টকা আৱন্টন কৰা হৈছে । লগতে মানশিৰি অঞ্চলত আৰু এখন দলং নিৰ্মাণ কৰা হ’ব । মানশিৰি অঞ্চলত জীয়াভৰলীৰ গৰাখহনীয়া সমস্যা সমাধানৰ বাবে ১১ কোটি টকাৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ন জীয়াভৰলীৰ খননৰপৰা ৰাইজক ৰক্ষা কৰিবৰ বাবে ইতিমধ্যে নৈখনৰৰ বুকুত বৈজ্ঞানিক ব্যৱস্থাপনাৰে খননকাৰ্য আৰম্ভ কৰা হৈছে । অনাগত সময়ৰ মানশিৰিৰ এখন উন্নতমানৰ চিকিৎসালয় স্থাপন কৰা হ’ব । লগতে খনামুখত এখন বুনিয়াদী চিকিৎসালয়ৰ কামো অতিশীঘ্ৰে আৰম্ভ কৰা হ’ব । ভাৰতীয় জনতা পাৰ্টীয়ে ৰঙাপৰা সমষ্টিৰ প্ৰতিটো অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে সৎ প্ৰয়াস কৰি আহিছে ।

You might also like