নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুকেইখন যাত্ৰী বাহী ৰেল বাতিল কিন্তু কিয়?

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ উত্তৰ পূৱ সীমান্ত ৰেলৱে বাতিল কৰিছে কেইবাখনো ৰেল। কুৱঁলী অথবা বন্ধৰ বাবে নহয়, নিউ বঙাইগাঁও আৰু মাজবাটৰ মাজত নিৰ্মাণ হৈ থকা দ্বৈত ৰেলপথৰ নিৰ্মাণৰ বাবেহে বাতিল কৰা হৈছে ৰেলকেইখন। উত্তৰ-পূৱ সীমান্ত ৰেলৱে ইতিমধ্যে আৰম্ভ কৰিছে বৈদ্যুতিক ৰেলপথৰ কাম। দ্বৈত ৰেলপথৰ কাম পূৰ্ণগতিত চলি থকাৰ বাবেই অহা ২৪ জানুৱাৰীলৈ বাতিল কৰা হৈছে কেইবাখনো যাত্ৰীবাহী ৰেল।

You might also like