নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লভ জেহাদৰ চক্ৰত মাজুলীৰ মহিলা ববিতা বৰা!

'মা' তুমি কত আছা, সোনকালে আহা, মই ৰৈ আছো...

নিয়মীয়া বাৰ্তা , বনগাঁও , ২১ ফেব্ৰুৱাৰী : ‘মা’ তুমি কত আছা, সোনকালে আহা, মই ৰৈ আছো নহয়। দেউতায়ো আজি কেইবাদিন ধৰি ভাত খোৱা নাই, ময়ো খোৱা নাই, তুমি আহিলেহে মই ভাত খাম৷ এয়া মাজুলী পটিয়ৰী গাঁৱৰ নিষ্ঠুৰ মাতৃয়ে এৰি থৈ যোৱা এগৰাকী ছবছৰীয়া কন্যাৰ বিননী৷ দ্বীপ জিলা মাজুলীৰ পটিয়ৰী গাঁৱৰ নিৱাসী সুজিত বৰাৰ পত্নী ববিতা বৰা আজি ১২ দিন ধৰি নিৰুদ্দেশ হৈ আছে ৷ ঘটনা অনুসৰি, যোৱা ৯ ফেব্ৰুৱাৰীত কমলাবাৰী নামকাটনীৰ মাকৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল মহিলাগৰাকী ৷ লগৰ ছোৱালী এজনীৰ ঘৰৰ পৰা আঁহো বুলি ওলাই যোৱা পত্নীক বিচাৰি দিক-বিদিক হেৰুৱাইছে স্বামী সুজিতে৷ আৰক্ষীৰ কাষ চাপিও কোনো শুংসুত্ৰ উলিয়াব পৰা নাই ববিতাৰ৷ যোৱা ৯ ফেব্ৰুৱাৰীৰ পুৱা ৭:৩০ বজাত মৰিতুনিৰ মাকৰ ঘৰৰ পৰা ওলাই গৈ ৯:৩০ বজাত কমলাবাৰীৰ পৰা ফেৰীৰে অকলেই যোৰহাটলৈ পাৰ হৈ গৈছিল মহিলাগৰাকী। সন্ধিয়া লৈ মহিলা গৰাকীৰ মবাইলৰ লোকেচন যোৰহাটৰ তৰাজানত পোৱাৰ লগতে পিছৰটো দিনত গুৱাহাটীৰ মুকালমুৱাত শেষবাৰৰ বাবে মবাইলৰ লোকেচন পোৱা বুলি আৰক্ষীৰ লোকে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ৷ পৰিয়ালৰ লোকে ববিতা বৰাৰ মবাইলত ফোন কৰি আছে যদিও ফোন ৰিচিভ নকৰে মহিলাগৰাকীয়ে ৷ আজিৰ পৰা পাঁচদিন পূৰ্বৰ পৰা ববিতা বৰাৰ ফোনটো ছুইচ অফ হোৱাৰ পিছত চিন্তিত হৈ পৰিছে স্বামী, কন্যাসহ পৰিয়ালৰ লোক৷ মহিলাগৰাকী লভ জেহাদৰ কৱলত সোমাই পৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ৷ আনহাতে, আৰক্ষীক তদন্ত ক্ষীপ্ৰতৰ কৰাৰ কাতৰ আহ্বান পৰিয়ালৰ লোকৰ৷ কোনো লোকে এই মহিলা গৰাকীক পত্যক্ষ কৰিলে স্বামী সুজিত বৰাৰ লগত 70358 09984 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

You might also like