ইউক্রেইনত আবদ্ধ অসমৰ ৫০ মেডিকেল শিক্ষার্থী
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ ৰাছিয়াই ক্রমাৎ বৃদ্ধি কৰা সামৰিক আগ্রাসনে চুবুৰীয়া ৰাষ্ট্র ইউক্রেইনত গঢ়ি উঠিছে যুদ্ধসদৃশ পৰিৱেশ৷ গভীৰ সংকট ঘনীভূত হোৱা ইউক্রেইনত এতিয়া প্রতিটো মুহূর্ততে ৰাছিয়াৰ আক্রমণৰ আতংকত কটাইছে বাসিন্দাসকল৷ এনে যুদ্ধৰ আতংকৰ মাজতে দেশখনত আবদ্ধ হৈ পৰিছে অসমৰ অর্ধশতাধিক শিক্ষার্থী৷ ইউক্রেইনৰ ৰাজধানী কিয়েভত প্রতিদিনে সম্ভাব্য যুদ্ধৰ পৰিৱেশ পর্যালোচনা কৰাৰ লগতে দেশৰ নাগৰিকসকলক সতর্ক হৈ থকাৰ নির্দেশ দিছে৷ এনে অৱস্থাত দেশখনত আবদ্ধ হৈ পৰা অসমৰ শিক্ষার্থীসকলে সংকটত পৰাই নহয়, ৰাছিয়াই আক্রমণ কৰিলে সৃষ্টি হ’ব পৰা পৰিৱেশক লৈও ভীতিগ্রস্ত হৈ পৰিছে৷
উল্লেখ্য যে দেশখনৰ টার্নিপল মেডিকেল কলেজত অসমৰ পৰা যোৱা ৫০গৰাকীতকৈও অধিক শিক্ষার্থী অধ্যয়নৰত অৱস্থাত আছে৷ ইয়াৰে অধিকাংশই পৰিয়ালৰ সৈতে যোগাযোগ কৰি দেশলৈ উভতি অহা বাবে উদ্বিগ্ণতা প্রকাশ কৰিছে যদিও যুদ্ধসদৃশ এনে পৰিৱেশত ঘৰলৈ উভতি অহাৰ সকলো পথেই প্রায় বন্ধ হৈ পৰিছে৷ শিক্ষার্থীসকলৰ এনে আতংক পৰিৱেশৰ মাজতে শেহতীয়াকৈ ভাৰতীয় দূতাবাসে জৰুৰী সেৱাত যদি কোনো লোক জড়িত হৈ থকা নাই, তেন্তে সেইসকল লোকক দেশলৈ উভতি যোৱাৰ বাবে নির্দেশ দিছে৷ এনে নির্দেশক লৈও এতিয়া শিক্ষার্থীসকলৰ লগতে অসমত থকা পৰিয়ালেও আতংকৰ মাজত দিন কটাইছে৷
জাগীৰোডৰ বঢ়মপুৰৰ ডেইজি মেধি, গুৱাহাটীৰ ভেটাপাৰাৰ হার্বী দত্ত, গুৱাহাটীৰ চিৰঞ্জীৱ ডেকা, নগাঁৱৰ দক্ষিণপাট সত্রৰ পিনাকী ৰঞ্জন কাশ্যপ, কামৰূপ জিলাৰ নগৰবেৰাৰ জাকাৰিয়া হুছেইন আদিকে কৰি কেইবাজনো ছাত্র–ছাত্রীয়ে ইতিমধ্যে পৰিয়ালৰ সৈতে যোগাযোগ কৰি নিজৰ উদ্বিগ্ণতা প্রকাশ কৰিছে৷ শেহতীয়াকৈ ডেইজি মেধিয়ে পৰিয়ালৰ সৈতে ভিডিঅ’ কলযোগে বর্তমান সুৰক্ষিত হৈ থকা বুলি জনাইছে যদিও প্রতিদিনে চিন্তাৰ মাজত কটাব লগা হোৱাৰ কথা উল্লেখ কৰিছে৷ একেদৰে হার্বী দত্তয়ো ভিডি’ কলযোগে সম্ভাব্য পৰিস্থিতি কি হ’ব, তাক লৈ শংকাৰ কথা ব্যক্ত কৰে৷ ছাত্রীগৰাকীৰ মতে টার্নিপল মেডিকেল কলেজত অসমৰ ভিন্ন প্রান্তৰ ৫০জনতকৈও অধিক ছাত্র–ছাত্রী আছে৷ এই ছাত্র–ছাত্রীসকলৰ বহুতেই ঘৰলৈ উভতি যাবলৈ ইচ্ছা প্রকাশ কৰি আছে যদিও কলেজ কর্তৃপক্ষই এইক্ষেত্রত সকলো ছাত্র–ছাত্রীকে সুৰক্ষিত কৰি ৰখা হ’ব বুলি আশ্বাস দিছে৷ তৎসত্ত্বেও ৰাছিয়াৰ আক্রমণৰ শংকাত ক্রমাৎ বৃদ্ধি পোৱা প্রতিগৰাকী ছাত্র–ছাত্রীয়েই যথেষ্ট আতংকৰ মাজত দিন কটাবলগীয়া হৈছে৷ মন কৰিবলগীয়া যে ৰাছিয়াই আৰম্ভ কৰা এনে আগ্রাসী পদক্ষেপে সাম্ভাৱ্য তৃতীয় বিশ্ব যুদ্ধৰ আতংক বিয়পাইছে৷
ইতিমধ্যে ৰাছিয়াই ইউক্রেইনৰ সীমান্তত প্রায় দুই লাখ সেনা মোতায়েন কৰি দেশখন দখলৰ বাবে সষ্টম হৈ আছে৷ একেদৰে ৰাছিয়াই চুবুৰীয়া ৰাষ্ট্র বেলাৰুছতো সষ্টম কৰি তুলিছে ৰুছ সেনা৷ ইউক্রেইন সীমান্তৰ লগত লাগি থকা বেলাৰুছৰ পৰা দেশখনক আক্রমণ কৰাৰ পথ প্রশস্ত কৰি ৰাছিয়াই যোৱা কেইদিনত ৩০ হাজাৰৰো অধিক সেনা বেলাৰুছত নমাইছে৷ সমান্তৰালভাৱে ৰাছিয়াই কৃষ্ণ সাগৰ আৰু উত্তৰ সাগৰতো নৌবাহিনীক ব্যাপক অনুশীলন চলাই যুদ্ধৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ এনে এক পৰিস্থিতিত ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্রমণৰ সম্ভাৱনা প্রতিদিনে বৃদ্ধি পাইছে৷ ইফালে, বিভিন্ন দেশে ইউক্রেইনৰ পৰা তেওঁলোকৰ নাগৰিকসকলক আঁতৰাই আনিবলৈ কুচকাৱাজ আৰম্ভ কৰাৰ লগতে বিশেষ বিমান দেশখনলৈ প্রেৰণ কৰিছে৷ ফলত অসমৰ ছাত্র–ছাত্রীসকল এই বার্তা পাই অধিক আতংকিত হৈ পৰিছে৷
ইফালে, ইউক্রেইনৰ চুমি ষ্টেট ইউনিভার্ছিটী এম বি বি এছ পাঠ্যক্রমত অধ্যয়ন কৰি থকা নগাঁৱৰ দক্ষিণপাট সত্রৰ পিনাকী ৰঞ্জন কাশ্যপ আৰু কামৰূপৰ নগৰবেৰাৰ জাকাৰিয়া হুছেইনেও ভিডিঅ’ কলযোগে তেওঁলোকৰ উদ্বিগ্ণতাৰ কথা প্রকাশ কৰিছে৷ উল্লেখ্য যে ইউক্রেইনৰ ৰাজধানী কিয়েভৰ পৰা টার্নিপল মেডিকেল কলেজৰ দূৰত্ব প্রায় ৪০০ কিলোমিটাৰ৷ বর্তমান সেই অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হৈ থকাৰ লগতে বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠদান অব্যাহত থকাৰ লগতে সাধাৰণ জনজীৱনো নিয়মিতভাৱে চলাচল কৰি আছে৷ এনে পৰিস্থিতিত অসমৰ ছাত্র–ছাত্রীসকল সুৰক্ষিত হৈ আছে যদিও যুদ্ধ আৰম্ভ হ’লে এই অঞ্চলৰ পৰিৱেশ কি হ’ব, তাক লৈ দুশ্চিন্তাত কটাইছে ছাত্র–ছাত্রীসকলৰ পৰিয়ালবর্গই৷
জানিব পৰা মতে, যুদ্ধসদৃশ পৰিৱেশৰ বাবে এতিয়া ইউক্রেইনৰ পৰা আহিব লগা বিমানসমূহৰ ভাৰাও অধিক বৃদ্ধি পাইছে৷ আনকি বর্ধিত দামৰ পাছতো বিমানৰ টিকটৰ অভাৱ ঘটিছে৷ ভাৰতীয় দূতাবাসে প্রতিগৰাকী ভাৰতীয়ক পৰিস্থিতি স্বাভাৱিক নোহোৱাপর্যন্ত ইউক্রেইন এৰাৰ বাবে আহ্বান জনোৱাৰ বিষয়টোৱেও এই ছাত্র–ছাত্রীসকলৰ মাজত শংকা বৃদ্ধি কৰিছে৷ অৱশ্যে যুদ্ধসদৃশ পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি বৈদেশিক পৰিক্রমা মন্ত্রালয়ে দেশৰ নাগৰিকসকলক কিদৰে সুৰক্ষিত অৱস্থাৰে ওভতাই আনিব পাৰে, তাক লৈও পর্যালোচনা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷