নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পৰিয়ালসহ কোৱিন্দে দর্শন কৰিব ৰাষ্ট্রীয় উদ্যান

ৰাষ্ট্রপতিৰ বাবে কাজিৰঙাত সাজু ১৫টা হাতী, ২০খনকৈ জীপছী

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ভাৰতৰ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে ২৬ আৰু ২৭ মার্চত কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন আৰু আজি পৰিয়ালৰ সৈতে এনিশা কাজিৰঙাত থকাক লৈ বন বিভাগ আৰু পুলিচ প্রশাসনে ব্যাপক তৎপৰতাৰে নিৰাপত্তাকে ধৰি সকলো ধৰণৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ উপস্থিতিত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল, নগাঁও আৰু গোলাঘাট জিলা প্রশাসন আৰু কাজিৰঙা বন বিভাগৰ বিষয়াসকলৰ মাজত নিৰাপত্তা সম্বন্ধীয় এখন বৈঠকত ৰাষ্ট্রপতিৰ নিৰাপত্তাৰ সকলো ব্যৱস্থা সুনিশ্চিত কৰে৷ দেশৰ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ কাজিৰঙাৰ কেন্দ্রস্থল কঁহৰাত ৰাত্রি যাপনৰ কাৰণে প্রশাসনে ইতিমধ্যে তিনিখন পর্যটন নিৱাস সাজু কৰি ৰাখিছে৷

এটা নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে, আইনা আৰু বৰগছ নামৰ ব্যক্তিগত পর্যটন নিৱাস দুটাৰ লগতে কঁহৰাত অৱস্থিত আৰক্ষী বিভাগৰ অতিথিশালাটো মহামান্য দেশৰ ৰাষ্ট্রপতিৰ কাৰণে প্রশাসনে সাজু কৰিছে৷ নিৰাপত্তাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই ইতিমধ্যে সাজু কৰা তিনিটা পর্যটন নিৱাসৰ ভিতৰৰ কোনটোত ৰাষ্ট্রপতিগৰাকী নিশা যাপন কৰিব, আৰক্ষী–প্রশাসনে ৰাজহুৱা কৰা নাই৷

ইফালে, দেশৰ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দক ৰাষ্ট্রীয় উদ্যান দর্শন কৰোৱাবলৈ ইতিমধ্যেই ১৫টা বিভাগীয় হাতী সাজু কৰা হৈছে৷ তদুপৰি কুৰিখনকৈ জীপচী সাজু কৰা হৈছে৷

জানিব পৰা মতে, দুদিনীয়া ভ্রমণসূচীৰে আজি কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্রপতিগৰাকীয়ে ৰাষ্ট্রীয় উদ্যানত জীপচী গাড়ীৰে প্রৱেশ কৰিব৷ উদ্যানৰ বাগৰি বনাঞ্চল ভ্রমণ কৰিবলগীয়া ৰাষ্ট্রপতি কোৱিন্দ ডোঙাবিলৰ পাৰলৈ যাব৷ ইতিমধ্যে ডোঙা বন শিবিৰটো সজাই–পৰাই তোলা হৈছে৷

আনহাতে, ডোঙা বন শিবিৰ হৈ কেইবাটাও স্থানলৈ যাব ৰাষ্ট্রপতিগৰাকী৷ সন্ধ্যা বন বিভাগৰ শতবর্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা বিশেষ প্রদর্শনী অনুষ্ঠানত অংশগ্রহণ কৰিব ৰাষ্ট্রপতি কোৱিন্দ৷ য’ত প্রদর্শন কৰিব বিশ্বৰ দ্বিতীয় দীর্ঘতম আৰু সর্বাধিক ওজনৰ গঁড়ৰ খড্গ আৰু বৃহৎ আকাৰৰ হাতী দাঁতকে ধৰি বহু বনজ সম্পদ৷

ইপিনে ৰাষ্ট্রপতিক আদৰিবলৈ বিভিন্ন জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতিও প্রদর্শন কৰিব৷ পিছদিনাখন অর্থাৎ ২৭ ফেব্রুৱাৰীৰ পুৱা কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা হাতী ছাফাৰি কৰিব ৰাষ্ট্রপতি কোৱিন্দে৷ পুৱা ৰাষ্ট্রপতি কোৱিন্দে কৰিবলগীয়া হাতী ছাফাৰিৰ বাবে ১৫টা বিভাগীয় হাতী সাজু কৰা হৈছে৷

আনহাতে, অতিৰিক্তভাৱে আন ৫টা হাতী সাজু কৰা হৈছে৷ ইতিমধ্যে মিহিমুখতে পশু চিকিৎসকৰ দ্বাৰা হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে৷ তদুপৰি ৰাষ্ট্রপতিৰ সংস্পর্শলৈ আহিবলগীয়া প্রতিগৰাকী বন বিষয়া–কর্মীৰো ক’ৰোনা পৰীক্ষা কৰা হৈছে৷ দেশৰ ৰাষ্ট্রপতিৰ অসমলৈ আগমনক লৈ ৰাজ্যবাসী উৎফুল্লিত হৈছে৷

উল্লেখ্য যে ১৯৮১ চনত দেশৰ তদানীন্তন ৰাষ্ট্রপতি নিলম সঞ্জীৱ ৰেড্ডীৰ পাছত ৰাম নাথ কোৱিন্দ হ’ব দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্রপতি, যিয়ে কাজিৰঙা ভ্রমণ কৰিব৷ ইফালে, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, গোলাঘাটৰ উপায়ুক্ত, মুখ্য বন সংৰক্ষক, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক, বোকাখাতৰ মহকুমাধিপতিকে ধৰি জিলা আৰু মহকুমা প্রশাসনৰ আন বিষয়াসকলৰ সৈতে হেলিপেড, পর্যটন নিৱাস আদি স্থান পৰিদর্শন কৰি ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ ভ্রমণসূচী প্রস্তুতি পর্বৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলক নিখুঁত আয়োজনৰ বাবে যাৱতীয় নির্দেশনা দিছে কৃষিমন্ত্রী অতুল বৰাই৷

You might also like