যুদ্ধভূমিৰ পৰা মাতৃভূমিলৈ উভতিল অসমৰ ১০ শিক্ষার্থী
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ইউক্রেইনৰ যুদ্ধভূমিৰ পৰা সুৰক্ষিতভাৱে মাতৃভূমিত আহি উপস্থিত হ’ল অসমৰ ১০ শিক্ষার্থী৷ যুদ্ধবিধ্বস্ত ইউক্রেইনৰ উচ্চ শিক্ষা প্রতিষ্ঠানত শিক্ষাগ্রহণ কৰি থকা এই শিক্ষার্থীসকলক মিছন গংগাৰ অধীনত বিশেষ বিমানযোগে দেশলৈ ওভতাই অনা হৈছে৷ সুকলমে দেশৰ আন প্রান্তৰ লোকসকলৰ লগতে ইউক্রেইনৰ পৰা উভতি অহা অসমৰ ছাত্র–ছাত্রীসকল হৈছে গুৱাহাটীৰ তন্ময়ী পৰাশৰ, চিয়া দাস, ডেইজী বসুমতাৰী, গুণজিৎ কাশ্যপ আৰু কৃতিকা বসন্ত৷ তদুপৰি নগাঁৱৰ সমন্বয় কুমাৰ শর্মা আৰু চাজন হাজৰিকা, নলবাৰীৰ অংশুমান শর্মা, গহপুৰৰ অনুৰাগ ভূঞা আৰু শুৱালকুছিৰ হিমাশ্রী কাকতিও উভতি আহিছে মাতৃভূমিলৈ৷ ইয়াৰে তন্ময়ী আৰু চিয়া মুম্বাইত উপস্থিত হোৱাৰ পাছতে তেওঁলোকক চমজি লয় মুম্বাইস্থিত অসম ভৱনৰ বিষয়াসকলে৷ তাৰ পৰা তেওঁলোকক গুৱাহাটীলৈ অহাৰ ব্যৱস্থা কৰি দিয়ে অসম চৰকাৰে৷ ইতিমধ্যে তেওঁলোকে আহি গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈছে৷
আনহাতে, দিল্লীৰ অসম ভৱনৰ বিষয়াসকলে চমজি লৈছে অনুৰাগ আৰু কৃতিকাক৷ ইয়াৰে কৃতিকা আজি আন এখন বিমানৰ জৰিয়তে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয়৷ সেইদৰে আজি পুৱা নতুন দিল্লীত উপস্থিত হৈছে হিমাশ্রী আৰু ডেইজী৷ দিল্লীত অসম ভৱনত থকাৰ পাছতে তেওঁলোক গুৱাহাটীলৈ ৰাওনা হ’ব৷ সমন্বয় কুমাৰ শর্মা, অংশুমান শর্মা, গুণজিৎ কাশ্যপ আৰু চাজন হাজৰিকা দেওবাৰে সন্ধিয়া ৬ বজাত নতুন দিল্লীত আহি উপস্থিত হৈছে৷ সম্প্রতি তেওঁলোক নতুন দিল্লীস্থিত অসম ভৱনত আছে৷ সুবিধা অনুযায়ী তেওঁলোকক দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ ব্যৱস্থা কৰা হ’ব৷ এই আটাইকেইজন শিক্ষার্থীকে মুম্বাই আৰু দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা অসম চৰকাৰে প্রদান কৰিছে৷ তেওঁলোকৰ বিমানৰ টিকটকে ধৰি থকা–খোৱাৰ ব্যৱস্থাও ৰাজ্য চৰকাৰেই কৰি দিছে৷ ঘৰলৈ উভতি অহা আটাইকেইজন শিক্ষার্থীয়ে ইউক্রেইনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রমত অধ্যয়ন কৰি আছে বুলি জানিব পৰা গৈছে৷
ইপিনে ইউক্রেইনত আবদ্ধ হৈ থকা আন আন অসমৰ লোকসকলৰ সহায়ৰ বাবেও ৰাজ্য চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ৷ অসম আৰক্ষীৰ লগতে মুম্বাই আৰু দিল্লীস্থিত অসম ভৱনেও ফোন নম্বৰৰ লগতে বিশেষ ই–মেইল আই ডি ইতিমধ্যে মুকলি কৰিছে৷ ইউক্রেইনত আবদ্ধ অসমৰ লোকসকলে ৰাজ্যৰ আৰক্ষীৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তেও যাৱতীয় তথ্য প্রদান কৰিব পাৰিব৷ অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ হৈছে–+৯১৬০২৬৯০০৯৬৮,+৯১৬০২৬৯০১০৬০৷ এই দুয়োটা নম্বৰতে হোৱাট্ছএপ উপলব্ধ৷ আনহাতে[email protected] ই–মেইলত যোগাযোগ কৰিব পাৰিব৷
ইপিনে দিল্লীস্থিত অসম ভৱনে মুকলি কৰা হোৱাট্ছএপ নম্বৰ হৈছে–+৯১৮০১১৬৮৫০১০৷ দিল্লীস্থিত অসম ভৱনে মুকলি কৰা ই–মেইল আই ডি হৈছে–[email protected]৷ মুম্বাইস্থিত অসম ভৱনে মুকলি কৰা হোৱাট্ছএপ নম্বৰ হৈছে–+৯১৯০০৪৬৫২০৮১৷ মুম্বাইস্থিত অসম ভৱনে মুকলি কৰা ই–মেইল আই ডি হৈছে–[email protected]৷
উল্লেখ্য যে দেওবাৰে ইউক্রেইনৰ যুদ্ধবিধ্বস্ত ভূমিৰ পৰা সুকলমে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত শিক্ষার্থীসকলে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় চৰকাৰ তথা ভাৰতীয় দূতাবাসে গ্রহণ কৰা পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ বিমানবন্দৰত পুত্র–কন্যাক সোঁশৰীৰে আৰু সুস্থভাৱে উপস্থিত হোৱা প্রত্যক্ষ কৰি আৱেগিক হৈ পৰে তেওঁলোকৰ অভিভাৱকসকল৷ ইপিনে ১০গৰাকী শিক্ষার্থী সুকলমে ঘূৰি আহিলেও এতিয়াও ইউক্রেইনৰ ভিন্ন প্রান্তত আবদ্ধ হৈ আছে ৰাজ্যৰ বহুকেইগৰাকী শিক্ষার্থী৷ এই শিক্ষার্থীসকলে পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ অভিযানৰ বাবে অপেক্ষাৰত হৈ আছে৷ বহুকেইগৰাকী শিক্ষার্থীয়ে ভিডিঅ’ বার্তাৰ জৰিয়তে সোনকালে যুদ্ধবিধ্বস্ত ভূমিৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে৷