নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত কেন্দ্ৰীয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ পৃষ্ঠপোষকতা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মাজুলী জিলাৰ উদ্যোগত উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু কমলাবাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগিতাত দিনজোৰা কার্যসূচীৰে দেওদিআটী উচ্চ বুনিয়াদী বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস তিনি শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত উদযাপন কৰা হয়।সেই উপলক্ষে আজি পুৱা ৯ বজাত ছাত্ৰ ছাত্ৰীৰ প্ৰাৰ্থনা সভাত ছাৰ চি ভি ৰমনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট বিজ্ঞান শিক্ষক বসন্ত বৰাই।ইয়াৰ পিছতে মাজুলী জিলা বন বিভাগৰ খণ্ড বন বিষয়া অতুল দাসে গছ পুলি ৰোপণ কৰি অনুষ্ঠানৰ কার্যসূচী শুভাৰম্ভ কৰে। ১০ ৩০ বজাত বিশিষ্ট সাংবাদিক দিপু বৰা ,মাজুলী মহাবিদ্যালয়ৰ প্ৰবক্তা আদিত্য বৰা,ডঃ বিপ্লৱ কুমাৰ দাস,বিজ্ঞান শিক্ষক লোহিত শইকীয়া, ৰসায়ন বিজ্ঞান বিভাগৰ বসন্ত বৰা আৰু ত্ৰিদীপ বৰাৰ পৰিচালনাত পোষ্টাৰ ড্ৰয়িং আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।দুপৰীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণি সভাত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ শইকীয়াই শুভ উদ্বোধন কৰে।সমল ব্যক্তি হিচাপে ডঃ নাৰায়ণ চন্দ্ৰ শৰ্ম্মা,মাজুলী জিলা শাখা বিজ্ঞান সমিতিৰ সভাপতি তিলক শৰ্মা,বিদ্যালয় পৰিদৰ্শক নৰনাথ গোহাইৰ লগতে বিশিষ্ট লোকে বক্তৃতা আগবঢ়াই।প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আঁতধৰে বিদ্যালয়ৰ বিজ্ঞান শিক্ষক জীৱন বৰা আৰু বঁটা বিতৰণৰ লগতে সমগ্ৰ কার্যসূচী পৰিচালনা কৰে। সভাত জিলা সমন্বয়ক অনুপ দলে,উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতা আৰু কমলাবাৰী খণ্ডৰ সমন্বয়ক বিকাশ বৰাৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like