নলবাৰীৰ ঐতিহাসিক দেৱালয়-মন্দিৰ-থানত ভক্তৰ হেতা-ওপৰা
বিশেষ বাৰ্তা, নলবাৰী,১ মাৰ্চঃ শিৱ চতুৰ্দ্দশী উপলক্ষে নলবাৰী জিলাৰ বেলশৰৰ প্ৰাচীন শৈৱ পীঠস্থান ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়কে ধৰি ৰাজহুৱা শিৱ মন্দিৰ, থান সমূহত অসংখ্য ভক্তৰ সমাবেশ ঘটা পৰিলক্ষিত হয়। আহোম ৰাজত্বৰ সময়ছোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে বহু কেইটা মঠ-মন্দিৰ, দেৱালয়-সত্ৰ। পৰ্যটনৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা এনে বহুকেইটা মঠ, মন্দিৰ, দেৱালয়, সত্ৰ পৰ্যটক, ভক্ত, দৰ্শনাৰ্থীৰ বাবে আজিও আকৰ্ষনৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।
সদাশিৱৰ বিগ্ৰহ থকা ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়, চামতাৰ সমীপৰ কুলবিলৰ শিৱালয়, ৰূপীয়াবাথানৰ সাৰ্বজনীন শিৱালয়, খাৰজাৰাৰ দুধনাথ বিগ্ৰহ থানকে ধৰি বিভিন্ন শিৱ মন্দিৰ আদিত আজি পুৱাৰে পৰা ভক্তৰ সোঁত বৈছে। ভক্তসকলে নিজৰ অভীষ্ট সিদ্ধিৰ বাবে নেদেখা জনৰ ওচৰত আহিছে প্ৰনাম জনাবলৈ। ইপিনে, ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ ভূ গৰ্ভত থকা শিৱ লিংগ এবাৰ দৰ্শন কৰি গাখীৰ ঢালিবলৈ যাত্ৰীৰ হেতা-ওপৰা লগা পৰিলক্ষিত হৈছে।