হজৰত মহম্মদৰ মৃত্যুৰ পিছত আৰবৰ খলিফাসকলে সমগ্র বিশ্বতে মৌলবাদ বিয়পাবলৈ খ্রীষ্টিয় সপ্তম শতিকাত যেতিয়া পাৰস্য আক্রমণ কৰিছিল, এই আক্রমণত আৰবী আক্রমণকাৰীয়ে সম্পূর্ণৰূপে পাৰস্য দখল কৰি ঐতিহাসিক বেবিলন সভ্যতা ভাঙি তচনচ কৰি পেলাইছিল৷ আৰবৰ খলিফাসকলৰ মূল উদ্দেশ্য আছিল দেশসমূহ আক্রমণ কৰি এফালৰ পৰা সেই দেশসমূহৰ নিজা সভ্যতা–সংস্কৃতিৰ বিলোপ ঘটাই আৰবীয় সভ্যতা বিয়পাই পেলোৱা, যাৰ ফলত সভ্যতা–সংস্কৃতিত অতি উন্নত বেবিলন সভ্যতা শেষ হৈ গ’ল৷ সভ্যতা–সংস্কৃতি বিধ্বস্ত হোৱাৰ দুখত এমুঠিমান পার্চী লোকে নাৱেৰে আহি গুজৰাটৰ উপকূল অঞ্চলত আশ্রয় গ্রহণ কৰিছিল৷ নিজৰ ৰাজ্যৰ উপকূল অঞ্চলত কোনোবা অনুপ্রৱেশকাৰীয়ে আশ্রয় লোৱাৰ কথা গম পাই সেই সময়ৰ গুজৰাটৰ শাসনকর্তা য়াদিৰাণাই সেই পার্চী লোকসকলক তেওঁৰ ৰাজ্যৰ সীমাৰ পৰা আঁতৰি যাবলৈ ক’লে৷ য়াদিৰাণাৰ ওচৰত আশ্রয় বিচাৰি সেই এমুঠিমান লোকৰ প্রতিনিধিয়ে আহি অনুৰোধ জনায়৷ তেতিয়া য়াদিৰাণাই এগিলাচ গাখীৰ দেখুৱাই সেই পার্চী লোকসকলক উদ্দেশি ক’লে যে আমি বর্তমান সভ্যতা–সংস্কৃতিৰে সম্পূর্ণ হৈ আছোঁ, আপোনালোকৰ সভ্যতা–সংস্কৃতিক ঠাই দিবলৈ আমাৰ স্থানৰ অভাৱ বা আপোনালোক আমাৰ সভ্যতা–সংস্কৃতিৰ লগত কেনেকৈ মিলিব৷ তেতিয়া সেই পার্চী লোকসকলৰ এজন প্রতিনিধিয়ে সেই গাখীৰ গিলাচত এচামুচ চেনি মিহলাই ক’লে– আমি আপোনালোকৰ সভ্যতা–সংস্কৃতিৰ লগত এনেকৈ মিলি থাকিম৷ সেই তেতিয়াৰে পৰাই অর্থনৈতিক, সাংস্কৃতিক, বৈজ্ঞানিক ক্ষেত্রত কেৱল কর্মৰ দ্বাৰাই ভাৰতবর্ষৰ শিৰ উচ্চ কৰি ৰাখিব পৰা কামেই পার্চী লোকসকলে কৰি আছে৷ উদাহৰণস্বৰূপে ভাৰতীয় অর্থনীতিৰ মূল কাণ্ডাৰী বুলি ক’লেও ভুল নোহোৱা ৰতন টাটা, বিজ্ঞানী হোমি জাহাংগীৰ ভাবা, সাংস্কৃতিক ক্ষেত্রৰ দাদা চাহেব ফাল্কে আদিৰ নাম ল’ব পাৰোঁ আমি৷
এনেকৈ ভাৰতবর্ষই যুগে যুগে শৰণার্থীক আশ্রয় দি আহিছে৷ কোনোবা গাখীৰত চেনিৰ দৰে মিলি গৈছে, কোনোবাই গাখীৰত কেৰাচিন তেলৰ দৰে অজীণ পাতকী হৈ ভাৰতবর্ষৰ সভ্যতা–সংস্কৃতিক ভাবুকি প্রদান কৰি আহিছে৷ এটা কথা উল্লেখ কৰিব লাগিব যে ভাৰতবর্ষই স্বাধীনতা যদিও ১৯৪৭তে পাইছিল, কিন্তু স্বতন্ত্রতা পোৱা নাছিল৷ যি সময়ত ভাৰতবর্ষত মুঠ জনসংখ্যা ৩৬.১১ কোটি আছিল, য’ত হিন্দু নব্বৈ শতাংশই আছিল, সেই সময়ত অর্থাৎ ১৯৫২ চনতে বিশ্বৰ ভিতৰতে হয়তো প্রথমবাৰৰ বাবে জনসংখ্যা নিয়ন্ত্রণ আঁচনি নেহৰুৰ নেতৃত্বত কংগ্রেছ চৰকাৰে কি উদ্দেশ্য আগত ৰাখি প্রণয়ন কৰিছিল৷ সেই সময়ত জনবিস্ফোৰণৰ কোনো লক্ষণেই পৰিস্ফুট হোৱা নাছিল৷ যদি তেতিয়াই চৰকাৰে ভৱিষ্যতৰ দিনবোৰত দেশত জনবিস্ফোৰণ হ’ব পৰাৰ কিবা উমান পাইছিল, তেতিয়াহ’লে আঁচনিৰ সলনি জনসংখ্যা নিয়ন্ত্রণ আইন আনি বলৱৎ নকৰিলে কিয়? ফলস্বৰূপে দেশৰ এক গৰিষ্ঠসংখ্যক জনতাই ধর্মৰ দোহাই দি আঁচনিখনৰ পৰা আঁতৰি থকাৰ সুযোগ পালে৷ নব্বৈ শতাংশৰ অধিক হিন্দু থকা সময়ত দেশত পৰিয়াল পৰিকল্পনাৰ বিজ্ঞাপন বিভিন্ন জনসংযোগ মাধ্যমৰ দ্বাৰা বহুলভাৱে প্রচাৰ কৰা হ’ল৷ কম সন্তান থকা পৰিয়ালবোৰহে সুখী পৰিয়ালৰ কংগ্রেছে দেখুওৱা সপোনত মত্ত হৈ হিন্দুৱে সীমিত কৰিলে পৰিয়ালৰ সদস্য৷ ইয়াৰ উপৰি জন্ম নিয়ন্ত্রণৰ সামগ্রীসমূহো সহজলভ্য হ’ল৷ ইন্দিৰা গান্ধীয়ে দেশত ঘোষণা কৰা জৰুৰীকালীন সময়ত কংগ্রেছ চৰকাৰৰ ছত্রছায়াত তেওঁৰ পুতেক সঞ্জয় গান্ধীয়ে হিন্দুসকলক এটা ৰেডি’ৰ বিনিময়ত বন্ধ্যাকৰণ কৰে, মুঠতে হিন্দুৰ বাবে পৰিয়াল পৰিকল্পনা বাধ্যতামূলক হিচাপে জাপি দিয়ে৷
লাহে লাহে বিভিন্ন সময়ত লোকপিয়লত এই কথা স্পষ্ট হ’ল যে হিন্দুৰ জন্মহাৰ লক্ষণীয়ভাৱে হ্রাস পোৱাৰ বিপৰীতে ধর্মক দোহাই দি জন্ম নিয়ন্ত্রণ আঁচনিৰ পৰা আঁতৰি থকাসকলৰ লক্ষণীয়ভাৱে জন্মৰ হাৰ বৃদ্ধি হ’ল৷ দেশত জনগাঁথনিৰ অদ্ভুত পৰিৱর্তন দেখি সময়ে সময়ে শাসনাধিষ্ঠিত কংগ্রেছ চৰকাৰে এই ভয়ংকৰ পৰিস্থিতিটো ৰাইজৰ পৰা লুকায়ো ৰাখিলে৷ বর্তমান সময়ত ভাৰতবর্ষৰ অসমৰ দৰে ৰাজ্যত ২০২১ চনৰ প্রজেক্টেড তথ্য অনুসৰি, হিন্দুৰ জনসংখ্যা ৫৭ শতাংশ৷ ২০০১ চনৰ পৰা ২০১১ চনলৈ অসমত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ মাত্র ১০.৩৪ শতাংশ আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২৫.৯২ শতাংশ৷ পৃথিৱীৰ মুঠ ভূ–ভাগৰ ২.৩ শতাংশ ভূমি আৱৰি থকা ভাৰতত পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৮ শতাংশ লোকে বাস কৰে৷ বর্তমান সময়ত ভাৰতবর্ষত প্রতিদিনে জন্ম– ৬৫,৮৮১, মৃত্যু– ২৭,৮৭৩, প্রব্রজন– ১,৩৪৬, প্রতিদিনে বৃদ্ধি– ৩৬,৬৬২৷ এবছৰত ভাৰতত বৃদ্ধি হোৱা জনসংখ্যাৰ পৰিমাণ ৩৬,৬৬২ক যদি ৩৬৫ৰে পূৰণ কৰা হয়, প্রতিবছৰত ভাৰতবর্ষত বৃদ্ধি হোৱা জনসংখ্যাৰ পৰিমাণ হ’ব ১,৩৩,৮১,৬৫০জন৷ এই গতিৰে জনসংখ্যা বৃদ্ধি হৈ থাকিলে প্রতি দহবছৰৰ মূৰে মূৰে এখন অষ্ট্রেলিয়া সৃষ্টি হৈ গৈ থাকে ভাৰতবর্ষত৷ ইপিনে, ১৯৫১ চনত হিন্দুৰ জনসংখ্যা ৯১ শতাংশৰ বিপৰীতে মুছলমানৰ জনসংখ্যা ৭ শতাংশ আৰু ২০২১ চনত হিন্দুৰ জনসংখ্যা কমি ৫৬.৩৬ শতাংশৰ বিপৰীতে মুছলমানৰ জনসংখ্যা ৪০.০৩ শতাংশ৷ এতিয়া দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইন আনিব নোৱাৰিলে দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা অসম্ভৱ হৈ উঠাৰ লগতে সভ্যতা–সংস্কৃতিৰ প্রতি প্রচণ্ড ভাবুকি আহিব৷ সেয়া বর্তমান চলি থকা ‘হিজাব’ বিতর্কই প্রমাণ কৰিছে৷ এইসকলে প্রাক্–স্বৰাজোত্তৰ কালৰ পৰাই ভাৰতবর্ষত ধর্মীয় বিভেদৰ ৰাজনীতি কৰি ভাৰতৰ সভ্যতা–সংস্কৃতিক অপমান কৰি আহিছে৷ দেশৰ সংবিধানে যদি কাৰোবাক ধর্মীয় পোছাক পিন্ধাৰ অধিকাৰ দিছে, তেতিয়াহ’লে আলিগড মুছলিম ইউনিভার্ছিটীত, জামিয়া মিলিয়া ইউনিভার্ছিটীত হিন্দুৱেও নিজৰ মতে পোছাক পিন্ধি যাব নোৱাৰে কিয়? বহুতে আকৌ কিয় মুছলমান মহিলাৰ হিজাব আৰু শিখসকলৰ পাগুৰিক একেই ধর্মীয় সজ্জা বুলি ধৰি লৈছে বুজাত আমাৰ অসুবিধা হৈছে৷ কাৰণ, ইছলাম ধর্মৰ ধর্মীয় পাঁচটা স্তম্ভ হৈছে–Shahadah (declaration of faith), Salat (faith), Zakah (cherity), Dawn (Fasting), Hajj (pilgrimage) ৷ ইয়াত হিজাব বা বোর্খাৰ কথা উল্লেখ নাই৷ য’ত শিখসকলৰ মুখ্য ধর্মীয় স্তম্ভ পাঁচটা হৈছে–Kara (Steel bracelet), Kesh (Long, uncut & well maintained hair), Kanga (Wooden comb), Kacheraj (Underwear), Kirpan– Sacred Weapon৷ সেই কাৰণেই মুছলমান মহিলাৰ হিজাবৰ লগত শিখসকলৰ পাগুৰি তুলনা নহয়, পাগুৰি শিখসকলৰ ধর্মীয় গৌৰৱ… শিখসকলৰ ধর্মীয় পৰিচয় পাগুৰি৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ‘হিজাব’ৰ সমর্থনত বিশ্বৰ চল্লিশখন দেশত মুছলমান লোকসকলে আলোচনা কৰিব পাৰে৷ কিন্তু হিন্দুৰ গেৰুৱা পোছাক সম্পর্কে আলোচনা কৰিবলৈ বিশ্বত ভাৰতবর্ষই একমাত্র দেশ৷ ইছলাম ধর্মৰ বহুতো পণ্ডিত লোকেও ইতিমধ্যে ‘হিজাব’ প্রসংগত মুখ খুলিছে৷ এতিয়া ভাৰতবর্ষৰ শিক্ষানুষ্ঠানত কিতাপতকৈ হিজাবৰহে যেন প্রাসংগিকতা বেছি৷ এয়া ভাৰতীয় সভ্যতা–সংস্কৃতিৰ ওপৰত আক্রমণ স্কুলীয়া ছাত্র–ছাত্রীৰ দ্বাৰা আৰম্ভ কৰোৱা হৈছে৷ আচলতে ১৯৪৭ৰ স্বাধীনতাৰ পিছত ২০১৪ চনৰ পৰাহে দেশবাসীয়ে স্বতন্ত্রতাৰ সোৱাদ পাইছে৷ এই কথাটোত দেশৰ বাহিৰৰ–ভিতৰৰ শত্রুসকলে শান্তি পোৱা নাই৷ সেইবাবেই ‘কা’ বলৱৎ হ’ব বুলিয়েই শ্বাহিনবাগত মাহজুৰি আন্দোলন, তাৰ পিছত কৃষক বিদ্রোহ আৰু শেহতীয়াকৈ যি সময়ত আৰবীয় দেশসমূহৰ বহুততে হিজাব বাধ্যতামূলক নহয়, সেই সময়ত ভাৰতবর্ষত হিজাব বিতর্ক কৰি দেশখন অশান্ত কৰি ৰখাৰ নানা কৌশল অৱলম্বন কৰি আহিছে দেশৰ শত্রুসকলে৷
সেই মুস্কান বোলা ছোৱালীগৰাকীক ধন্যবাদ জনালোঁ৷ একাংশ বিচ্ছিন্নতাবাদীয়ে যি সময়ত ভাৰতবর্ষত অশান্তিৰ সৃষ্টি কৰি আছে, ভাৰতবর্ষত থাকিব পৰা পৰিৱেশো নাই বুলি কৈ আছে… ভাৰতবর্ষৰ অন্য ৰাজ্যৰ লগতে অসমৰো কোনোবা কোনোবাই ছেকুলাৰ টুপীটো পিন্ধি অসহিষ্ণু হৈ বিশ্বক প্রতীয়মান কৰিবলৈ চেষ্টা কৰা সময়তে তেওঁলোকৰ চেষ্টাত চেঁচাপানী ঢ়ালি দিলে এই ছোৱালীগৰাকীয়ে…৷ তাই অকলেই প্রমাণ কৰি দিলে বিশ্বৰ সন্মুখত সনাতন ধর্মৰ সমান উচ্চতা আন ক’তো নাই৷ তাইৰ বিশ্বাস আছিল যে সনাতনধর্মী পুৰুষে নাৰীক সদায় সুৰক্ষাহে দিয়ে, সন্মানৰ চকুৰে চায়, নাৰীয়ে লাগিলে যিমান অতিষ্ঠ নকৰক, প্রকৃত সনাতনী পুৰুষে নাৰীক অত্যাচাৰ নকৰে৷ সেই সাহসতে তাই চিঞৰিছিল আৰু সেই বিশ্বাস সমগ্র বিশ্বৰ আগত তাই প্রমাণ কৰি দিলে৷ আনহাতে, পৃথিৱীৰ আন ইছলামীয় দেশবোৰৰ নাৰীৰ সন্মান দেখিলে আচৰিত লাগে৷ এখন ইছলামিক দেশতে মালালা থাকিব নোৱাৰি পলাই থাকিবলগীয়া পৰিস্থিতি, ছিৰিয়াত নাৰীক কৰা ব্যৱহাৰ, আনকি বিশ্বৰ প্রায়বোৰ ইছলামীয় দেশত নাৰীক গনিমতৰ মাল, উপভোগ্য সামগ্রী বুলি ব্যৱহাৰ হৈ অহা সময়ত ভাৰতবর্ষত ইছলামধর্মী বা আন ধর্মৰ নাৰীক কৰা সন্মানৰ কথাটো এই সময়ত বিশ্বত প্রতিষ্ঠা কৰা কথাটো বৰ প্রয়োজন আছিল, আৰু তাকেই মুস্কান বোলা ছোৱালীগৰাকীয়ে কৰি দেখুৱালে৷ মুস্কানৰ এই কর্মই বর্তমান সময়ত পাকিস্তানতো তোলপাৰ লগাইছে৷ পাকিস্তানী সাংবাদিক আর্জু কাজমিয়ে মুস্কানৰ কর্মত বৃহৎ সন্দেহৰ উমান পাই টক্ শ্ব’ও পাতিছে৷ গেলা বৰালিৰ মনেই গোন্ধায়, সিঁহতে জানে যে এসোপা পাকিস্তানৰ মুছলমানৰ আগত এগৰাকী হিন্দু ছোৱালীয়ে ‘জয় শ্রীৰাম’ ক’লে তাইৰ হাডবোৰ বিচাৰি পোৱাও টান হ’ব, গতিকে ভাৰতবর্ষত এয়া কেনেকৈ সম্ভৱ হ’ল, সেয়া ভাবি সিহঁতে পাত্তা পোৱা নাই৷ মুস্কানৰ উদ্দেশ্য যিয়েই নহওক, সনাতন ধর্মৰ সভ্যতা–সংস্কৃতিৰ উদ্দেশ্য বিশ্বই দেখিলে, জানিলে, বুজিলে৷ মুঠতে শাস্ত্রত কোৱা এটা কথা ‘অতিথি দেৱো ভৱঃ’ বুলি আলহী আদৰোঁতে আদৰোঁতে শাস্ত্রৰ আন এটা কথা ‘সর্বং অত্যন্ততং গর্হিতং’, সকলোৰে অতিটো বেয়া বা গর্হিত বুলি পাহৰি যাব নালাগিছিল৷ অহিংসা, মানৱতা, দয়া সকলোৰে লগতে যদি এটা প্রজাতিয়ে শত্রুৰ পৰা নিজকে প্রতিৰক্ষা দিব নোৱাৰে, তেতিয়া সেই প্রজাতিক প্রকৃতিৰ নিয়ম ৰক্ষা কৰিব নোৱাৰা জীৱ বুলি চিহ্ণিত কৰা হয় আৰু বিলোপ হোৱাৰ ক্ষেত্রত প্রকৃতিয়ে একো সহায় কৰিব নোৱাৰে৷