নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত পৌৰসভাৰ নিৰ্বাচনঃ মৰিয়নিত সমুখসমৰত দুই প্ৰাক্তন পৌৰপতি

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ মৰিয়নি পৌৰসভাৰ নিৰ্বাচনৰ বতাহ তুংগত উঠিছে । ৩১গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰে উত্তাল হৈ পৰিছে পৰিছে নগৰ । মৰিয়নিৰ ৪নং ৱাৰ্ডত সকলোৰে দৃষ্টি পৰিছে । ৱাৰ্ডটোৰ পৰা এইবাৰ দুজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিজেপিৰ প্ৰাৰ্থী শম্ভু পাল আৰু নিৰ্দলীয় পিকলু ৰয়ৰ মাজত পোনপটীয়া যুঁজ হ’ব । লক্ষণীয় যে, দুয়োগৰাকী প্ৰাৰ্থীৰেই মৰিয়নি পৌৰসভাক পৰিচালনা কৰি অহাৰ অভিজ্ঞতা আছে । কাৰণ দুয়োগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়েই মৰিয়নি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি । শম্ভু পাল দুটাকৈ কাৰ্য্যকালৰ পৌৰপতি (তেতিয়াৰ নগৰ সমিতিৰ সভাপতি) আৰু এটা কাৰ্য্যকালৰ উপ পৌৰপতি ( তেতিয়া উপ-সভাপতি) হিচাপে কাৰ্য্যনিৰ্বাহ কৰি গৈছে । তেওঁ ২০০৪ চনৰ পৰা ২০০৬ চনলৈ আৰু ২০১৫ চনৰ পৰা ২০২০ চনলৈ পৌৰপতি হিচাপে আৰু ২০০৪ চনত চাৰি মাহৰ বাবে আৰু ২০০৯ চনৰ পৰা ২০১৪ চনলৈ উপ-সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল । আনহাতে, পিকলু ৰয়েও এটা কাৰ্য্যকালৰ পৌৰপতি ( তেতিয়াৰ নগৰ সমিতিৰ সভাপতি ) আৰু এবাৰ উপ-পৌৰপতি ( তেতিয়াৰ উপ-সভাপতি) হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল । ৰয়ে ২০০৬ চনৰ পৰা ২০০৯ চনলৈ পৌৰপতি আৰু ২০০৯ চনতে চাৰি মাহ এডমিনিষ্ট্ৰেটৰ হিচাপে আছিল । তাৰোপৰি ২০০৪ চনৰ পৰা ২০০৬ চনলৈ উপ-সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল । ফলত দুয়োজনেই পৌৰসভাৰ বিভিন্ন কামকাজৰ সম্পৰ্কে অভিজ্ঞ । শম্ভু পাল প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত । বৰ্তমান তেওঁ যোৰহাট জিলা বিজেপিৰ উপ-সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে । প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ সোঁ‌হাত স্বৰূপ আছিল শম্ভু পাল । মৰিয়নি পৌৰসভাৰ পৌৰপতি হৈ থকা অৱস্থাত মৰিয়নি নগৰৰ উন্নয়নৰ ক্ষেত্ৰত কেবাটাও উল্লেখযোগ্য কাম হাতত লৈছিল । বিপৰীতে পিকলু ৰয় এগৰাকী ক্ৰীড়া সংগঠক । ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰৰ সৈতেও তেওঁ জড়িত । একাধিক ক্ৰীড়া সংগঠনৰ সৰ্বভাৰতীয় সমিতিৰো বিষয়ববীয়া তেওঁ । বৰ্তমান অসম অলিম্পিক সন্থাৰো এগৰাকী কাৰ্য্যনিৰ্বাহক সদস্য । অঞ্চলটোৰ এগৰাকী সক্ৰিয় যুৱ সমাজকৰ্মী হিচাপেও পিকলু ৰয়ৰ নাম আছে । তেওঁৰ কাৰ্য্যকালতো উন্নয়নমুলক কাম হাতত লোৱা হৈছিল । তেতিয়াৰ নগৰ সমিতিৰ সভাপতি হৈ থকা সময়তে মৰিয়নি পৌৰসভাৰ বৰ্তমানৰ ভৱনটো নিৰ্মাণ কৰা হৈছিল । দুয়োজনেই জনপ্ৰিয় যদিও পিকলু ৰয় ৪নং ৱাৰ্ডৰে বাসিন্দা হোৱা হেতুকে শম্ভু পালতকৈ কিছু আগবাঢ়ি আছে । কিন্তু শেহতীয়াকৈ ৱাৰ্ডটোত বিজেপিৰ যথেষ্ট উত্থান হোৱালৈ চাই দুয়োজনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাতো নিশ্চিত । ইতিমধ্যে দুয়োগৰাকী প্ৰাৰ্থীয়েই নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে । বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদিয়ে ব্যাপক প্ৰচাৰ চলাইছে । ৱাৰ্ডটোৰ সক্ৰিয় বিজেপি কৰ্মী তথা এইবাৰৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ধৰ্মেন্দ্ৰ চেতিয়াও নামি পৰিছে প্ৰচাৰ অভিযান । বিপৰীতে নিৰ্দলীয় পিকলু ৰয়ে বৃহৎ সভাৰ পৰিৱৰ্তে সৰু সৰু সভা অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে । দুয়োজন প্ৰাৰ্থীয়েই ৱাৰ্ডটোৰ ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰা দেখা গৈছে । ৱাৰ্ডটোত ১১৯০ গৰাকী পুৰুষ ভোটাৰ আৰু ১২৩০ গৰাকী মহিলা ভোটাৰ সহ মুঠ ২৪২০ গৰাকী ভোটাৰ আছে । মৰিয়নি মহাবিদ্যালয় আৰু নতুনমাটি প্ৰাথমিক বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰ আছে । এতিয়া ভোটাৰ ৰাইজে কাক আদৰি লয় সেয়া সময়ে ক’ব ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like