নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩ পদ খালী; অন্তিম দিন ২৫ জানুৱাৰী

গুৱাহাটী উচ্চ ন্যায়ালয়ত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ পঞ্জীয়কৰ দ্বাৰা প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ষ্টেনোগ্রাফাৰ গ্রেড–১ৰ ১টা, ষ্টেনোগ্রাফাৰ গ্রেড–২ৰ ১টা আৰু এটেণ্ডাৰৰ ১টা পদত প্রার্থী নিয়োগ কৰা হ’ব৷ ষ্টেনোগ্রাফাৰ পদৰ বাবে প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু ছর্টহেণ্ডৰ ডিপ্ল’মাধাৰী হোৱাৰ উপৰি কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ আনহাতে, এটেণ্ডাৰ পদৰ বাবে প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হ’লেই হ’ব৷ আবেদনকাৰীৰ বয়স ২৫ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ৩০,০০০–১,১০,০০০ টকাসহ ১৩,৩০০ টকাৰ গ্রেড পে, ২২,০০০–৯৭,০০০ টকাসহ ১০,৩০০ টকাৰ গ্রেড পে আৰু ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে৷ আবেদন মাচুল হিচাপে এছচি আৰু এছটি শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা আৰু অন্যান্যসকলে ৩০০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.ghconline.gov.in লগ–ইন কৰিব পাৰে৷

অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ জানুৱাৰী ২০২০৷

You might also like