ৰাছিয়াৰ দখলত ইউক্রেইনৰ বৃহত্তম পৰমাণু কেন্দ্র
আন্তর্জাতিক আণৱিক শক্তি সংস্থাক পত্রযোগে জনালে মস্কো প্রশাসনে
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ বিশ্বজুৰি ইউক্রেইন–ৰাছিয়াৰ যুদ্ধক কেন্দ্র কৰি পাৰমাণৱিক বিভীষিকাৰ আশংকা ঘনীভূত হোৱাৰ সময়তে ৰুছ প্রশাসনে আন্তর্জাতিক আণৱিক শক্তি সংস্থা (আই এ ই এ) জনাইছে যে ইউক্রেইনৰ বৃহত্তম পৰমাণু কেন্দ্র এতিয়া ৰুছ সেনাৰ দখলত৷ ইউক্রেইনৰ জাপৰজাই পৰমাণু কেন্দ্রৰ লগতে ইয়াৰ সমীপৱর্তী সমস্ত এলেকা দখল কৰিছে ৰুছ বাহিনীয়ে৷ লক্ষণীয়ভাৱে জাপৰজাই পৰমাণু কেন্দ্র হৈছে ইউক্রেইনৰ আটাইতকৈ বৃহত্তম পৰমাণু কেন্দ্র৷ আঠ দিন ধৰি চলি আছে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত ভয়াৱহ যুদ্ধ৷ ৰাজধানী কিয়েভ, খাৰকিভসহ বিভিন্ন চহৰত ৰুছ সেনাই তীব্র গোলাবর্ষণ চলাই আছে৷
ইফালে, ৰুছ বাহিনীৰ বিৰুদ্ধে প্রবল প্রতিৰোধ গঢ়ি তুলিছে ইউক্রেইনী সেনাই৷ ইয়াৰ মাজতে ইউক্রেইনৰ কেইবাখনো সৰু সৰু চহৰ দখল কৰিছে ৰুছ বাহিনীয়ে৷ আনকি চেৰনোবিল আণৱিক কেন্দ্রও এতিয়া ৰুছ সেনাৰ নিয়ন্ত্রণত৷ অকল সেয়াই নহয়, তৃতীয় বিশ্বযুদ্ধৰ আশংকা প্রবল কৰি ৰুছ বিদেশ মন্ত্রী চেৰগেই লেবৰ’গে কালি উল্লেখ কৰিছে যে এইবাৰ যুদ্ধ হ’লে পৰমাণু যুদ্ধ হ’ব৷ এই যুদ্ধৰ পৰিণতি অধিক ভয়াৱহ হ’ব বুলিও বিদেশ মন্ত্রীগৰাকীয়ে কালি সতর্কবাণী কৰিছিল৷ ইয়াৰ মাজতে আই এ ই এৰ সঞ্চালকপ্রধান ৰাফায়েল মাৰিয়ান গ্র’চিয়ে উল্লেখ কৰিছে যে ইউক্রেইনৰ বৃহত্তম পৰমাণু কেন্দ্রটো ৰাছিয়াই দখল কৰিছে৷
আনকি ৰাছিয়াৰ তৰফৰ পৰা এক মার্চত আইএইএক এক পত্রযোগে এই কথা জনোৱা হৈছে৷ ভিয়েনাস্থিত আণৱিক সংস্থাটোৰ সদৰ দপ্তৰত নিযুক্ত ৰুছ কূটনীতিকে উল্লেখ কৰা অনুসৰি ইউক্রেইনৰ পৰমাণু কেন্দ্রৰ নিৰাপত্তা নিশ্চিত কৰা হৈছে৷ আনকি বিকিৰণৰ মাত্রাও এতিয়া নিয়ন্ত্রণলৈ আহিছে৷ কোনোধৰণৰ যাতে তেজস্ক্রিয়তাৰ সৃষ্টি হ’ব নোৱাৰে এইক্ষেত্রত নজৰ ৰখা বুলিও উল্লেখ কৰিছে ৰাছিয়াই৷